আলি-আঃয়ে-লৃগাংঃ সেউজীয়া সপোনৰ উৎসৱ
পুষ্পা চাওতাঁল
বোকাখাত
ঋতুচক্ৰৰ নিৰৱ ভাষাত যেতিয়া শীতৰ কঠোৰতা লাহে লাহে সৰে আৰু ফাগুনে পৃথিৱীৰ বুকুত কোমল উষ্ণতা ঢালি দিয়ে, তেতিয়াই মিচিং সমাজ জীৱনত আৰম্ভ হয় এক নৱ যাত্ৰা। এই যাত্ৰা কেৱল ঋতুৰ পৰিবৰ্তন নহয়, ই শ্ৰম, বিশ্বাস আৰু আশাৰে গঢ়া এক সামাজিক সংকল্প। মাটিৰ লগত মানুহৰ সম্পৰ্ক পুনৰ দৃঢ় কৰাৰ এই সময়তেই মিচিং সমাজে আদৰি লয় তেওঁলোকৰ বাপতিসাহোন কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাং। শস্য সিঁচাৰ এই পৱিত্ৰ মুহূৰ্তত মিচিং মানুহে কেৱল বীজ নহয়, তেওঁলোকে সিঁচে ভৱিষ্যৎ, জীৱন আৰু সেউজীয়া সপোন।
অসমীয়া ভোগালী বিহুৰ উন্মাদনা শেষ হোৱাৰ পিছতেই মিচিংসকলৰ এই অন্য এক আনন্দ উচ্ছ্বাসত উখল-মাখল, উগুল-থুগুল মন। মিচিং কনেংসকল ব্যস্ত হয় তাঁতৰ পাতত। খেতেং তেং, খেতেং তেং মাকোৰ শব্দ। শিমলু, মদাৰ, পলাশ আদি বিবিধ ফুলৰ ৰং প্ৰতিফলিত হয় মিচিং কনেংহঁতৰ কাপোৰৰ ফুলত। আপোনজনক লৃগাঙত মৰমৰ উপহাৰ দিবলৈ গাচেং, মিবু গলুক, উগন গেৰ আৰু দু-মেৰ বোৱাত ব্যস্ত হয়।
ডেকা-বুঢ়া, আদহীয়াসকলেও ব্যস্ত হয় খেতি মাটিডৰা শস্যৰ কাৰণে সাজু কৰি ৰখাত। কাৰণ ফাগুন মাহৰ প্ৰথম বুধবাৰটোতেই শস্য সিঁচিব লাগিব খেতিৰ মাটিডৰাত। বুধবাৰটো মিচিং সকলৰ মাঙ্গলিক দিন বুলি বিশ্বাস কৰে। সেয়েহে সেই দিনটোতেই ফাগুনৰ ধুলিয়ৰি বুকুত মৰুভূমি সদৃশ শুকান ধৰাত সেউজীয়া বীজ, সেউজীয়া পাত, অংকুৰিত কৰাৰ অংগীকাৰেৰে আগমন হয় মিচিংসকলৰ সংস্কৃতিৰ প্ৰতীক বাপতিসাহোন কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাং।
আলি-আঃয়ে-লৃগাং এই তিনিটা শব্দৰ অৰ্থ হৈছে 'আলি' মানে তলত হোৱা আলু বা ফলমূল, 'আঃয়ে' মানে গছৰ গুটি বা ফল আৰু 'লৃগাং' মানে হৈছে সিঁচিবলৈ আৰম্ভ কৰা, অৰ্থাৎ এই তিনিটা শব্দৰ একত্ৰিত অৰ্থ হৈছে শস্য সিঁচাৰ প্ৰথম দিন। লৃগাঙত জড়িত আছে মিচিং জাতিৰ কৰ্ম সংস্কৃতি, আৰ্থ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশ। লৃগাঙৰ দিনাৰ পৰাই মিচিংসকলে নতুনকৈ আৰম্ভ কৰে জীৱন, জীৱিকাৰ সংগ্ৰাম, দেখে ৰঙা, নীলা সেউজীয়া অজস্ৰ সপোন, উদুলি মুদুলি মনলৈ নামি আহে প্ৰতিশ্ৰুতি আৰু আখৰ বৰষুণ। মৰুময় শুকান পৃথিৱীক সেউজীয়া আবৰণে লাহে লাহে জীপাল কৰি অনাৰ দৰে লৃগাঙে মিচিং সমাজক আনি দিয়ে নতুন আশা আৰু প্ৰত্যাশা। ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা সকলোৱে হাতত কোৰ, দা, নাঙল লৈ যাত্ৰা কৰে সেউজময় ধৰাৰ সন্ধানত। প্ৰকৃতিৰ নিয়ন্ত্ৰণ কৰ্তা কাচিং-কাতাং, ৰুকিজ-মেঃ ৰাং, ছেঃ দি-মেল, দঃ ঞি-পঃ ল আদি আৰাধ্য দেৱতাসকলক পূজা-অৰ্চনা কৰি আৰম্ভ কৰে কৃষি কাৰ্য। এইদৰে অতীতৰ পৰাই মিচিংসকলে কৃষিৰ লগত জড়িত হৈ আহিছে। কৃষিয়েই তেওঁলোকৰ জীৱন-জীৱিকা আৰু জীয়াই থকাৰ সম্বল। কৃষিকৰ্মৰ দ্বাৰাই তেওঁলোকে উপভোগ কৰে জীৱনৰ মাদকতা আৰু সৌন্দৰ্য। এই মাদকতা সৌন্দৰ্যক নিকপকপীয়া কৰি তোলে লৃগাঙে।
আলি-আয়ে-লৃগাং মিচিং সংস্কৃতিৰ প্ৰতীক এই কাৰণেই যে লৃগাঙৰ গীত, নৃত্য আচাৰ অনুষ্ঠানে মিচিং মানুহৰ জীৱন যাত্ৰা আৰু জীৱন দৰ্শন স্বৰূপাৰ্থত বহন কৰি আহিছে। মিচিং ঐনিতমসমূহত প্ৰকৃতিৰ ছবি, মিচিংসকলৰ জীৱন কল্পনা, উপলব্ধি আৰু হৃদয়ৰ বতৰা তথা মিচিং জাতিটোৰ সমগ্ৰ সংস্কৃতি ৰং আৰু সুৰভিৰে সঞ্চিত হৈ আছে। লৃগাং নৃত্যৰ ছেৱত আদিম বিশ্বাসৰ ৰূপ আৰু জীৱনছন্দ ৰূপায়িত। কৃষিক কেন্দ্ৰ কৰি মিচিং জাতীয় কৃষ্টিৰে যি স্বকীয় ৰূপ যুগে যুগে তাৰ মনোৰম ইতিহাস বৰলুইতৰ দুয়ো পাৰত আজিও বিৰাজমান।
আলি-আঃয়ে-লৃগাং পালন কৰিবৰ বাবে ১৫/২০ দিনৰ পৰা ঘৰৰ গৃহিণীহঁতে পঃ ৰ আপং(ছাইমদ) আৰু নগিন আপং(বগা মদ) আৰু লৃগাঙত খোৱা পুৰাং আপিন(তৰা পাতেৰে বৰা চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীসমূহ যোগাৰ কৰে। আপং আচলতে মিচিংসকলৰ দৈনন্দিন ব্যৱহাৰৰ এবিধ পানীয়া খাদ্য বুলি কব পাৰি। আপং (ছাইমদ) আৰু নগিন আপং এই দুইবিধ আপং চাউলেৰে বনুৱা হয়। নগিন আপঙক কোনো কোনো লোকে লাওপানী বুলিও কয়। আপং বনাবৰ বাবে চাউলৰ লগতে বিভিন্ন বন যেনে - মানিমুনি, জালুকবন, বিহলঙনী, কঁঠালৰ পাত আৰু মধুৰি আমৰ কুঁহিপাত উৰালত খুন্দি চাউলৰ পিঠাগুড়ি লগত মিহলাই লয়। সেই পিঠাগুড়ি পকা মিঠৈৰ দৰে বনাই তিনি-চাৰি দিন ৰ'দত শুকুৱাই লয়, ইয়াকে আপঙৰ দৰৱ(অপব) বুলি কোৱা হয়। এই অপব মিচিং তিৰোতাসকলে নিজে তৈয়াৰ কৰে।
কেৱল আলি-আঃয়ে-লৃগাং বুলি নহয়, মিচিং সমাজত প্ৰচলিত সকলো উৎসৱ, পূজা-পাতল, কাম-সকামত আপং ব্যৱহাৰ কৰাটো এটা সামাজিক নিয়ম। মিচিং সমাজত আপং মান্য অর্থতো ব্যৱহাৰ কৰা দেখা যায়। আপঙৰ লগত মিচিংসকলৰ স্বাভিমান জড়িত আছে। ডাঙৰক এবাটি আপঙেৰে শুশ্ৰূষা কৰিব পৰাটো মিচিংসকলে সন্মান আৰু গৌৰৱৰ কথা বুলি গণ্য কৰে। উৎসৱ আদিত ডাঙৰক আপঙৰ ৰস দি সেৱা কৰা নিয়মো কোনো কোনো মিচিং গাঁৱত দেখা যায়। যিদৰে অসমীয়া সমাজ জীৱনত তামোল-পাণৰ যি মান, ঠিক সেইদৰে মিচিং সমাজ জীৱনত আপঙৰ সেই একে মান ৰক্ষা কৰি চলে। বৰ্তমান অৱশ্যে আপঙৰ ব্যৱহাৰ কিছু কমি আহে যেন পৰিলক্ষিত হৈছে।
আপংৰ লগতে প্ৰতি মিচিং পৰিয়ালৰ তিৰোতাসকলে ওপুৰাং ভাতৰ বাবে সপ্তাহ দহ দিনৰ আগৰ পৰা 'আমকেল' বা 'আমপি' (বৰাধান) অম্-বৃন (চাউল) তাকেঃ (আদা) মৃৰচি (জলকীয়া) আদি লাগতীয়াল মা-মচলা যতনাই থয়। লৃগাং আৰম্ভ হোৱাৰ দুই তিনিদিনমানৰ আগৰ পৰা গাঁৱৰ ৰাইজে মিলি পূৰ্বতে লৃগাঙৰ বাবে মাছ-মাংস বিচাৰি চিকাৰলৈ (কিঃ ৰুগ) যোৱাৰ নিয়ম আছিল। বৰ্তমান চিকাৰ প্ৰথা লুপ্ত পালে। ওচৰৰ নৈ বিলত বা বজাৰৰ মাছ-মাংস কিনি আনি লৃগাঙৰ ভোজ ঠিক কৰে।
আলি-আয়ে-লৃগাঙৰ দিনা পুৱাতে ঘৰৰ গিৰিহঁতে ভুঁই বা পথাৰলৈ গৈ ধান আৰু ফলমূলৰ কঠিয়া সিঁচি বা ৰুই আহে। কঠিয়া সিঁচাৰো এক বিশেষ প্ৰণালী আছে। কঠিয়া সিঁচা ঠাইডোখৰ মেগেলা গছেৰে চিন দি ৰাখে। প্ৰায়বিলাক মাঙ্গলিক উৎসৱতে মিচিংসকলে মেগেলা গছৰ ব্যৱহাৰ কৰে। মেগেলা গছক মাঙ্গলিক চিন বুলি ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিল। বৰ্তমান মেগেলা গছৰ অভাৱৰ কাৰণে পূৰ্বৰ পৰম্পৰা প্ৰায় নাইকিয়া হৈছে। মেগেলাৰ সলনি ঝাওবন, বিভিন্ন গছৰ ঠাল ব্যৱহাৰ কৰি কঠিয়া সিঁচা ঠাইডোখৰ চিন দি ৰখা দেখা যায়।
গাঁও, নগৰ, চহৰৰ ৰাইজেও একেলগে এই জাতীয় উৎসৱ আলি-আয়ে-লৃগাং পালন কৰে। সেই উদ্দেশ্যে এটা ৰাজহুৱা স্থানত এডোখৰ মাটি শস্য সিঁচিবৰ কাৰণে লৃগাঙৰ আগদিনাই চহ কৰি থয়। লৃগাঙৰ দিনা পোৱা ভাগতে ৰাইজ গৈ আম পিদগদ কৰে(কঠিয়া সিঁচে)। আম পিদগদ কৰি ইষ্ট দেৱতালৈ পুৰাং, আপং আগবঢ়াই প্ৰাথনা কৰে, তেওঁলোকৰ আৰাধ্য দেৱতা, সৃষ্টিকৰ্তা ছেঃ দি-মেঃ ল, দঃঞই-পঃ ল, অচিং-অচিং, পদং অছাৰ, ৰুকজি- মেৰাঙক।
হে সৃষ্টিকৰ্তা তুমি সৃষ্টি কৰি যোৱা; হে দঃঞি-পঃ ল তুমি তাপ দিয়া; স্নিগ্ধশীতল জোনাক ঢালি যোৱা, হে বৰুণ দেৱতা তুমি বৰষুণ দিয়া, শস্য শ্যামলা কৰা, হে পোক-পৰুৱা আমাৰ শস্য ৰক্ষা কৰা, হে পূৰ্বপুৰুষসকল এই শস্য তোমালোকৰ নাতি-পুতিৰ বাবে, তোমালোকক পিণ্ড দিবৰ বাবে কৰা হৈছে। ইয়াৰ ৰক্ষক হিচাপে তোমালোকক দায়িত্ব অৰ্পণ কৰিছে। তোমালোকে আমাৰ জীৱন ৰক্ষা কৰিবা বুলি প্ৰাৰ্থনা জনোৱা হয়।
আম পিদগদ কৰি প্ৰাথনা কৰাৰ অন্তত তিৰোতাসকলে চাকি দিয়া পঃ ৰ আপং তাঃ চুকৰ টোপোলা টোপোলাকৈ নিগৰি পৰা এবাটি দুবাটি পুৰাং আৰু মাংসৰ লগত পিবলৈ যেতিয়া আৰম্ভ কৰে, তেতিয়া মন-মগজু ৰিমঝিম কৰি উঠে। তেতিয়া চেনেহৰ কনেংজনিয়ে বৈ দিয়া মিবু গালুক আৰু গনৰগ উগন পিন্ধি ডেকাসকলে ঢোল-তাল বজাই চৌদিশ কঁপাই তোলে। ঢোল-তালৰ গগন কঁপোৱা শব্দত ডেকা-বুঢ়া সকলোৰে গাত তত নাইকীয়া হয়।
জীয়ৰী-বোৱাৰীসকলেও নিজ হাতে বোৱা পেঃ ৰ এগে, যাম্ব গাচৰ, ৰিঃ বি গাছেং পিন্ধি গুমৰাগ নৃত্য কৰে। হুঁচৰি গাওঁতে শাৰী শাৰী হৈ নচাৰ দৰে ঢোলৰ ছেৱে ছেৱে গুমৰাগ নৃত্যও শাৰী শাৰীকৈ শস্য সিচা ঠাইডোখৰৰ চাৰিওফালে বৃত্তাকাৰে নাচে। সেইদিনা চাৰিওফালে বাজি উঠা গুমৰাগ গুমৰাগ ৰৌগুমপৌ-গুমৰাগ...... অই নিঃতমৰ হিয়া জুৰ পৰা সুৰ শুনি পাৰ ওপচা আনন্দত ডুব যায় প্ৰতিখন গাওঁ।
লৃগাঙৰ দিনা দুপৰীয়া বিশেষ ভোজৰ আয়োজন কৰা হয়। বৰা চাউল তৰাপাতেৰে সৰু সৰুকৈ টোপোলা বান্ধি ৰন্ধা পুৰাং ভাত-মাছ-মাংস আৰু আপঙেৰে লৃগাঙলৈ অহা আলহীক শুশ্ৰূষা কৰা হয়। মিচিংসকলৰ প্ৰতি ঘৰে সেইদিনা পুৰাং আৰু আপং ব্যৱহাৰ কৰে।
গাঁৱৰ মৃমবৃৰ-য়াঃমে মিলি প্ৰতি ঘৰত আলি-আয়ে-লৃগাঙৰ বিহু পাতে। এই বিহুত গীততকৈ নৃত্যৰহে প্ৰাধান্য আছে। নৃত্যবিলাকৰ বিষয়বস্তু সাধাৰণতে চিকাৰ কৰা, মাছ মৰা, নাও বোৱা, তাঁত বোৱা, ধান সিঁচা, ধান কটা, কঠিয়া তোলে, কোৰ মৰা ইত্যাদি। এই নৃত্যবিলাকত ঢোলৰ ছেৱে ছেৱে শৰীৰৰ সমস্ত অবয়ব কোমলভাৱে সঞ্চালন কৰে। যেনিবা পথাৰৰ লহপহকৈ বাঢ়ি অহা ধাননিডৰাহে বতাহত হালিজালি আছে। এই বিহুৰ ঢোল-তাল আৰু নিঃতমৰ সুৰে মৃমবৃৰ-য়াঃমেৰ, মনলৈ আনি দিয়ে উন্মাদনা, উচ্ছ্বাসতে লুকাই থাকে মিচিংসকলৰ স্বকীয় পৰম্পৰা, ৰীতি-নীতি, জাতীয় আবেগ, জীৱন-যৌৱন আৰু সৌন্দৰ্য।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment