গিবন অভয়াৰণ্যঃ সাম্প্ৰতিক স্থিতি, সমস্যা আৰু সমাধান
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শা কাটি, কোকৰাঝাৰ
গিবন অভয়াৰণ্য - প্ৰাকৃতিক সম্পদৰে ভৰপূৰ প্ৰকৃতিৰ ৰম্যভূমি অসম। সৌন্দৰ্য্যৰ লীলা ভূমি এই ৰাজ্যখনত বহুতো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰ ভিতৰত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ উপলব্ধ হোৱা বিখ্যাত অভয়াৰণ্যখন হ’ল অসমৰ যোৰহাট জিলাত থকা গিবন অভয়াৰণ্য। এই অভয়াৰণ্য খনত দুষ্প্ৰাপ্য হলৌ বান্দৰ পোৱা যায়। তাৰোপৰি উত্তৰ পূৱ ভাৰতৰ একমাত্ৰ অভয়াৰণ্য য'ত লাজুকী বান্দৰ পোৱা যায়। আনকি বিশ্বৰ বিলুপ্ত প্ৰায় 7 টা প্ৰজাতিৰ বান্দৰ কেৱল এই অভয়াৰণ্যত হে পোৱা যায়।
20. 98 কিঃমিঃৰ এই অভয়াৰণ্য খন পাটকাইৰ পাদদেশলৈ বিয়পি আছে যদিও এতিয়া বহুতো সংকুচিত হৈ আহিছে। ৰাজ্যিক হোলোং গছৰ বাবে বিখ্যাত এই অভয়াৰণ্যই 1997 চনৰ 30 জুলাই তাৰিখে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে।2004 চনৰ মে মাহত অসম চৰকাৰে FRP 37/97/20 জাননী যোগে ইয়াক “হোলোঙাপাৰ গিবন অভয়াৰণ্য” বুলি নামাকৰণ কৰে। জৈৱ -জগতৰ চিৰ সেউজ এয় অভয়াৰণ্যখনত হলৌ বান্দৰ, লাজুকী বান্দৰ, সেন্দুৰী বান্দৰ, অসমীয়া বান্দৰ, মলুৱা বান্দৰ, কেপেট বান্দৰ, এছিয়ান হাতী, বাঘ, নাহৰ ফুটুকী বাঘ, বন মেকুৰী, বনৰীয়া গাহৰি, তিনি প্ৰকাৰৰ চিভেট, চাৰি প্ৰকাৰৰ কেৰ্কেটুৱাআৰু অতি কমেও 219 প্ৰকাৰৰ চৰাইৰ ওপৰিও কেইবা প্ৰকাৰৰ সাপ পোৱা যায়। চাম, কঁঠাল, অমৰা, ভেলু, চপা, নাহৰ, বান্দৰ ডিমা, ধূনা, ভোমোৰা, বন বগৰী, চেলেং, সাঁচি, আদি বৃক্ষ প্ৰচুৰ পৰিমাণে পোৱা যায়। দলু বাঁহ, বিজুলী বাঁহ, জেং জাতি বেত, সৌকা বেত, তৰা, চোৰাত আদি মূল্যবান উদ্ভিদ এই অভয়াৰণ্যক। এক অন্য মাত্ৰা প্ৰদান কৰিছে।
সাম্প্ৰতিক স্থিতিঃ
হোলোঙাপাৰ গিবন অভয়াৰণ্য পূৰ্বতে পাটকাইৰ পাদদেশলৈ বিস্তৃত হৈ আছিল যদিও 1896 চনত কিছুমান ঠাই অসংৰক্ষিত কৰাৰ পিছত অঞ্চলটো সৰু হৈ পৰে। চাহ বাগিচা বোৰ স্থাপিত হোৱাৰ ফলত মাজুলী আৰু6 ইয়াৰ দাঁতি কাষৰীয়া এলেকাৰ বানাক্ৰন্তত সৰ্বশান্ত হোৱা ৰাইজক পুণ: সংস্থাপন দিয়াত অৰণ্যখন খণ্ড-বিখণ্ড হৈ পৰে। তাৰ পাছত অৰণ্যখন পাটকাই পৰ্বতৰ পৰা পৃথক হৈ পৰে। তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে এই অভয়াৰণ্যখন লৈ ভাবুকি তথা অশনি সংকেত দেখা দিছে। ইয়াৰ ফলত ৰাজ্যত সাধাৰণ জনতা আৰু প্ৰকৃতি প্ৰেমীৰ মাজৰ চিন্তাৰ ভাঁজ পেলাইছে।
কেন্দ্ৰীয় বন মন্ত্ৰালয়ে যোৰহাট জিলাৰ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ চিৰ সেউজ ভূমিত তৈল খননৰ অনুমোদন দিয়াক লৈও সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আপুৰুগীয়া সম্পদৰে পৰিপুষ্ট চিৰ সেউজ গিবনত খনন চলালে জৈৱ-বিচিত্ৰৰ যি ক্ষতি সাধন হব তাক কোনেও পূৰণ কৰিব নোৱাৰে। অভয়াৰণ্যখন সুৰক্ষাৰ স্বাৰ্থত সমাজ তথা ৰাজ্যৰ সচেতন মহল আৰু প্ৰকৃতি প্ৰেমী সকলে আগবাঢ়ি আহিছে। ৰাজ্যৰ বিশিষ্ট চিত্ৰ শিল্পী মাৰ্চেল বৰুৱাই 37 ন 9নং ঘাইপথৰ অৰ্ধ নিৰ্মিত বাই পাছৰ দেৱালত চিত্ৰ অংকিত কৰাৰ উপৰিও দেৱালত গিবনৰ চিত্ৰ অংকিত কৰাৰ লগতে 'তেজ দিম, তেল নিদিওঁ' শ্লোগান লিখি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। অৰণ্য মানৱ যাদৱ পায়েঙে গিবন অভয়াৰণ্যত তৈল খননৰ বিৰোধিতা কৰি উদ্বেগ প্ৰকাশ কৰিছে। অৰণ্য মানৱগৰাকীয়ে তৈল খননৰ ফলত গিবনৰ প্ৰাণীকুল আৰু উদ্ভিদ কুলৰ অপুৰনীয় ক্ষতি হ’ব বুলি আশংকা প্ৰকাশ কৰিছে। প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাব পৰা অৱস্থাৰ সৃষ্টি নকৰিবলৈ আৰু বন সম্প্ৰতি জৈৱ সম্পদৰে চহকী গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি বিচাৰি বেদান্ত গ্ৰুপে প্ৰেৰণ কৰা এক পত্ৰ ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা হৈছে। ইয়াৰ জৰিয়তে বন ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বিষয়টো উন্মচিত হৈছে। চৰ্চা অনুসৰি বেদান্ত ৰিচাৰ্ছৰ সহায়ক সংস্থা কেয়াৰ্ণ অইল এণ্ড গেছে অভয়াৰণ্য খনৰ ভু-গৰ্ভত থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ অন্বেষণ কৰাৰ ওপৰত নীৰৱে দৃষ্টি ৰাখিছিল। ইতিমধ্যে অসমৰ বিভিন্ন স্থানত চলা প্ৰাকৃতিক গেছ খনন তথা অন্বেষণে অসমৰ বন্য প্ৰাণী আদি কৰি প্ৰকৃতিৰ বহুতো ক্ষতি কৰিলে। গিবন কেৱল এখন অৰণ্য নহয়, গিবন অসমৰ পৰিচয়। চৰকাৰৰ নীৰৱ ভূমিকাক অসমৰ ৰাইজে সন্দেহৰ আৱৰ্তত ৰাখিছে।
সম্প্ৰতি জৈৱ সম্পদৰে চহকী গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি বিচাৰি বেদান্ত গ্ৰুপে প্ৰেৰণ কৰা এক পত্ৰ ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা হৈছে। ইয়াৰ জৰিয়তে বন ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বিষয়টো উন্মচিত হৈছে। চৰ্চা অনুসৰি বেদান্ত ৰিচাৰ্ছৰ সহায়ক সংস্থা কেয়াৰ্ণ অইল এণ্ড গেছে অভয়াৰণ্য খনৰ ভু-গৰ্ভত থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ অন্বেষণ কৰাৰ ওপৰত নীৰৱে দৃষ্টি ৰাখিছিল। ইতিমধ্যে অসমৰ বিভিন্ন স্থানত চলা প্ৰাকৃতিক গেছ খনন তথা অন্বেষণে অসমৰ বন্য প্ৰাণী আদি কৰি প্ৰকৃতিৰ বহুতো ক্ষতি কৰিলে। গিবন কেৱল এখন অৰণ্য নহয়, গিবন অসমৰ পৰিচয়। চৰকাৰৰ নীৰৱ ভূমিকাক অসমৰ ৰাইজে সন্দেহৰ আৱৰ্তত ৰাখিছে।ভূমিত তৈল খননৰ পৰা আঁতৰি আহিবলৈ চৰকাৰক আহ্বান জনায়। তাৰোপৰি ৰাজ্যৰ প্ৰাজ্ঞনাগৰিক সকল, জাতীয় ছাত্ৰ সংগঠন,, ৰাজনীতিবিদ পৰিৱেশকৰ্মী আৰু সাধাৰণ জনতাও গিবন অভয়াৰণ্যত তৈল খননৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
সমস্যাঃ
অসমৰ ৰাজ্যিক বৃক্ষ হোলোং গছৰ বাবে বিখ্যাত অসমৰ গৌৰৱ গিবন অভয়াৰণ্যত অশনি সংকেত নামি আহিছে। বিভিন্ন সমস্যাৰ ভিতৰত বেদান্ত গ্ৰুপৰ তেল আৰু প্ৰাকৃতিক গেছ খননৰ বিষয়টো ৰাজ্যত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বেদান্ত গ্ৰুপৰ দ্বাৰা প্ৰেৰিত এখন পত্ৰই ইতিমধ্যে সচেতন মহল আৰু জন সাধাৰণৰ মাজত ব্যাপক চিন্তাৰ ভাঁজ পেলাইছে। উক্ত অভয়াৰণ্য খনত খনন কাৰ্য চলালে সেউজ ভূমিত বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হব। অসংখ্য জীৱ জন্তুৰ লগতে বিশ্বৰ বিলুপ্ত প্ৰায় 7 তা প্ৰজাতিৰ বান্দৰ আৰু মূল্যবান উদ্ভিদৰ বিস্তৰ ক্ষতি সাধন হ’ব। বনৰ পৰা ওলাই মুকলি স্থানত বিচৰণ কৰিবলৈ আৰম্ভ কৰিব। ফলত মানুহ আৰু জীৱ জন্তুৰ মাজত সংঘাত বৃদ্ধি হ’ব।
গিবন অভয়াৰণ্যত খনন কাৰ্য চলালে কিছু পৰিমাণে হলেও প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হব যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব। জীৱ জন্তু আৰু মানু্হ উভয়ে ইয়াৰ ফল ভুগিব লাগিব।
প্ৰকৃতি ধ্বংসৰ ফলত ক্ৰমাগত ভাৱে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ গভীৰতা হ্ৰাস পোৱাৰ বিপৰীতে সাগৰীয় জলপৃষ্ঠ বৃদ্ধি পাইছে। সাগৰৰ জলপৃষ্ঠতা বৃদ্ধি আমাৰ বাবে এক ডাঙৰ বিপদৰ লক্ষণ।
গিবন অভয়াৰণ্যত বৈদ্যুতিক ৰেলপথে অভয়াৰণ্য খনত সৰ্বাধিক ভাবুকি কঢ়িয়াই আনিছে। ব্ৰিটিছৰ দিনতে গিবন অভয়াৰণ্য খনক দুই ভাগত বিভক্ত কৰি বৰ্তমান মৰিয়নি তিনিচুকীয়া সংযোগী একমাত্ৰ ৰেলপথটো নিৰ্মাণ কৰা হৈছিল। ইয়েই আপুৰুগীয়া বন্য প্ৰাণী সমূহৰ বিলুপ্ত হোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। বিকট শব্দ হোৱাৰ ফলত কিছু কিছু বন্য প্ৰাণীৰ গৰ্ভ ধাৰণ ক্ষমতা হ্ৰাস পাইছে। ৰেলৰ খুন্দাত বন্য প্ৰাণীৰ মৃত্যু এতিয়া স্বাভাৱিক হৈ পৰিছে। সৌ সিদিনা কামপুৰত 7 টা হাতীৰ কৰুণ মৃত্যুৱেও আমাক জগাব নোৱাৰিলে। গছনি সমূহও লাহে লাহে কমি আহিছে। এনেকৈ চলি থাকিলে হয়তো ভবিষ্যত প্ৰজন্মই গিবনৰ নামহে শুনিবলৈ পাব, দেখা নাপাব।
সমাধানঃ
গিবন অভয়াৰণ্যৰ প্ৰতি যি ভাবুকি আহিছে ইয়াক সমাধান কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব। মাতৃভূমিৰ সম্পদ সমূহক সুৰক্ষিত কৰাৰ লগতে উপযুক্ত পদক্ষেপ গ্ৰহণ তথা বন্য প্ৰাণী আৰু অন্যান্য বনজ সম্পদ সুৰক্ষিত কৰিবলৈ বিভিন্ন আইন প্ৰণয়ন কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰে প্ৰকৃতি আৰু বন্য প্ৰাণী সম্পৰ্কে বিভিন্ন অনুষ্ঠান, কৰ্মশালা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ আয়োজন কৰিব পাৰে। কিছু ক্ষেত্ৰত চৰকাৰে বন আৰু প্ৰাণী সুৰক্ষাৰ বাবে আন্তৰ্জাতিক ভাৱে বিভিন্ন পৰামৰ্শ কৰ্ম সূচী গ্ৰহণকৰিব পাৰে। বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা আঁতৰ কৰিব লাগিব। 2500ভল্টৰ বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা থাকিলে গিবনকে ধৰি বাকী বন্য প্ৰাণী সমূহৰ বিপদ আসন্ন। ৰেল লাইনৰ মাজে মাজে দুই চাৰিটাকৈ দলং সাজি দিলে বান্দৰৰ যাতায়তৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ক হ’ব।
চৰকাৰৰ লগত পৰিৱেশ কৰ্মী, বন কৰ্মী, দল-সংগঠন, বুদ্ধিজীৱি, সচেতন মহল সাধাৰণ ৰাইজ সকলে গিবনৰ মূল্য বুজি পাব লাগিব। ইয়াৰ বাবে ৰেলি, সজাগতা সভা, ৰাজহুৱা স্থানত বন আৰু বন্য প্ৰাণী সমূহৰ চিত্ৰ অংকিত কৰি সমস্যা সমাধানৰ চেষ্ট চলাই যাব লাগিব।জন সজাগতা বৃদ্ধি কৰি অসমৰ সকলো বন তথা বন্য প্ৰাণী বিশেষকৈ আপুৰুগীয়া সম্পদ দ্বাৰা পৰিপুষ্ট গিবন অভয়াৰণ্যক সকলোৱে হৃদয়ত স্থান দিব পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰয়োজনত ভাৰত চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ লৈ পৰ্যাপ্ত পৰিমাণৰ বন কৰ্মী নিয়োগৰ ব্যৱস্থা কৰিব লাগিব। অতি দুঃখৰ বিষয় যে এই অভয়াৰণ্যখন জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা অতিকৈ চহকী যদিও ইয়াক বন বিভাগ, চৰকাৰ, দল সংগঠন, পৰিৱেশ প্ৰেমী আদি সকলে যি ধৰণে মূল্যাংকন তথা গুৰুত্ব দিব লাগিছিল তেনে ধৰণৰ গুৰুত্ব পোৱা নগল। ভৱিষ্যতে চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰি গিবন অভয়াৰণ্যৰ সমস্যা সমাধান কৰি ইয়াক সুৰক্ষিত কৰিব বুলি আমি আশাবাদী।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment