বাঁহীৰ সুৰত সন্ধ্যা নামি আহে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

বাঁহীৰ সুৰত সন্ধ্যা নামি আহে

 

বাঁহীৰ সুৰত সন্ধ্যা নামি আহে


                                                     মনোৰঞ্জন পেগু

                                                     লটাক, গোগামুখ 


জৰাজীৰ্ণ ঘৰখনৰ ৰং সলনি কৰিছোঁ।

উয়ে খোৱা বেৰকিখন কেঁচা টমালেৰে বান্ধি ৰাখিছোঁ।

এইয়াও চিগো চিগো।

কষ্ট বোৰ অলপ ৰঙা কৰাৰ মন।

ৰ'দৰ তাপত হেতাপৰা মুখ

আধুনিকতাৰ আৱৰনেৰে ঢাকিব বিচাৰিছোঁ।

দুখত ব্যস্ত হোৱাৰ আনন্দ। 

পথাৰৰ সিপাৰে মেঘাবৃত্ত ধোৱা, 

গোন্ধবোৰ চিনাকী পৰিশ্ৰমৰ গোন্ধ।

বস্তুবাদী জীৱনৰ কৃত্ৰিম দুৰ্গন্ধৰ পৃথক।

মন পৰশা বতৰ 

কৃষকৰ আশাৰ পৰশ

নিস্তব্ধ নিশাৰ আস্বাদন।

বাহিৰত ধাৰাষাৰ বৃষ্টিভৰা সোণৰ চপৰা।

জীপাল পৰা ৰঙচুৱা পথাৰ 

শামুক কেকুৰাৰ নৃত্য 

কেঁচু কুমটিৰ উৎকট।

মনৰ নদীত শীলৰ চপৰা খহে।

সেউজীয়া বোৰ, আলিংগনত

আকাশ বগাব খোজা লতা।

দূৰণিত কুমল স্বৰৰ সমুদ্ৰ ঢৌতুলা ঝংকাৰ।

পুঁৱতি নিশা নে দুপৰ নিশা নে অমানিশা।

বাঁহীৰ সুৰত সন্ধ্যা নামি আহে।

মুখৰিত পলাশ শিমলু 

চৰ-চাপৰিত চৰাইৰ হ্নদয় স্পৰ্শি সুৰীয়া সুৰ।

বুকুৰ আকাশখন নৈৰ আবেলিৰে আৱৰিছে।

শিমলু ফুলৰ টিক টিকিয়া

ৰঙত ফাকুলগা ৰমন্যাসিক ফাগুন,

নিৰৱ ফাগুনৰ শুকান বতাহে মুকলি 

পথাৰত কপাই তুলিছে কনেঙৰ এগে-গাচৰৰ আঁচল।

বৈকুণ্ঠৰ পৰা নমাই অনা অমৃতৰ ৰস আপঙৰ বাতিত সম্প্ৰীতিৰ পৰম্পৰা।

ওঁঠৰ পৰশে হাতৰ স্পৰ্শত

দীঘলীয়াকৈ ৰিঙিয়াই ঐ নিতমৰ মতলীয়া সুৰৰ ছন্দ।

নৈৰ ইপাৰে সিপাৰে বুকুত স্পন্দন।

নাহৰৰ কুঁহিপাতৰ আৰে আৰে

প্ৰবাহিত  গুমৰাগ।

মাকচংৰ লহৰত শস্য সমৃদ্ধী

এইয়াই আলিঃ আয়েঃ লৃগাঙৰ বতৰ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages