ৰঙৰ উৎসৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 28, 2026

ৰঙৰ উৎসৱ

 

ৰঙৰ উৎসৱ


হেমেন হাজৰিকা 

কামৰূপ (মেট্ৰ.)


ৰং ৰং নানা ৰং

কিনিবলৈ যাওঁ 

ৰংবোৰৰ অভিমুখে

 আমি আগুৱাওঁ।।


   বাটচ’ৰাতে সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক ওলগ জনালোঁ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা পালন কৰা হয়। ইজনে সিজনক ৰং সানি মৰম আৰু আন্তৰিকতা প্ৰকাশ কৰা হয়। ইফালে প্ৰকৃতিয়েও শিমলু মদাৰ পলাশ ফুলৰ ৰঙেৰেও ইমান সুন্দৰ কৈ সজাইছে। সকলোৰে মনবোৰ ৰিঙা ৰিঙা লাগিছে। এই ফাকুৱা বা ৰঙৰ উৎসৱ দুদিনীয়াকৈ পালন কৰা হয়। পৰম্পৰা মতে প্ৰথম দিনা গোসাঁইৰ মুৰত দিয়ে বুলি কয়, সেইদিনা মানুহে নলয়। পিছৰ দিনাহে মানুহে ৰং খেলি আনন্দ প্ৰকাশ কৰে। ৰঙৰ উৎসৱক হোলী বুলিও কোৱা হয়। অসমৰ সত্ৰ সমূহক বৰ উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়।

    ঠাই ভেদে আকৌ কিছু অন্যান্য পৰম্পৰা দেখা পোৱা যায়। মই জনাত দক্ষিন কামৰূপৰ কিছু অঞ্চলত লৰা ছোৱালী মতা মহিলা সকলোৱে এটা এটা দল হৈ গাঁৱৰ ঘৰে ঘৰে গৈ এটা গীত গাই আৰু গৃহস্থৰ ঘৰৰ  পৰা টকা পইচা আনি সন্ধিয়ালৈ লগ ভাত খায়। তাতো এক সুকীয়া আনন্দ পোৱা যায়। এয়াও সম্প্ৰীতিৰ এক উজ্বল নিদৰ্শন। ৰঙৰ উছৱে সকলোৰে মনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনে।

   আমি আন এক নিয়ম বা পৰম্পৰা দেখি আহ্লাদিত হৈছোঁ। আমাৰ সৈতে যি সকল অনা অসমীয়া বন্ধু সংযুক্ত হৈ আছে তেখেত সকলে হলি অথবা ফাকুৱাৰ আগদিনা এটা বিশেষ আৰু আকৰ্ষণীয় উৎসৱ পালন কৰে। এয়া তেখেত সকলে জনোৱা মতে এয়া অশুভৰ বিপৰীতে শুভ, অসত্যৰ বিপৰীতে সত্যৰ, আৰু ধৰ্মৰ বিপৰীতে ধৰ্মৰ জয়। তেখেত সকলে পালন কৰে এক হলিকাই দাহন নামৰ এক অনুষ্ঠানৰ। লিখা এগৰাকী ৰাক্ষসী। এই ৰাক্ষসী হলিকাই ভক্ত প্ৰব্লাদক ক্ষতি কৰাৰ প্ৰয়াস কৰিছিল। তাৰ বাবে তেওঁলোকে সেইটোকে প্ৰতীক হিচাপে ব্যৱহাৰ কৰি এটা পুতলা দাহন কৰে।

  এনে বহু কথাৰে সমৃদ্ধ ৰঙৰ উৎসৱ ফাকুৱাৰ কথাৰে চহকী সংস্কৃতি ৰঙৰ উৎসৱ ফাকুৱা পালনে আমাৰ মনবোৰো ৰঙীয়াল কৰি তোলক।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages