ফাগুনে আদৰিছে লৃগাং
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
আজি ফাগুনৰ উৎসৱ
ফাগুনৰ পুৱাতে
দিবা এবাটি আপং
পথাৰখন চাই আহোঁতে
তোমাৰ ঘৰত ফাগুনৰ জুতি ল’ম
তোমাৰ মুখৰ হাঁহিটো
কাঢ়ি ল’বলৈ মন যায়...
অৰিনা মিলি নামটো
বহু দিনতে লিখা আছে কলিজাত
ফাগুন মই কিয় ভালপাওঁ
ফাগুন আহিলেই
তোমাৰ চকুৰ চাৱনি
আৰু দেহাটো
বৰ ইচাত বিচাত হৈ থাকে
তোমাৰ হাতেৰে দিয়া
আপং খিনিয়ে
মোৰ হৃদয়ত শান্তি আনি দিয়ে
আলি আঃয়ে লৃগাঙৰ সুৰেৰে মুগ্ধ
ধেমাজী বৰদলনি গাওঁলৈ আহিবা
অৰিনা তোমাৰ লগত
গুমৰাগ নৃত্যৰে কঁপাই দিম
আজি আকাশ বতাহ
সন্ধিয়া তোমাক পলুৱাই নি
কপালত আঁকি দিম
ৰঙাকৈ তেজৰ সেন্দূৰ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment