ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 28, 2026

ফাগুন

 

ফাগুন

বিজিত মহন্ত

যোৰহাট

সমীয়া বৰ্ষপঞ্জীৰ অন্তিম তথা একাদশ মাহ ফাগুন মাহ।যি বসন্তৰ আগমনৰ বতৰা লৈ আহে। ফাগুন মানেই উন্মাদনা। ফাগুন মানেই বসন্তৰ আগলি বতৰা। শুকান বতাহ আৰু সৰা পাতেৰে উৰুঙা মনত ফাগুনে ৰঙীন প্ৰেমৰ আমেজ কঢ়িয়াই আনে। বিনন্দীয়া প্ৰকৃতিৰ জুই ফুলা আকেশেৰে ফাগুন কবিতাৰেই যেন অন্য নাম।

শীতৰ সেমেকা পুৱাৰ কুঁৱলী বোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিব ফাগুনে।

ডাঠ কুঁৱলীৰ আৱৰণ,নিয়ৰ সৰা নিশাৰ লগতে নিৰ্জন দুপৰ বোৰ ক্ৰমশঃ বিদায় লʼব। ঋতু পৰিৱৰ্তনৰ সময় ফাগুন। শীত অতিক্ৰমি বসন্ত ঋতুৰ দুৱাৰ ডলিয়েই হʼল ফাগুন। ফাগুনক লৈ কবিসকলৰো আছে অবুজ দুৰ্বলতা। এই ফাগুনত কবিৰ অনাবিল অনুভৱ অনুভূত হয়। ফাগুন মানেই ফেৰফেৰীয়া বতাহ। এই সময়ছোৱাত পচোৱা বতাহ বলে। শুকান আৰু ৰুক্ষ বতৰৰ বাবে এই সময়ত বেমাৰ আজাৰো বেছি হয়। ফাগুন মাহত বৰষুণ খুব কম হয়। গা-গছনিৰ পুৰণি পাত মৰি হাবি-বননিৰে এক বিবৰ্ণ ৰূপ ধৰে। ফাগুন মানেই প্ৰেমৰ ঋতু।ই মনত নতুন আশা, হেঁপাহ আৰু প্ৰেমৰ জোৱাৰ তোলে। ফাগুন মাহতে ৰঙৰ উৎসৱ 'দৌল যাত্ৰা' বা হোলী' পালন কৰা হয়।যি উলহ মালহেৰে প্ৰেম আৰু মিলনৰ বাৰ্তা কঢ়িয়াই।

ফাগুন মাহটোত শৰীৰটোক অধিক যত্নৰ প্ৰয়োজন। খাদ্য ভাসৰ পৰা জীৱন ধাৰণৰ প্ৰণালী সকলোতে যত্নৰে চলাটো বাঞ্ছনীয়। ফাগুন হʼল উৎসৱৰ মাহ। এই সময়তে আলি আয়ে লৃগাং,বাথৌ পূজা,মহাশিৱৰাত্ৰি পালন কৰা হয়। ফাগুনৰ পচোৱা বতাহে মন উৰুঙা কৰাৰ লগতে প্ৰেম আৰু কবিতাৰ আৱেগ জগাই তোলে।ই যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই অহা এক অনুভূতি। ফাগুনৰ পচোৱা বতাহে মনৰ এক চঞ্চল আৰু উৰুঙা অনুভৱ সৃষ্টি কৰে।কʼৰণা মহামাৰীৰ পাছত ফাগুনৰ এই শুষ্ক, ৰুক্ষ তথা প্ৰদূষিত বতৰে প্ৰত্যক্ষ ভাৱে ক্ষতি কৰিছে। যোৱা দুৰ্গা পূজাৰ সময়ৰ পৰাই এটোপাল বৰষুণ নপৰা অসম, বিশেষকৈ গুৱাহাটীৰ দৰে চহৰাঞ্চলৰ বায়ু অতি প্ৰদূষিত হৈ পৰিছে। দিল্লীৰ দৰেই মহানগৰীৰ অক্সিজেন খিনিও ভয়াবহ সংকটত পৰাৰ সম্ভাৱনাত ভূগিছে। শুকান বতৰৰ বাবে ফাগুনত প্ৰচণ্ড ধূলিৰ বতাহ বʼব পাৰে।লঠঙা গছত নতুন কুঁহি পাত ওলায়। ফাগুন মানেই নঙলা মুখত বসন্ত। ফাগুনৰ ৰীতি অনুযায়ী প্ৰকৃতিৰ নিয়ম মানি এতিয়া ৰঙীন হৈছে পলাশ, শিমলু, মদাৰৰ ৰঙেৰ। বসন্তৰ বৰ্ণনা তীত সৌন্দৰ্য্যৰ মাজতে প্ৰকৃতিৰ খেয়ালি চৰিত্ৰইও ভূমুকি মাৰে। ফাগুন মানেই উতলা মন। ফাগুনৰ পচোৱাই ডেকা গাভৰুৰ মনলৈ প্ৰেমৰ বান আনে। ফাগুনৰ সৰা পাতে কাৰোবাৰ মনত বিষাদৰ সুৰ তোলে। ফাগুন শাপিত হৈয়ো কবিৰ ভাষাত চিৰকাল বন্দিত।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages