একে আছেনে গাঁওখন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

একে আছেনে গাঁওখন

 


একে আছেনে গাঁওখন


                                     ৰয়েল পেগু


একে আছেনে আপোন গাঁওখন

চিনাকি মানুহবোৰ একে আছেনে

সমনীয়াবোৰ একে আছেনে

আছেনে, গাঁৱৰ মানুহৰ মুখৰ সেই তাহানিৰ হাঁহিবোৰ

পদুলীমুখৰ তিনিআলিটো একে আছেনে

য’ত আমি একেলগে খেলিছিলো

প্ৰাণভৰি হাঁহিৰে জীৱনক উদযাপন কৰিছিলো।


আহাৰত জীপাল পথাৰখন

আজিও সেউজীয়া ধাননিৰে শ‍স‍্য-শ‍্যামলা হয়নে 

এতিয়াও আহাৰে আনেনে 

কৃষকৰ হৃদয়ত প্ৰাণৱন্ত হাঁহি

নাঙলৰ সীৰলুত চেং, গৰৈ মাছৰ 

লুকাভাকু দেখা পোৱা যায়নে


চিনাকি বুংকু নদীত আজিৰ ল’ৰাবোৰ গা ধোৱেনে

জেঠ মহীয়া বুংকু নদীৰ পাৰৰ

পানীৰে উপচা ভোগদৈ পথাৰত 

মাছৰ উজান উঠেনে


আঘোণত সোণালী ধাননি পথাৰত

কাংকানৰ ওঠত অই-নি:তমে প্ৰাণপায় উঠেনে


ঘৰৰ চোতালৰ তাঁতশালত 

কাংকানৰ হাতৰ পৰশ পাই উঠা মাকুৰ মাতত 

প্ৰাণ পাই উঠেনে চহা জীৱনৰ সংগীত


সন্ধিয়া বেলা জাক জাক গৰু-ম’হৰ গাঁওমুখী যাত্ৰা

চোতালত কুকুৰা-হাঁহ, গাহৰিৰ মাতত 

ৰজনজনা পৰিৱেশ আজিও আছেনে আপোন গাঁৱত

দিনটোৰ বিদায় বেলাত অবুধ শিশুৰ কান্দোন

জীৱন নাটৰ ভাৱৰীয়া আইৰ

জীৱনৰ ছন্দ একে আছেনে


শৰতৰ আগমনৰ বতৰা লৈ 

নৈ পাৰত আজিও শুভ্ৰ কঁহুৱা ফুলবোৰ ফুলেনে

কাংকান সিহঁতৰ ঘৰৰ চোতালত

শৰতৰ জোনাক নিশা 

শেৱালী ফুলৰ গোন্ধই আমোল-মোলাইনে


গাঁৱৰ সমীপৰ ডাঙৰ শিমলু গছত

উলোটাকৈ ওলমি থকা বাদুলীবোৰ আজিও আছেনে

ব’হাগৰ বতৰালৈ এজাৰ গছত 

আজিও কপৌফুলবোৰ ফুলেনে

গছৰ ডালৰ পাতৰ আঁৰত বহি

ব’হাগৰ আগমনৰ বতৰা লৈ 

আজিও কুলিয়ে গীত জোৰেনে


নাই, সলনি হৈছে নেকি চিনাকি গাঁৱৰ ছবিবোৰ 

মানুহৰ মুখত হাঁহি নোহোৱা হৈছে নেকি 


গোমা পৰিৱেশ এটাই এতিয়া 

চিনাকি গাঁৱক আৱৰি অচিনাকি কৰিছে


অহৰহ দহিছে কৃষকৰ হৃদয়ত

গাঁৱৰ পৰিৱেশ সলনি হৈছে

মানুহবোৰৰ মনবোৰ নগৰ-চহৰমুখী হৈছে

বাঢ়িছে আধুনিক জীৱনৰ যান্ত্ৰিকতাৰ মাদকতা 

যাৰ ফলত মানুহৰ মুখত হাঁহি নোহোৱা হৈছে


সেয়ে এতিয়া কাংকানেও

বেজাৰ মুখে থাকে। 


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages