কুলাজান বানে কেবাং - এক দৃষ্টিপাত
দিলীপ কুমাৰ কমান
গোগামুখ কঠালগুৰি আঅৃনশিৰি
অসমত বসবাস কৰা জাতি -জনজাতিসকলৰ দ্বিতীয় বৃহত্তম জনসংখ্যা থকা জনজাতি টোৱেই হ'ল মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠী সকলো দিশৰ পৰা পিছপৰা জাতি হিচাপে পৰিগণিত। এই পিছ পৰা মিচিং জনগোষ্ঠীক অন্যান্য উন্নত সভ্য সমাজৰ সৈতে ফেৰ মাৰিব পৰা কৰিবলৈ তথা উন্নত চিন্তা ধাৰা, আদৰ্শ নীতি আদি মিচিং সমাজত বিশেষকৈ ইয়াৰ সামাজিক, অৰ্থনৈতিক,শিল্প-কলা, কৃষ্টি -সাংস্কৃতিক দিশত কেনেকৈ প্ৰয়োগ কৰি উন্নতিৰ পথলৈ আগুৱাই নিব পাৰি তাৰ বাবে মিচিংঙৰ শিক্ষিত ব্যক্তি কেইজনমানে এক জাতীয় মহাসভাৰ জৰুৰী প্ৰয়োজন অনুভৱ কৰিছিল। সেই মহাসভাৰ আয়োজন কৰি সভা পাতিবৰ কাৰণে কেইজনমান সচেতন ব্যক্তি আগবাঢ়ি ওলাই আহিল। সেই কেইজন উদ্যোগী ব্যক্তি হ'ল --১,চাৰু চন্দ্ৰ দলে ২, ললিত দলে,৩, পদ্মধৰ পেগু,৪, বিমলা দলে আদি। উদ্দেশ্যক কাৰ্যকৰী বাস্তৱৰূপ দিবৰ বাবে এই অগ্ৰণী সচেতন, চিন্তাশীল সমাজ সেৱক সকলে একেলগ হৈ ১৯২৪চনত মাজুলীৰ গেজেৰা গাঁৱত মহাসভা অনুষ্ঠিত কৰিছিল। সেই খন সভাক সভাপতিত্ব কৰি বাস্তৱৰূপ দিয়া ব্যক্তিজনেই হ'ল --তেতিয়াৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।এই জাতীয় মহাসভা খনকেই সদৌ মিৰি সম্মিলনৰ জন্ম দিছিল। পাছলৈ অথ্যা ১৯৫৫চনত গেজেৰা গাঁৱতেই তেতিয়াৰ ১৯তম অধিবেশন মিৰি সম্মিলনৰ সভাপতি মাল চন্দ্ৰ পেগুৰ নেতৃত্বত সদৌ মিৰি সম্মিলনৰ ঠাইত মিচিং বানে কেবাং নাম দি প্ৰস্তাৱ লৈ অনুমোদন জনোৱা হয়। তেতিয়াৰ পৰাই মিৰি সম্মিলন এৰি মিচিং বানে কেবাং নাম দিয়া হয়। সেই তেতিয়াৰ পৰাই মিচিং বানে কেবাঙৰ অধিবেশন অনুষ্ঠিত কৰি আহিছে। ইয়াতে উল্লেখ কৰিলোঁ যে, মিচিং বানে কেবাঙৰ অধিবেশনৰ ভিতৰত ১৯৬৬চনৰ ৪,৫,৬, ফেব্ৰুৱাৰীত অনুষ্ঠিত কুলাজান বানে কেবাঙৰ অধিবেশন মিচিং সকলৰ বাবে এক ঐতিহাসিক দিন হিচাপে তাৎপৰ্য বহন কৰিছে।
২৩ তম কুলাজান বানে কেবাঙৰ অধিবেশনেই মিচিং বানে কেবাঙৰ বৰ্তমান পৰ্যন্ত অনুষ্ঠিত কৰা অধিবেশন সমুহৰ ভিতৰত আটাইতকৈ সফল আৰু বুৰঞ্জীৰ পাততো ঐতিহাসিক হিচাপে বিবেচিত হ'ব। এই অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেবাঙৰ আমন্ত্ৰণ ৰক্ষা কৰি কুলাজান অধিবেশন থলী অলংকৃত কৰি বক্তৃতা প্ৰদান কৰিছিল। তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে মিচিং সমাজক। বিশ্বদৰবাৰত অপূৰ্ব ৰূপত চিনাকি কৰাই দিব পাৰিছিল।
মিচিং বানে কেবাঙৰ মূল মাপকাঠী হৈছে --মিচিং সমাজক আৰ্থসামাজিক,শিল্প--কলা, কৃষ্টি --সাংস্কৃতিক বিষয়ৰ চিন্তা ধাৰা গৱেষণাৰ এক বৃহত্তম জাতীয় মহা সংগঠন। মিচিং জাতিৰ সুযোগ্য সন্তান তথা তেতিয়াৰ অসম চৰকাৰৰ উপ-মত্ৰী ললিত কুমাৰ দলেৰ আহোপুৰুষাৰ্থ আৰু কাৰ্য্য দক্ষতাৰ পৰিচয় দি১৯৬৬ চনত কুলাজান চাৰিআলিত অনুষ্ঠিত হৈছিল ২৩ তম মিচিং বানে কেবাং।কুলাজান বানে কেবাঙত প্ৰকাশিত হৈছিল আটকধুনীয়া স্বৰ্গীয় ৰঘূনাথ পামেগামৰ সম্পাদনাত এখনি স্মৃতিগ্ৰন্থ, যিখন এতিয়া সংৰক্ষণৰ অভাৱত লুপ্ত হ'ল। তেতিয়াৰ সমসাময়িক সময়ৰ বৰেণ্য কৰ্মক্ষেত্ৰত আগৰণুৱা ব্যক্তি,সমাজ কৰ্মী, ৰাজনীতিবিদ, সাংস্কৃতিক লোকসকলৰ ফটো সম্বলিত তথা তেওঁলোকৰ শুভেচ্ছা বাণী আৰু লিখনি বোৰ কালৰ বুকুত বিলীন হৈ গ'ল। ইতিহাসত লিপিবদ্ধ কৰিবলৈকো এখিলা পাতো আজিৰ প্ৰজন্মই ধৰি ৰাখিব নোৱাৰাটো পৰিতাপৰ কথা। ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মিচিং সভ্যতাৰ লেখকৰ পৃষ্ঠা ১৪৪ লেখনি, এই অভাজনে দৃষ্টি গোচৰ হও। সেই কাৰণেই এই লেখকজনেও কেইশাৰীমান লিখিবলৈ অগ্ৰসৰ হলোঁ। সচাকৈয়ে, মিচিং জনগোষ্ঠীৰ জাতীয় মহাসভা খনকেই হ'ল মিচিং বানে কেবাং বা মহাসভা। সাম্প্ৰতিক কালত আজি পৰ্যন্ত , যিমান বানে কেবাঙৰ অধিবেশন অনুষ্ঠিত হৈ গৈ আছে, সেই অধিবেশন বোৰৰ ভিতৰত ২৩ তম কুলাজান বানে কেবাঙখনি মিচিং জাতিৰ কাৰণে এক ঐতিহাসিক হিচাপে পৰিগণিত হৈ ৰব। যি হেতু, এই বানে কেবাঙত নগা,নেফা, মণিপুৰ, ত্ৰিপুৰাৰ প্ৰতিনিধি উপস্থিতিৰ লগতে লেখত ল'বলগীয়া মহামান্য বৰেণ্য ব্যক্তিয়ে কেবাঙত অংশগ্ৰহণ কৰি,সভা শুৱনি কৰাৰ লগতে সৌষ্ঠৱ বৃদ্ধি কৰিছিল। এই কেইজন ব্যক্তিয়ে তেখেতসকলৰ সৎ পৰামৰ্শৱলী শুভেচ্ছাবাণীৰ জৰিয়তে লিখি বানে কেবাঙৰ তেতিয়াৰ উদ্যোক্তা সকললৈ প্ৰেৰণ কৰি মহত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শুভেচ্ছাবাণী লিখি প্ৰেৰণ কৰা নমস্য ব্যক্তি সকল হল---
১, অসমৰ মুখ্যমন্ত্ৰী মাননীয় বিমলা প্ৰসাদ চলিহা।
২,প্ৰতিৰক্ষা মন্ত্ৰী ৱাই বি চৱন
৩, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰী ইউ এন দেৱৰ, নতুন দিল্লী,২ জানুৱাৰী,১৯৬৬
৪, পাৰ্লিয়ামেণ্টৰী সচিব স্ব--ৰাষ্ট্ৰমত্ৰী--ডায়িং ইৰিং, নতুন দিল্লী,১ডিচেম্বৰ,১৯৬৫
৫, অসমৰ ৰাজহ মন্ত্ৰী সিদ্ধি নাথ শৰ্মা -শ্বিলং ২৭ডিচেম্বৰ ,১৯৬৫
৬, অসমৰ মেডিকেল মন্ত্ৰী বৈদ্যনাথ মূখাৰ্জী
৭, অসমৰ যোগান মন্ত্ৰী -ৰূপনাথ ব্ৰহ্ম
৮,অসম কৃষি বিভাগৰ মন্ত্ৰী ম
ইনল হক চৌধুৰী, শ্বিলং,২৯ডিচেম্বৰ ১৯৬৫
৯, ৰাজ্যিক মন্ত্ৰী গিৰিদ্ৰনাথ গগৈ শ্বিলং,১২/১/১৯৬৬
১০, পঞ্চায়ত মন্ত্ৰী দেবেন্দ্ৰ নাথ হাজৰিকা
১১, Message from the president of India
S/D S,Radha Krishna
12, From Defence Minister of India, New Delhi,
S/D-Y-B-Chavan
13, Message from the Governor,S/D-Bishnu Sahay
লগতে, সংগীতজ্ঞ, সুৰকাৰ, গীতিকাৰ, গায়ক সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে খ্যাতি সম্পন্ন শিল্পী সকলেও সভাত অংশগ্ৰহণ কৰি চৌদিশে মুখৰিত কৰি, মিচিং ৰাইজক আলোকিত কৰিছিল। এই খন সভা প্ৰতিনিধিত্ব কৰিছিল তেতিয়াৰ বানে কেবাঙৰ সভাপতি স্বৰ্গীয় তৰুণ চন্দ্ৰ পামেগামে। ইয়াত এটা কথাই উল্লেখ কৰিব বিচাৰিছো যে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মিচিং সভ্যতাৰ গ্ৰন্থ লেখকে কুলাজান বানে কেবাঙৰ মিটিংত স্বৰ্গীয় ৰঘূনাথ পামেগামৰ সম্পাদনা কৰা স্মৃতি গ্ৰন্থৰ এখিলা পাত পাবলৈ নাই বুলি লেখাখিনি পঢ়িবলৈ পাই মইও তেখেতৰ দুখৰ সমভাগী হোৱাৰ লগতে এই অভাজনৰ, তেখেতলৈ যৎকিঞ্চিৎ হ'লেও দৃষ্টি পাত কৰিলোঁ।এই লেখকৰ হাতত কুলাজান মিচিং বানে কেবাঙৰ প্ৰকাশিত স্মৃতিগ্ৰন্থ খনিৰ সকলো লিখনিবোৰ প্ৰকাশ কৰিব নোৱাৰিলেও, বৰেণ্য ব্যক্তি সকলৰ শুভেচ্ছা বাণীবোৰ আৰু লিখক বোৰৰ নাম যেনে --দঞি কাপং,পলহ কাপং, পোহৰৰ পাৰ ভাঙি মিচিং সমাজক বাট দেখুৱাই গ'ল।যি দুগৰাকী আদৰ্শ পুৰুষে তেখেতসকলৰ পবিত্ৰ স্মৃতিৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি , স্বৰ্গীয় চাৰু চন্দ্ৰ দলে, মিচিং সমাজৰ প্ৰথম গ্ৰেজুৱেট, স্বৰ্গীয় মুহি চন্দ্ৰ মিৰি মিচিং সমাজৰ প্ৰথম বি এছ চি।
মিচিং সমাজলৈ জাগৰণৰ জোৱাৰ অনা দুজন আদৰ্শ পুৰুষৰ পবিত্ৰ স্মৃতিত, স্বৰ্গীয় সোনাৰাম পাঞাংকটকী, স্বৰ্গীয় কমলা মিৰি।মিগাং গাপং,লামবে গৃপং, স্বৰ্গীয় লম্বোদৰ পেগু,কাৰ্ক চন্দ্ৰ দলে, প্ৰথম মিচিং ৰ এম,এল,এ। স্মৃতি যাৰ চিৰ আপোন,চিৰ আদৰৰ স্বৰ্গীয় বেথাৰাম পেগু ,চাৰু চন্দ্ৰ দলে,ভীমবৰ দেউৰী, ভূতপূৰ্ব মন্ত্ৰী।আদৰণীয়া স্বৰ্গীয়া ইন্দিৰা মিৰি, স্বৰ্গীয়া পূণ্যৱতী দলে, আৰু বিচিত্ৰ অসমৰ জাতি -উপজাতিৰ পাৰস্পৰিক ভাব বিনিময়,লেখক বিষ্ণুৰাম মেধি, মাদ্ৰাজৰ প্ৰাক্তন ৰাজ্যপাল। মিচিং জনজাতীয় লোকৰ ভৱিষ্যত লেখক চকবাল কাগয়ুং,বি এ,বি টি। মিচিংৰ বিয়া বাৰুৰ লেখক ৰঘূনাথ পামেগাম,বি এ। মিচিং সাংস্কৃতিক জীৱন এটি চমু আলোচনা, লেখক নন্দেশ্বৰ পামেগাম বি এ। বুৰঞ্জীবিদ সোনাৰাম পাঞাংকটকী, লেখক মনেশ্বৰ পাঞাংকটকী। কবিতা --এটি ফুল, লেখক ভুপেন পেগু। তেখেতসকলৰ নামবোৰ সন্নিৱিষ্ট কৰি এই লেখকৰ পাতনিৰ লগতে সংযোগ কৰি প্ৰকাশ কৰিবলৈ যত্নৰ ক্ৰটি নকৰিলোঁ। যৎকিঞ্চিৎ হ'লেও মিচিং ৰাইজৰ লগতে পাঠক সমাজে এই ঐতিহাসিক বানে কেবাঙৰ অধিবেশন খনিৰ ইতিহাস মনত ৰাখি থব পাৰিব, তাৰেই কামনা কৰি লেখনিৰ দৃষ্টি পাত সামৰণি মাৰিলো।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment