ৰ’দৰ ৰিবিগাচেঙত ফাগুনৰ ফুল বছা ছোৱালীজনী
অংকুৰণ আৰ্ফ
ৰ’দৰ ৰিবিগাচেঙত ফাগুনৰ ফুল বছা ছোৱালীজনী
ইমান লনি
লৃগাঙত তাই গুমৰাগ নাচিলে
গোটেই গাওঁৰ গছবোৰত
ৰঙা ৰিহা এখন পিন্ধাই
ফাগুনৰ ফুলনিত তাই হৈ পৰে এজনী ফুটুকী ধুনীয়া পখিলা
নদী খনক চঞ্চলা কৰি তাই
গাওঁৰ ডেকাৰ বুকুত আঁকে আশাৰ আবিৰৰ আল্পনা
তাই আছে বাবেই গাওঁখন ধুনীয়া
তাই ৰামধেনুৰ ৰিবিগাচেঙ মেৰিয়াই নাচে বাবেই গাওঁখন
শূন্য ফাগুনতো ৰঙচঙীয়া
তাই বহু বসন্তৰ বতৰা বৈ পৰা বতাহৰ বাঁহী
তাই পলাশ ফুলা আকাশত কলিজাৰ তেজ ৰঙা হাঁহি
তাই জীৱন জোনাক কৰা নৈপৰীয়া বালিমাহী
ঐ ৰ’দৰ ৰিবিগাচেঙত ফাগুনৰ ফুল বছা ঐয়া
কেতিয়াকৈ তই আহি ধূলিত পুত যোৱা মোৰ হৃদয় শংখ ফুঁকি বসন্তৰ
বৈভৱে জীৱন কৰিবি মোহনীয়া.....
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫

No comments:
Post a Comment