নকল টকা, নকল সোণ
প্ৰণৱ কুমাৰ পেগু
গুৱাহাটী
(১)
প্ৰৱঞ্চক পৃথিৱীৰ সকলো দেশতে আছে। প্ৰৱঞ্চনাৰ ধৰণ হয় ভিন্ন, কৌশলবোৰো হয় বিবিধ। অসমৰো বহুতো ঠাইত বহুধৰণৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈ আহিছে। তেনে এক প্ৰৱঞ্চনাৰ ৰেকেট চলে নকল টকা আৰু নকল সোণক লৈ। বিশেষকৈ লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু মৰিগাঁও জিলাৰ কেবাটাও অঞ্চলৰ লগতে গুৱাহাটীৰ ঠাইবিশেষত নকল টকা আৰু নকল সোণৰ নামত ঠগ-প্ৰৱঞ্চনাৰ অপৰাধ চলা দেখা যায় য'ত সাধাৰণতে বহিঃৰাজ্যৰ গ্ৰাহকক লক্ষ্য কৰি তেনে ঠগ-লুণ্ঠন চলে। আৰক্ষী বিভাগে এইধৰণৰ অপৰাধচক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে যদিও এই চক্র সম্পূর্ণ উৎখাত কৰিব পৰা নাই। আচলতে আৰক্ষী-প্রশাসনৰ দ্বাৰা কোনো ধৰণৰ অপৰাধকে সম্পূৰ্ণ নির্মূল কৰি তোলাৰ উদাহৰণ পৃথিৱীতেই নাই। অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা যায়, অপৰাধৰ হাৰ কমাব পৰা যায় কিন্তু সম্পূর্ণ ৰোধ কৰিব পৰা নাযায়। সেয়েহে সজাগ-সচেতনতা আৰু সাৱধানতা অৱলম্বন কৰাৰ দ্বাৰা ঠগ-প্ৰৱঞ্চনাৰ দৰে অপৰাধবোৰৰ পৰা নিজকে ৰক্ষা কৰি চলা উচিত।
নকল টকা-নকল সোণৰ অপৰাধ চক্ৰটোক নাকী লগাব নোৱৰাৰ দুটা প্রধান কাৰণ আছে। প্রথমতে, এই অপৰাধ শেষত কায়িকভাৱে সম্পন্ন হ’লেও টেলিফোনৰ যোগেৰেহে আৰম্ভ হয় আৰু প্ৰৱঞ্চনাৰ চক্রান্তজনিত যোগাযোগবোৰ টেলিফোনতে সম্পন্ন হয়। টেলিফোনৰ এনে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰা ছিমকার্ডবোৰ নাম-ঠিকনাৰ জালিয়াতি কৰাৰ দ্বাৰা সংগ্ৰহ কৰা হয় কাৰণে ব্যৱহাৰকাৰীৰ সন্ধান উলিওৱা অত্যন্ত কঠিন হৈ পৰে। দ্বিতীয়তে নকল টকা আৰু নকল সোণৰ লেনদেন যিহেতু বেআইনী হয় সেয়েহে সৰহ সংখ্যক ভূক্তভোগীয়ে নিজৰ বিপদৰ ভয়ত আৰক্ষীৰ কাষ চাপি এফ আই আৰ দাখিল কৰাৰ পৰা বিৰত থাকে। কোনোরে সাহ গোটাই থানাত অভিযোগ দাখিল কৰিলেও প্ৰৱঞ্চকৰ প্ৰকৃত পৰিচয় জনাব নোৱাৰে, কেৱল ফোন নম্বৰৰ ভিত্তিত এজাহাৰ দাখিল কৰে। ফোন আৰু ছিমকার্ডবোৰ তথ্য-জালিয়াতিৰে সংগ্ৰহ কৰে কাৰণে আৰক্ষীয়ে চাৰ্ভিছ প্রভাইডাৰৰ পৰা ছিমকার্ড উপভোক্তাৰ তথ্য উলিয়ালেও তাৰ ভিত্তিত তদন্ত কৰি প্ৰৱঞ্চকক চিনাক্তকৰণ কৰি উলিওৱাত অপাৰগ হয়। এই অপৰাধচক্ৰৰ প্ৰৱঞ্চকসকলে এটা প্ৰৱঞ্চনাত ব্যৱহাৰ কৰাৰ পাছত ব্যৱহৃত ছিমকার্ড নষ্ট কৰি পেলায়। উল্লেখ্য, এনে প্ৰৱঞ্চনাৰ হাৰ পূৰ্বৰ তুলনাত বহুত কমিল।
গতিকে, জনসাধাৰণে এই দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ কৌশলবোৰ জনা আৰু সেই সংক্রান্তত সজাগ হোৱা উচিত যাতে ভবিষ্যতে এনে প্ৰৱঞ্চনাৰ বলি নহয়।
(২)
নকল টকাৰ লেনদেনৰ ক্ষেত্ৰত প্ৰৱঞ্চকে টেলিফোনত যোগাযোগ কৰে সম্ভাব্য গ্রাহকক। নতুবা বাছ বা ৰেলৰ যাত্ৰাত সহযাত্ৰীৰ দৰে বন্ধুত্ব পাতি কথা-বার্তা হয়। প্রলোভন দেখুৱাই মাতি আনে। আচল টকাৰ দৰে হুবহু তৈয়াৰ কৰা পাঁচশটকীয়া নকল টকাৰ সম্ভেদ জনা বা মজুত থকাৰ বিশ্বাস জন্মায়। প্রকৃত পাঁচশ টকীয়া নোট এখন বা দুখন দি সেয়া চলাই চাবলৈ কৈ গ্রাহকক দি দিয়ে নমুনা হিচাপে। গ্রাহকে আচল টকাটোকে নকল টকা বুলি জ্ঞান কৰি মাৰ্কেটত ব্যৱহাৰ কৰে ভয়ে ভয়ে। যিহেতু সেয়া আচল টকাই হয় সেয়েহে অতি সাধাৰণভাৱে দোকানীয়ে গ্ৰহণ কৰে। গতিকে গ্রাহকে প্রতীয়মান হৈ প্রৱঞ্চকক টেলিফোনেৰে যোগাযোগ কৰে। প্ৰৱঞ্চকে অফাৰ অৰ্থাৎ প্ৰস্তাৱ দিয়ে আচল টকাৰ বিনিময়ত দুগুণ-তিনিগুণ নকল টকা দিবলৈ। অর্থাৎ পাঁচ লাখ টকাত দহ লাখ টকাৰ পৰা পোন্ধৰ লাখ টকা পর্যন্ত দিয়াৰ প্রলোভন দেখুৱায়। সহজ ধন ঘটাৰ লোভত প্ৰৱঞ্চকৰ জালত পৰে সৰল তথা লুভীয়া ব্যক্তি। স্থানীয় ব্যক্তি নহয; দূৰ-দূৰণিৰ মানুহকহে লক্ষ্য কৰি লয় এনে প্রবঞ্চকসকলে।
অধিক ধনৰ লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকক মাতি আনি নকল টকা প্রস্তুত কৰা মেচিনো দেখুৱায় আৰু কাগজৰ পৰা টকা ছপা কৰা কামৰ প্ৰদৰ্শন অর্থাৎ ডেমো দেখুৱায়। ইলেক্ট্রিক কাৰেণ্টত চলা সৰু কাঠৰ বাকচৰ ফটোস্টেট মেচিনৰ দৰে এটা মেচিন তৈয়াৰ কৰি লয় প্ৰৱঞ্চকে। চুইছ অন কৰিলে কেইবাটাও ডিম লাইট জ্বলে বাহিৰে-ভিতৰে আৰু সামান্য শব্দ কৰে মেচিন চলাৰ দৰেই। কম পোহৰৰ বন্ধ কোঠা এটাত মেচিনটো চলালে এটা পৰিৱেশ সৃষ্টি হয়। মেচিনটোত দুটা চেম্বাৰ থাকে। কিন্তু সাধাৰণ চকুত, বিশেষকৈ ডিম লাইটহে জ্বলি থকা কম পোহৰৰ কোঠাত মেচিনটোত এটা চেম্বাৰহে থকা যেন লাগে। গ্রাহক অহাৰ আগতেই দ্বিতীয় চেম্বাৰটোৰ ভিতৰত আচল টকাৰ চকচকীয়া পাঁচশটকীয়া নোট ৰাখি থয় এখন বা দুখন। গ্রাহকক সন্মুখত বহুৱাই মেচিনটোৰ এফালৰ সুৰুঙা এটাৰে পাঁচশ টকীয়া নোটৰ চাইজত আগতীয়াকৈ কাটি ৰখা বগা উকা কাগজ এখিলা ভৰাই দিয়ে। কাগজখন ডিম লাইট জলি থকা আৰু শব্দ কৰি থকা মেচিনটোৰ ভিতৰত পৰেগৈ প্রথমটো চেম্বাৰত। যদি মেচিনটোৰ দ্বিতীয় চেম্বাৰৰ ভিতৰত আচল পাঁচশটকীয়া চকচকীয়া নোট দুখিলা আগতীয়াকৈ ৰখা হৈছিল তেন্তে প্রথম চেম্বাৰটোত পৰাকৈ উকা কাগজ দুবাৰকৈ ভৰাই মেচিন অন কৰি টকা প্রিন্ট কৰাৰ নমুনা প্রস্তুত কৰে। এতিয়া গ্রাহকক প্রথম চেম্বাৰটোৰ ঠাইত দ্বিতীয়টো চেম্বাৰ খুলি দেখুৱাই দিয়ে আগৰে পৰা ৰাখি থোৱা আচল টকাৰ চকচকীয়া নোট দুখন। চকচকীয়া হলেহে সেইক্ষণতে প্রিন্ট কৰা যেন বিশ্বাস হ'ব! মেচিনটো অন কৰোঁতে জ্বলা লাইটৰ তাপত নোট দুখন সামান্য উষ্ণ হৈ পৰে। গতিকে গ্ৰাহকৰ হাতত সেই ক্ষণতে প্রিন্ট কৰা বুলি চকচকীয়া নোট দুখন তুলি দি সেইদুখন পৰীক্ষা কৰি চাবলৈ দিয়ে। গ্রাহক পতিয়ন যায় চকচকীয়া উষ্ণ নোট চুই চাই!
আগৰে পৰাই মেচিনটোৰ দ্বিতীয়টো চেম্বাৰত ভৰাই থোৱা আচল পাঁচশ টকীয়া চকচকীয়া নোট দুখন গ্রাহকক চুই পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ দিয়ে। গ্রাহকে ভাবে বাহ্ সাইলাখ একে! নকল বুলি ধৰিবই নোৱাৰি! ফান্দত পৰি যায়। ইয়াৰোপৰি গ্রাহকক এই পাঁচশটকীয়া নোট দুখন বিনামূলীয়াকৈ দি দিয়ে। কয়, প্রথমে চলাই চাওঁকগৈ মার্কেটত। অকণো অসুবিধা নোহোৱাকৈ চলাব পাৰিব, প্রমাণ কৰি চাই সন্তুষ্ট হক্সলেহে আহিব লেনদেন কৰিবলৈ। আচল টকাৰ তিনিগুণ দিয়া হ'ব নকল টকা!
মার্কেটত আচল টকা দুখন চলিবই! গতিকে গ্রাহক উৎফুল্লিত হৈ পৰে সাইলাখ আচল টকাৰ দৰে নকল টকাৰ সন্ধান পাই! পাছত যোগাযোগ কৰি লাখৰ ঘৰত টকা লৈ আহে তিনিগুণ পোৱাৰ আশাত। এনেদৰে পৰে প্ৰৱঞ্চনাৰ ফান্দত!
যেতিয়া লাখৰ ঘৰত আচল টকাখিনি লৈ গ্রাহক আহে তেতিয়া আছুতীয়া ঠাই এডোখৰলৈ মাতি নি আচল টকাখিনি কাঢ়ি ৰাখি লৈ হয় মাৰি-পিটি পুলিচৰ ভয় দেখুৱাই খেদি পঠিয়ায় নহয় আচল পাঁচশটকীয়া নোট এখিলা ওপৰত ৰাখি বাকীখিনি ফটোষ্টেট কৰা নোট ৰাখি বনোৱা বাণ্ডিল টানকৈ ৰছীৰে বান্ধি ততাতৈয়াকৈ গ্রাহকক অর্পণ কৰি "এইখিনি লৈ তৎক্ষণাৎ আঁতৰি যা, যিকোনো মুহূর্তত পুলিচ আহি যাব পাৰে" বুলি ভয় দেখুৱাই ঠাইখিনিৰ পৰা নিমিষতে অন্তর্ধান হৈ যায়। বচ্। সেই ফটোস্টেট কৰা পাঁচশটকীয়া নোটৰ বাণ্ডিলবোৰ লৈ গ্রাহকে লেনদেনৰ ঠাইখিনিৰ পৰা ততাতৈয়াকৈ আঁতৰি যায়। কিছুদূৰ গৈ নিৰাপদ বুলি ভৱা ঠাইত বাণ্ডিলবোৰ পৰীক্ষা কৰোঁতেহে ৰামঠগন খোৱা বুলি জানিব পাৰি হায়ৈ-বিয়ে কৰে। কিন্তু নিজেও আইনী মেৰপাকত পৰিব বুলি ভয় কৰি পুলিচৰ কাষলৈ গৈ এজাহাৰ নিদি দুখে-পৰিতাপে আঁতৰি যায়গৈ। কোনো কোনোৱে "ছেকেণ্ড হেণ্ড গাড়ী কিনিবলৈ মাতি আনি মাৰ-পিট কৰি টকা কাঢ়ি লৈ গ'ল" ধৰণৰ মিছা কাহিনী প্রস্তুত কৰি থানাত এজাহাৰ দাখিল কৰে যদিও জালিয়াতিৰে সংগ্ৰহ কৰা ফোন নম্বৰৰ তথ্যৰ ভিত্তিত অপৰাধী প্ৰৱঞ্চকৰ সন্ধান উলিওৱাত অসমর্থ হয় আৰক্ষী। লুভীয়া গ্রাহকে লাখটকা হেৰুৱাই ম্রিয়মান হৈ পৰে; বহুতে সর্বশ্রান্ত হৈ যায়।
(৩)
আন এক প্ৰৱঞ্চক চক্র আছে যিয়ে নকল সোণকে সঁচা সোণ বুলি সস্তাতে বিক্ৰী কৰি প্ৰৱঞ্চনা কৰে। অতি সস্তাতে সোণ বিক্ৰী কৰাৰ প্রলোভন দেখুৱাই প্ৰৱঞ্চকে ফোন কৰে অজ্ঞাত লোকক। ইমান ধুনীয়াকৈ কৌশলেৰে কথাবোৰ কয় যে মানুহে সঁচা বুলি পতিয়ন গৈ প্ৰৱঞ্চনাৰ জালত পৰি যায়। সততে প্ৰৱঞ্চকে কয়, "মই অমুক ঠাইত ঘৰ বান্ধিবলৈ বা কনষ্ট্রাকচনৰ কাৰণে মাটি খন্দা কামত লাগি থাকোঁতে মাটিৰ তলত সোণৰ নাও বা সোণৰ যীশু খ্ৰীষ্টৰ মূৰ্তি এটা খান্দি পালো। এতিয়া মোৰ লগতে আছে সোণৰ মূৰ্তিটো। মই সোণাৰীক বেচিলে মোক পুলিচক লগাই দিব সেই সোণ ক'ত পালোঁ বুলি সন্দেহ কৰি, যিহেতু মই এজন সাধাৰণ লেবাৰ মানুহ। গতিকে আপুনি কম দাম দিলেও মই বিক্ৰী কৰি দিম।" গ্রাহকে স্বাভাৱিকতেই বিচাৰিব সঁচা সোণ হয় নে নহয় পৰীক্ষা কৰি চাবলৈ। তেতিয়া গ্রাহকক মাতি আনে আৰু সেই মূৰ্তিৰ পৰা সামান্য এডোখৰ কাটি দি পঠিয়াই দিয়ে পৰীক্ষা কৰি চাবলৈ। প্রৱঞ্চকে সামান্য সঁচা সোণ এচিটা অতি কৌশলেৰে নিজৰ হাতৰ মুঠিতে আগৰে পৰা ৰাখি থয় আৰু মূৰ্তিটোৰ পৰা চাঁচি উলিওৱাৰ অভিনয় কৰে গ্ৰাহকৰ চকুৰ আগতে! সেইটো ইনভেষ্টমেন্ট! দুই-তিনি হেজাৰমান টকাৰ এচিটা সোণ। গ্রাহকে সেইচিটা সোণ নিজৰ বিশ্বাসী সোণাৰিৰ পৰা পৰীক্ষা কৰাই নিশ্চিত হৈ পৰে যে মূৰ্তিটো সঁচাই সোণৰ। বচ্। জালত পৰি যায়। ওজন হিচাপে ছল্লিশ লাখমান টকাৰ সোণ চাৰি-পাঁচ লাখতে পাই যোৱাৰ লালসাত পৰি পুনৰ টকা লৈ আহি কিনি লৈ যায় পিতলৰ ওপৰত সাইলাখ সোণৰ দৰে ৰং কৰা মূৰ্তিটো!
প্রৱঞ্চকে মানুহলৈ ফোন কৰোঁতে আন এটা কাহিনীৰো আশ্রয় লোৱা দেখা যায়, "আমাৰ আইতাই/ককাদেউতাই মহাজনৰ ঘৰত নতুন ঘৰ সাজিবলৈ বা মন্দিৰ সজাবলৈ মাটি খন্দা কামত হাজিৰা কৰোঁতে মাটিৰ তলত পৌৰাণিক যুগৰ সোণৰ মূৰ্তি এটা পাই সেইটো লুকুৱাই লৈ আহিছিল। কিন্তু সেই সোণৰ মূৰ্তি চুৰি কৰি অনাৰ কাৰণে তেওঁ পাগলৰ দৰে হৈ পৰিল। সেইটো বিক্ৰী কৰিব বিচাৰিছোঁ মই।" বাকীখিনি আগৰ কৌশলটোৰ পিছৰচোৱাৰ দৰেই।
সোণ সস্তাতে বিক্রী কৰা প্ৰৱঞ্চকবোৰেও নকল টকাৰ লেনদেনৰ সময়ত অৱলম্বন কৰা উপৰিউক্ত কৌশল দুটাৰ দৰেই ফান্দত পৰা লুভীয়া গ্ৰাহকৰ পৰা টকা লুটি নিয়ে; হয় মাৰ-পিট কৰি টকা কাঢ়ি লয়, নহয় টকাখিনি ৰাখি নকল সোণৰ মূৰ্তি দি পঠিয়ায়।
(8)
অচিনাকী মানুহৰ ফোনৰ পৰা এনেয়ে সাৱধান হ’ব লাগে। কাকো কোনো গোপন তথ্য বা নিজৰ ব্যক্তিগত তথ্য দিব নালাগে ফোনত। অর্থনৈতিক প্রবঞ্চনা তেনেকৈয়ে সংঘটিত হয়। প্ৰৱঞ্চনা কৰি ফোনেৰে বেংক, এ টি এম আদিৰ তথ্য সংগ্ৰহ কৰি ধন আত্মসাৎ কৰে। নকল টকা আৰু নকল সোণ বা সস্তাত দিয়া সোণৰ প্ৰৱঞ্চকসকলেও ফোনেৰেই জালত পেলায় সৰল কিন্তু লুভীয়া গ্রাহকক। সেয়েহে জনসাধাৰণ সজাগ হ’ব লাগিব।
উপৰিউক্ত ধৰণৰ ঠগবাজি, কাৰচাজি আদিৰ পৰা সাৱধান। প্ৰৱঞ্চকৰ চলনাৰ জালত কোনেও ভৰি নিদিয়ে যেন। তেনেধৰণৰ ফোন আহিলে পুলিচক তৎক্ষণাত খবৰ দিয়া উচিত। তৎক্ষণাত খবৰ নাপালে প্ৰৱঞ্চকক কৰায়ত্ত কৰাটো কঠিন হৈ পৰে। যিহেতু এনে প্রৱঞ্চকে এটা মোবাইল তথা ছিমকার্ড এটা কামৰ কাৰণেহে ব্যৱহাৰ কৰে, কামটো হৈ যোৱাৰ পাছত ফোন আৰু ছিমকার্ড নষ্ট কৰি দিয়ে।
প্ৰৱঞ্চকৰ ওপৰত আৰু এনে প্ৰৱঞ্চনাৰ কৌশলবোৰৰ বিষয়ত নিজে সজাগ-সচেতন হোৱাৰ লগতে আনকো সজাগ কৰি তুলিব লাগে। বাচি খাবা, জাগি শুবা। সাৱধানীৰ মৰণ নাই।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment