আলি আয়েঃ লৃগাংঃ এক সমকালীন পৰিস্থিতিৰ অধ্যয়ন
(মিচিং জনগোষ্ঠীৰ বসন্তোৎসৱৰ ঐতিহাসিক ধাৰা, সাংস্কৃতিক অৰ্থ আৰু সমকালীন ৰূপান্তৰৰ ৰূপৰেখা)
হৰিচৰণ পেগু
মানৱ সভ্যতাৰ ইতিহাসত উৎসৱসমূহ কেৱল আনন্দ-বিলাস বা আমোদ-প্ৰমোদৰ উদযাপনৰ বিষয় নহয়; ই এটা জাতিৰ ইতিহাস, কৃষি-জীৱন, ধৰ্মবিশ্বাস, সামাজিক আচাৰ-ব্যৱস্থা আৰু সমষ্টিগত চিন্তাধাৰাৰ প্ৰতিফলন। উৎসৱে সমাজৰ সমষ্টিগত চেতনা, ঐতিহাসিক স্মৃতি আৰু সাংস্কৃতিক ঐক্যতাৰ ৰূপত ব্যক্তিক সমষ্টিৰ সৈতে সংযোগ কৰি সামাজিক বন্ধনক সুদৃঢ় আৰু সজীৱ কৰি তোলে। অসমৰ মিচিং জনগোষ্ঠীৰ ক্ষেত্ৰত তেনে এক গভীৰ অৰ্থবহ জাতীয় উৎসৱ হ’ল আলি আয়েঃ লৃগাং। জাতীয় উৎসৱ হৈছে এখন জাতিৰ সামূহিক আত্মচেতনা আৰু পাৰম্পৰিক জাতীয় মূল্যবোধৰ প্রতীকী প্ৰকাশ। ই নাগৰিকসকলক একে পৰিচয়, একে দায়িত্ব আৰু একে আদৰ্শৰ সূতাৰে একত্ৰিত কৰি ৰাখে। জাতীয় উৎসৱে জাতীয় ঐক্য সুদৃঢ় কৰি ভৱিষ্যৎ প্ৰজন্মলৈ চেতনাৰ উত্তৰাধিকাৰ বহন কৰে।
খ্যাতনামা মিচিং চিন্তাবিদ তথা সাহিত্যিক তৰুণচন্দ্ৰ পামেগামে আলি আয়েঃ লৃগাংক “বসন্তোৎসৱ” বুলি উল্লেখ কৰিছে যিয়ে এই উৎসৱৰ প্ৰাকৃতিক, কৃষিভিত্তিক আৰু দাৰ্শনিক তাৎপৰ্যক স্পষ্টভাৱে প্ৰকাশ কৰে।
এই লেখাটোত আমি আলি আয়েঃ লৃগাঙৰ উৎপত্তি, পুৰণি সামাজিক-সাংস্কৃতিক ৰূপ, আচাৰ-আচৰণ, ধৰ্মীয় ভিত্তি আৰু আধুনিক সময়ত হোৱা পৰিবৰ্তন আদি দিশসমূহক এক বৌদ্ধিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা হ’ব।
“আলি আয়েঃ লৃগাং” শব্দৰ অৰ্থ আৰু তাৎপৰ্যলৈ চালে আমি দেখা পাওঁ যে ‘আলি’ মানে বীজ বা ৰোপণ কৰিব পৰা শস্য, ‘আয়ে’ মানে ফল-মূল বা মাটিৰ ওপৰত সৃষ্ট ফলাধাৰ আৰু ‘লৃগাং’ এ ৰূপন আৰম্ভ কৰা বুজায়।
আলি, আয়ে আৰু লৃগাং এই তিনিটা শব্দৰ সমষ্টিয়ে আলি আয়েঃ লৃগাং অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে শস্য ৰূপনৰ শুভাৰম্ভণি উৎসৱ।
ইয়াতেই স্পষ্ট হয় যে আলি আয়েঃ লৃগাং মূলতঃ কৃষিভিত্তিক সভ্যতাৰ উৎসৱ, য’ত প্ৰকৃতি, মানুহ আৰু পৰম শক্তিৰ মাজত এক সুষম সম্পৰ্ক প্ৰতিষ্ঠা কৰা হয়।
আলি আয়েঃ লৃগাঙৰ উৎপত্তিঃ ঐতিহাসিক আৰু ধৰ্মীয় প্ৰেক্ষাপট
মিচিং জনগোষ্ঠীৰ প্ৰাৰম্ভিক জীৱন আছিল সম্পূৰ্ণৰূপে প্ৰকৃতি-নির্ভৰ। অৱশ্যেক প্ৰাৰম্ভিক বুলিয়েই নহয় আজিও মিচিং সকলে নদী, অৰণ্য, বৰষুণ, সূৰ্য, বতাহ — এই সকলোকে তেওঁলোকে জীৱনৰ সহযাত্রী হিচাপে গণ্য কৰি জীৱন দিশ নিৰ্ণয় কৰি আহিছে। এতিয়া যদিও আধুনিকতাৰ গ্ৰাসত প্ৰকৃতি নিৰ্ভৰতা কিছু পৰিমানে হ্ৰাস পাইছে কিন্তু আজিও মিচিং সকল সেই একেই নৈপৰীয়া প্ৰকৃতি নিৰ্ভৰ কৃষিজীৱী সমাজেই ।
যিকি নহওক, আলি আঃয়ে লৃগাঙৰ উৎপত্তি কেতিয়া হৈছিল বুলিলে আমি ক’ব লাগিব যে যেতিয়াই তানি (মানৱ) সমাজে কৃষি কৰ্মৰ যোগেদি জীৱন যাপন আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই এই লৃগাং উৎসৱটিৰ আৰম্ভণি হৈছিল ।
মিচিং ধৰ্মীয় বিশ্বাস অনুসাৰে, দঃনি-পঃল (সূৰ্য আৰু চন্দ্ৰ) হৈছে সৃষ্টিৰ মূল চালিকা শক্তি। নতুন বছৰত বীজ ৰূপনৰ পূৰ্বে এই শক্তিসমূহক সন্তুষ্ট কৰা অতি প্ৰয়োজনীয় বুলি ধৰা হৈছিল। সেয়ে আলি আঃয়ে লৃগাং আছিল এক প্ৰকাৰৰ ধৰ্মীয় অনুষ্ঠান, যাৰ দ্বাৰা ভাল উৎপাদন, প্ৰাকৃতিক সমন্বয় আৰু সামাজিক কল্যাণ কামনা কৰা হৈছিল।
তানি গোষ্ঠীৰ উপৰিপুৰুষ আবুতানিয়ে আবুতানিয়ে সূর্য দেৱতাৰ জীয়েক কার্মী (কোনো কোনোৰ মতে যাচিঃ)ক বিয়া কৰাইছিল। তেওঁলোকৰ মিলনৰ ফলত বহুতো সন্তান-সন্ততিৰ জন্ম হৈ পৃথিৱী মানুহেৰে ভৰি পৰে। ফলত ইয়াত জীয়াই থাকিবলৈ খাদ্যৰ নাটনি হোৱাত পিতামহ আবুতানী বৰ চিন্তিত হৈ পৰে। আবুতানীয়ে তেওঁৰ বংশধৰ মানৱসকলক পৃথিৱীত কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰ উপায় বিচাৰি এদিন এটা কুকুৰ লগত লৈ পঞ্চতললৈ যাত্ৰা কৰে।
পঞ্চতল হ’ল শস্যান্ন আৰু প্ৰাণৰ গৰাকী কঃজুম-কাজী (লক্ষ্মী-নাৰায়ণ) ৰ নিবাস স্থান। এদিন তালৈ বুলি আবুতানীয়ে যাত্ৰা আৰম্ভ কৰি এটা সময়ত পৃথিৱীৰ মধ্যস্থল পায়গৈ। তাত কাজী পাঃতাং বুলি এখন বিশাল হ্রদ আছিল। সেই হ্ৰদৰ অন্তর্ভাগতে আছিল কঃজুম-কাজীৰ দেশ কঃজে-গৃঃতুং। তালৈ সোমোৱাৰ একমাত্র প্রবেশদ্বাৰ আছিল কঃজে- পাঃতাং হ্রদখন। কিন্তু কঃজে পাঃতাঙত কেনেকৈ প্ৰৱেশ কৰে, সেই কথ ভাবি ভাবি তেওঁ উপায়ন্তৰ হৈ এটা সময়ত হ্ৰদৰ কিনাৰতে দুখে-ভাগৰে বহি পৰে।
ঠিক সেই সময়তে নাতি দূৰত্বত দঃয়ৃ আনে (জ্ঞানৰ মাতৃ বা বাগদেবী) প্রকট হ'ল। আবুতানীয়ে হঠাতে দঃয়ুং আনেক হ্ৰদৰ পাৰত দেখা পাই তেখেতৰ ওচৰলৈ গৈ প্রণাম জনালে আৰু ভক্তিভৰা প্ৰাৰ্থনাৰে শ্রদ্ধা নিবেদন কৰিলে। আবুতানীৰ প্ৰাৰ্থনাত দেৱী তুষ্ট হৈ তেওঁক কি সহায় লাগে সুধিলে ।
আবুতানিয়ে পৃথিৱীত খাদ্য সংকটৰ ফলত মানব জাতি বিনাশৰ উপক্রম হৈছে বুলি কয় আৰু সেই ভয়াবহ সংকটৰ পৰা মুক্তি পাবৰ বাবে উপায় বিচাৰি খাদ্য-শস্য আৰু প্ৰাণৰ গৰাকী কঃজুম-কঃজেৰ ওচৰলৈ যোৱাৰ পথৰ সন্ধান বিচাৰে। দয়েং আঃনেই আবুতানীৰ হাতত বাংগীন অর্থাৎ এডাল দীঘল দণ্ড তুলি দি তাক লৈ কাজী পাঃতাঙত বুৰ মাৰিবলৈ পৰামৰ্শ দিয়ে।
আৰু আবুতানীয়েও সেই একেই পন্থা অনুসৰণ কৰি কঃজে-য়াংগত উপস্থিত হয়। তাতেই আবুতানীয়ে কঃজুম-কঃজেৰ ওচৰত ভক্তিপূর্ণ আক শ্রদ্ধাভৰা প্রার্থনাৰে পৃথিৱীলোকত খাদ্য সংকটৰ কথা উল্লেখ কৰে। আবুতানীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কাজুম-কঃজেই তেওঁক শস্যৰ বীজ প্রদান কৰি খেতি কেনেকৈ কৰিব লাগে তাৰ দিহা দিয়ে। বছৰি খেতি আৰম্ভ কৰাৰ সময়ত আলিঃ আঃয়ী লৃগাং পাতি পূজা কৰিবলৈও পৰামৰ্শ দিয়ে। গতিকে তেনেকৈয়ে পৃথিৱীত শস্যৰ বীজ সিঁচিবলৈ বা ৰুবলৈ আৰম্ভ কৰা উৎসৱ আলি আই লৃগাঙৰ সৃষ্টি হয় ।
আগৰ দিনত আলি আয়েঃ লৃগাং উদ্যাপন আছিল অতি সংযত, গভীৰ আৰু গাঁৱকেন্দ্ৰিক। সবাতোকৈ ডাঙৰ দিশটো আছিল পৰম্পৰাগত ধৰ্মীয় আচৰণ বিধি।
ঘৰৰ ভিতৰত আগতে পুৰণি অশুভতা পৰিষ্কাৰ কৰা হৈছিল
আগুন, চাউল, আপং আৰু কুকুৰা বা গাহৰি উৎসৰ্গা কৰা হৈছিল। বীজ ৰূপনৰ আগতে প্ৰাৰ্থনা আৰু আশীৰ্বাদ লোৱা হৈছিল মিচিং সমাজত মিবু আছিল ধৰ্মীয় জ্ঞানৰ আধাৰ। তেওঁলোকে মিবু আঃৱাং পাঠ কৰি দঃঞি-পঃল উয়ি (পৃথিৱী) আৰু প্ৰাকৃতিক শক্তিসমূহক আহ্বান জনাইছিল। মিবুৱে দেখুৱাই যোৱা পথেৰেই আমিবোৰে ইহকাল-পৰকালৰ চিন্তা কৰি জীৱনক যাপন কৰোঁ। উৎসৱৰ দিনকেইটাত সেয়েহে কাজিয়া-পেচাল, বাদ-বিবাদ জাতীয় অশুয়া-অশান্তিবোৰ নিষিদ্ধ বুলি ধৰা হয়। অসংযমী আচৰণ নিন্দনীয়, বৰ্জিত। পৰস্পৰৰ প্ৰতি সহানুভূতি আৰু সহভাগিতা সদায়েই কামনা কৰা হয়। জেষ্ঠজনৰ সন্মান আৰু কনিষ্ঠজনলৈ প্ৰীতি মৰম আদিবোৰ সাধাৰণতেই পালিত হয়। আত্মীয়-স্বজনৰ বাৰ্তা বিনিময় তথা পাৰম্পৰিক আচৰণ বিধিক মানৱীয় দৃষ্টিভংগীৰে লোৱা আদিবোৰে প্ৰাথমিক।
ইয়াৰ পৰা স্পষ্ট হয় যে আলি আয়েঃ লৃগাং কেৱল উৎসৱ নহয়; ই আছিল নৈতিক শুদ্ধতাৰ এক সামাজিক সংহিতা। নৃত্য, সংগীত আৰু লোকসংস্কৃতিৰ বাহক ।
আলি আয়েঃ লৃগাঙৰ অতিকৈ গুৰুত্বপূৰ্ণ দিশবোৰৰ ভিতৰত প্ৰথমটো হ’ল গুমৰাগ নৃত্য। গুমৰাগ নৃত্য আছিল সমষ্টিগত প্ৰাৰ্থনা গীতিৰ দৰে । নৃত্যৰ তালে তালে প্ৰকৃতিৰ গতি অনুকৰণ কৰা হৈছিল । ঢোল, পেপা, তালৰ ব্যৱহাৰ আছিল সীমিত কিন্তু অৰ্থবহ । নাৰীসকলৰ পোছাক, বিশেষকৈ এগে-গাচৰ, ৰিঃবি গাচেং, গাপা-গাৰে আৰু পুৰুষসকলৰ পৰম্পৰাগত সাজ-পোছাক মিবু গালুক, মিচিং গালোক, গনৰ্ উগন, এৰকক আদি সকলোয়ে উৎসৱক এক স্বকীয় সাংস্কৃতিক পৰিচয় ডাঙি ধৰে।
এতিয়াৰ আলি আয়ে লৃগাঙত ৰূপান্তৰ আৰু নতুন বাস্তৱতাৰ কেতবোৰ দিশ পৰিলক্ষিত হয়। সময়ৰ সোঁতত আলি আয়েঃ লৃগাঙো পৰিবৰ্তিত হৈছে। এতিয়া বহু অঞ্চলত প্ৰাকৃতিক গছ তল পথাৰ আদিৰ বিপৰীতে মঞ্চকেন্দ্ৰিক উদ্যাপন আৰম্ভ হৈছে ।
বৃহৎ মঞ্চ, মাইক, আলোকসজ্জা, প্ৰতিযোগিতামূলক নৃত্য-গীত, অতিথি, ভাষণ আৰু সাংগঠনিক কাঠামো আদিৰ আলি আই লৃগাং এক পৰিৱেশ্য কলাত ৰূপান্তৰিত হৈছে। লোকে লোকাৰণ্য হৈ পৰিছে উদযাপন স্থলীবোৰত ।
কেতিয়াবা প্ৰশ্ন উত্থাপিত হয় এয়া সংস্কৃতি সংৰক্ষণ নে প্ৰদৰ্শন? সঁচাকৈ প্ৰশ্ন অহাটো স্বাভাৱিক যে আমি আলি আয়েঃ লৃগাং উদ্যাপন কৰিছোঁ নে কেৱল প্ৰদৰ্শন কৰিছোঁ?
এই প্ৰশ্নটো বৌদ্ধিকভাৱে গুৰুত্বপূৰ্ণ, কিয়নো উৎসৱৰ আচল দাৰ্শনিক আৰু ধৰ্মীয় অৰ্থ বহু ক্ষেত্ৰত উৎসৱৰ ধামখুমীয়াত ম্লান হৈ পৰিছে। তেন্তে এনে থাম-জাম, মাংসৰ অবাধ প্ৰচলন আদিবোৰ আচাৰ-আচৰণৰ অবক্ষয় নে অভিযোজন? কিছুমানে কয় আজিকালি লৃগাঙত ধৰ্মীয় আচৰ-আচৰণ হ্ৰাস পাইছে বিপৰীতে আপং আৰু গাহৰি মাংসৰ আৱতৰীয়া ভোজত উৎসৱৰ সামাজিক শালীনতা সংকটত পৰিছে। যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক জ্ঞান কমি আহিছে আৰু ফলশ্ৰুতিত পৰিশীল জাতীয়তাবোধৰ অৱক্ষয় ঘটিছে। আৰু গঢ় লৈ উঠিছে এক বিজতৰীয়া ৰঙীন সংস্কৃতি।
আনহাতে কিছুমানে কয় যে সংস্কৃতি এক বোৱতী সুতি। সময়ৰ লগে লগে পৰিবৰ্তনবোৰ স্বাভাৱিক। লৃগাঙৰ নতুন ৰূপে জাতিক বিশ্বমুখী কৰিছে আৰু সাংস্কৃতিক আত্মবিশ্বাস বৃদ্ধি পাইছে। পৰিবেশ্য কলা হিচাপে লৃগাঙক পৰিকল্পিত সৌন্দৰ্য প্ৰদান কৰাটো আৱশ্যক। এই দ্বন্দ্বই আলি আয়েঃ লৃগাংক এক সমকালীন বৌদ্ধিক বিতৰ্কৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
আলি আয়েঃ লৃগাঙক বসন্তোৎসৱ হিচাপে দাৰ্শনিক মূল্য প্ৰদান কৰিছিল তৰুণচন্দ্ৰ পামেগামে। কিন্তু ইয়াক বসন্তোৎসৱ বুলি কৈ কেৱল ঋতুভিত্তিক উৎসৱৰ মাজত সীমাবদ্ধ কৰি ৰখা মুঠেই উচিত নহয়।
আমি বুজি পাওঁ বসন্ত মানেই নতুনত্ব, বসন্ত মানেই পুনৰ্জন্ম, বসন্ত মানে আশাৰ আৰম্ভণি। তথাপি লৃগাং বসন্তৰ মাজতেই সীমাবদ্ধ কেতিয়াও হব নালাগে। আলি আয়েঃ লৃগাং হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত পুনৰ একতা স্থাপনৰ উৎসৱ।
আলি আয়েঃ লৃগাং তেতিয়াও আছিল জীৱনমুখী উৎসৱ, আজিও তেনেকুৱাই। পাৰ্থক্য মাথোঁ ৰূপত, গভীৰতাত আৰু দৃষ্টিভংগীত। যদি আমি এই উৎসৱক কেৱল আনন্দৰ অনুষ্ঠান হিচাপে সীমাবদ্ধ ৰাখোঁ, তেন্তে ই নিজৰ মূল আত্মা হেৰুৱাব। কিন্তু যদি আমি ইয়াক কৃষি-চিন্তা, প্ৰকৃতি-দৰ্শন আৰু সামাজিক নৈতিকতা, সাংস্কৃতিক আত্মচিন্তাৰ আধাৰ
হিচাপে ধৰি ৰাখোঁ, তেন্তে আলি আয়েঃ লৃগাং সদায়েই মিচিং জাতিৰ বৌদ্ধিক আৰু আত্মিক পৰিচয় হৈ থাকিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment