জীৱন সুখ দুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

জীৱন সুখ দুখ

 

জীৱন সুখ দুখ


                        দীপ হেষ্টিংছ বৰি

সম্পাদক, সদৌ অসম কবি সন্মিলন


দকৈ ভাবিব গ’লে সুখ দুখ কিনো

জীৱন বাটত দুয়োপাৰে

দুজুপি ওখ চাপৰ গছ


কেতিয়াবা সুখৰ ডালত হাঁহিৰে ফুল ভৰে কেতিয়াবা দুখৰ পাতৰ আগে নিৰৱে চকুলো সৰে


দুদিনৰ জীৱন কচুপাতৰ পানী

সুখে দুখে চলে জীৱনৰ তুলাচনী


ছন্দহীন জীৱনৰ একা বেঁকা পথত

এদিন দুখৰ অৰণ্যৰ মাজেৰে আমি

পাৰ হৈ আহোঁ বাবেই

সুখৰ ষ্টপেজত উপস্থিত হ'লে আমি পাওঁ পৰম সন্তুষ্টি


সুখৰ দিনত দুখৰ নষ্টালজিয়াই

জীৱনলৈ বৈ আনে প্রশান্তি

দুখৰ দিনত সুখৰ আশাই

প্ৰেৰণাৰে প্ৰজ্বলন কৰে জীৱন-বন্তি


আচলতে দুখ আছে বাবেই জীৱনৰ বাটত

সুখৰ অনুসন্ধানে উজ্জীৱিত কৰি তোলে

জীৱনৰ গতিপথ !


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages