পঃৰাগ উৎসৱ আৰু মিচিং সমাজ
ভাইগেশ্বৰ পগাগ
পাচিঘাট,অৰুণাচল প্ৰদেশ
পৃথিৱীত জীয়াই থকা প্ৰতিটো মানৱ জাতিয়ে উৎসৱ পালন কৰে । ইয়াৰ মূল কাৰণ হৈছে আনন্দ প্ৰকাশ কৰিবলৈ, ধৰ্মীয় বিশ্বাস অটুট ৰাখিবলৈ, সামাজিক সম্প্ৰীতি বৃদ্ধি কৰিবলৈ আৰু কৰ্মব্যস্ত জীৱনৰ পৰা বিৰতি লৈ নতুন উদ্যম পাবলৈ। উৎসৱে পৰিয়াল-পৰিজন আৰু সমাজক একত্ৰিত কৰে, যিয়ে একলগে আনন্দ ভাগ কৰি মনৰ ক্লান্তি দূৰ কৰে।
উৎসৱ পালনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’লঃ
১) উৎসৱে মানুহৰ মাজত মিলাপ্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তোলে। ২) লোক-সংস্কৃতি, পৰম্পৰা আৰু প্ৰাচীন ৰীতি-নীতিসমূহ নতুন প্ৰজন্মলৈ আগবঢ়াই নিবলৈ উৎসৱ পালন কৰা হয়, যেনে—বিহু, আলি আঃয়ে লৃগাং, চলুং, পঃৰাগ আদি। ৩) দেৱ-দেৱীৰ পূজা-অৰ্চনা, ৰাম-ৰাৱণৰ যুদ্ধ বা বিভিন্ন পৌৰাণিক কাহিনীৰ স্মৰণত (যেনে- দিৱালী, হোলী) উৎসব উদযাপিত হয়। ৪) শস্য চপোৱাৰ সময়ত (ভোগালী বিহু বা পংগল) ভাল উৎপাদনৰ বাবে প্ৰকৃতি বা সৃষ্টিকৰ্তাক ধন্যবাদ জনাবলৈ উৎসৱ পালন কৰা হয়। ৫) নিত্য-নৈমিত্তিক জীৱনৰ একঘেয়ামী দূৰ কৰি মনলৈ নতুন আশা আৰু উৎসাহ কঢ়িয়াই অনা। মূলত, মানুহৰ সামাজিক জীৱনক আনন্দময় আৰু অৰ্থপূৰ্ণ কৰি ৰাখিবলৈ উৎসৱ অপৰিহাৰ্য।
অসম এখন নানান জাতি উপ-জাতিৰে ভৰা ৰাজ্য আৰু বাৰে-বৰণীয়া কৃষ্টি সাংস্কৃতিৰে সমৃদ্ধ সোণৰ অসম। নানা জাতি জনজাতিৰে ভৰা সেই সোণৰ অসম খন বাৰে-বৰাণীয়া কলা, কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ ৰাজ্য। এই ৰাজ্যৰ এটা জাতি হৈছে মিচিং জনজাতি। অসম-অৰুণাচলত থকা মিচিং সকল অসমৰ দ্বিতীয় বৃহত জনজাতি ৰূপে জনা যায়। মিচিং সকল নিজকে দঃঞি পঃলৰ সন্তান আবতানিঃৰ বংশধৰ বুলি নিজকে চিনাকি দিয়ে। আবতানিঃক তেওঁলোকৰ প্ৰথম মানৱ পিতৃ বুলি বিশ্বাস কৰে। সেই আবতানিঃৰ সন্তান সকল হৈছে-আদী, মিচিং, আপাতানি, নিচি, অকাঁ, হিলচ্ মিৰি, টাগিন আৰু গালং সকল। আবতানিঃৰ সন্তান সকলক তানিঃ গ্ৰোপ বুলি কোৱা হয়। ইহঁতৰ কোৱা ভাষাক তানিঃ আগম বোলা হয়।
অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মিচিং সকল নিজকে “মিচিং” বুলিহে পৰিচয় দিয়ে। যদিও অনা-মিচিং সকলে আগেয়ে তেওঁলোকক “মিৰি” বুলি অভিহিত কৰিছিল।এই “মিৰি” শব্দটো কৰ পৰা আৰু কেনেকৈ উতপত্তি হৈছে তাক সঠিকভাৱে কব পৰা নাযায়। এই সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মতামত পোষণ কৰিছে। “মিৰি” নামৰ উৎপত্তিৰ প্ৰসংগত জাতিটোৰ অগ্ৰণী পণ্ডিত স্বৰ্গীয় ডাঃনোমল চন্দ্ৰ পেগু, তৰুণ চন্দ্ৰ পামেগাম, আগম মিগাং নাহেন্দ্ৰ পাঃদুন ছাৰ আদিয়ে কব খোজে যে মিচিং সকলৰ পুৰুহিত বুজুৱা “মিৰৃ” শব্দ পৰাই “মিৰি” নামটো উৎপত্তি হৈছে। “মিৰৃ” শব্দই অসমীয়া মানুহৰ মুখত উচ্চাৰণৰ বিকৃতি ঘটি “মিৰি” হয়।বৰ্তমান অসম-অৰুণাচল প্ৰদেশত বসবাস কৰি থকা মিচিং সমাজত কেবাটাও ফৈদ বা খেল আছে। সেই খেল বা ফৈদবোৰ হৈছে- দৌলু-পাগৰ’, চাঃয়াং-মঃয়িং, ডাম্বুক-অয়ান, চামুগুৰিয়া-চমুৱাং, বংকুৱাল-তেমেৰাং আদি। মিচিং সমাজত অসমীয়া হিন্দু সমাজৰ ধৰে উচ্ছ নীচ কোনো ভেদা-ভেদ নাই। সকলোৱে সমান।
মিচিং সমাজ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰে নিয়ন্ত্ৰিত। যেনে প্ৰতিটো মিচিং গাঁৱত দঃলুং কৗবাং থাকে। এই দঃলুং কৗবাঙৰ দ্বাৰা গাওঁবোৰ পৰিচালনা কৰা হয়। গাঁৱৰ উৎসৱ পাৰ্বণ উৎযাপন কৰা নকৰা সকলো দায়িত্ব দঃলুং কৗবাঙৰ দ্বাৰা কৰা হয়।
মিচিং সকলৰ কেবাটাও নিজা উৎসৱ আছে। তাৰে এটা হ’ল “পঃৰাগ” উতসৱ। পঃৰাগ মিচিং সমাজত প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে উৎযাপন কৰা এক ধৰ্মীয় অনুষ্ঠান। সেই উৎসৱ, খেতি চপোৱাৰ পিছৰ আজৰি সময়ত অথবা নৰা-চিগা সময়ত অনুষ্ঠিত কৰা হয়, কাৰণে অনা-মিচিং সকলে এই উৎসৱক নৰা-চিগা বিহু বুলিও কোৱা হয়।আগে শাহু ধান চপোৱাৰ পাচত আহিন কাতি মাহতো আমৰাগ উৎসৱ পালন কৰা হৈছিল। আজি কালি সেই উৎসৱ মিচিং সমাজত পালন কৰা দেখা নাযায়।
পঃৰাগ উৎসৱ ঘাইকৈ ডেকা-গাভৰু সকলৰ দ্বাৰা উৎযাপিত কৰা এটা বিশেষ উৎসৱ। সেই কাৰণে ইয়াক “য়াঃমে-মৃম্বৃৰ দনাম” বুলিও কব পৰা যায়। মাঘ-ফাগুন মাহত আহু-বাও খেতিত নমাৰ পূৰ্বে পঃৰাগ উৎসৱ পালন কৰা হয়। ‘পঃৰাগ’ সম্পর্কে অভিজ্ঞতা থকা বা চৰ্চা কৰা সকলেও সর্বগ্রহণযোগ্য হোৱাকৈ ‘পঃৰাগ’ (Po:rag) শব্দটিৰ ব্যুৎপত্তিগত ব্যাখ্যা দাঙি ধৰিব পৰা নাই। মিচিং সমাজৰ বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা মন্তব্যৰ আঁত ধৰি ক’ব পৰা যায়- (ক) পঃৰাগত পৰম্পৰাগত ৰীতি-নীতিৰ লগতে আপং, ৰং-ধেমালি, নৃত্য ভংগী আদিৰ সমাহাৰ বা সমাহাৰেৰে উদ্যাপন কৰা হয়। সেয়েহে Apong শব্দৰ লগত Rag (ৰং-ধেমালি, নৃত্য-ভংগী উদ্যাপন) শব্দৰ সংযুক্ত হৈ Po:rag হ’ব পাৰে। (খ) পঃৰাগৰ মাংগলিক কাৰ্যৰ বাবে আগতীয়াকৈ আপং আগ বান্ধি থোৱা হয়। সেয়েহে Apong শব্দৰ লগত Agrag (পূজাৰ বাবে আপং আগ বান্ধি থোৱা) শব্দৰ সংযোগতো Po:rag হ’ব পাৰে। (গ) পঃৰাগত জাতি, সম্প্রদায় বা গাঁওখনৰ স্বাৰ্থত মানুহখিনিয়ে ঐক্যবদ্ধ হয়। সেয়েহে Po:mín (জাতি, সম্প্রদায়, বংশ) শব্দৰ লগত Ragnam (বন্ধা বা ঐক্যবদ্ধ কৰা) শব্দৰ সংমিশ্ৰণটো Po:rag হ’ব পাৰে। (ঘ) পঃৰাগত ‘পঃৰঃ’ আপং চাকিবৰ বাবে প্ৰকাণ্ড আকৃতিৰ Ta:sug /Po:bor বা Soko (মদ চকা পলহৰ নিচিনা বাঁহৰ যতন) ব্যৱহাৰ কৰাটো নিয়মত পৰিণত হৈ আহিছে। সেয়েহে Po:bor (ডাঙৰ যতনত চকা সুগন্ধি-সোৱাদযুক্ত মদ) শব্দৰ লগত Raksang (Apong Tosang) (তাঃচুগটো ওপৰলৈ উঠাই বন্ধা) শব্দৰ সমীভৱনটো Po:rag হ’ব পাৰে। পঃৰাগৰ ব্যুৎপত্তিগত অর্থ যিয়েই নহওক উল্লিখিত বিশ্লেষণ বোৰৰপৰা ‘পঃৰাগ’ যে মিচিং শব্দ তাক সম্পূৰ্ণৰূপে ক’ব পাৰি। লগতে ‘আপং’ মূল শব্দৰ পৰাই সমীভৱন হৈ পঃৰাগ শব্দৰ সৃষ্টি হোৱাৰ যুক্তিযুক্ততা নুই কৰিব নোৱাৰি। যিহেতু মিচিং ভাষাত পঃৰাগ পালন কৰাক Po:rag Tí:nam (পি-খোৱা) বুলি কোৱা হয়। এনে দিশৰপৰা চালে Apong Tí:nam অৰ পৰা Po:rag Tí:nam হোৱাটো খাটাং বুলি ধৰিব পাৰি। এই পঃৰাগ তৃঃনামক ধান চপোৱাৰ পিছত নৰা ছিগিবৰ সময়ত পালন কৰা দেখি অনা-মিচিংসকলে নাজানি “নৰা ছিগা উৎসব” বুলি সম্বোধন কৰিলে বোধহয়। অতীতত মিচিংসকলে নৃত্যৰে ভৰপূৰ দুটা ৰং-ধেমালিৰ পৰ্ব আয়োজন বা পালন কৰিছিল বুলি জনা যায়। তাৰে এটা হ’ল ‘আমৰাগ’ আৰু আনটো হ’ল পঃৰাগ।
গাৱঁত পঃৰাগ উৎসৱ পতাৰ বিষয়ে বহু দিনৰ আগৰ পৰাই চিন্তা-চৰ্চা চলে। পঃৰাগ উৎসৱ আয়োজন কৰিবলৈ বহু পৰিমাণ অৰ্থৰ আৱশ্যক হয়। সেই কাৰণে দুই তিনি বছৰ আগৰপৰাই ডেকা-গাভৰু সকলে মাইনং (সাময়িক হাজিৰা) আৰু বিহুত হুঁচৰি গাই পুঁঞ্জি অগ্ৰহ কৰা আৰম্ভ কৰে।উৎসৱৰ সময়ত অগণন আলহী-অতিথিৰ আগমন ঘটে কাৰনে বহু পৰিমাণৰ খাদ্য-পানীয়ৰ আয়োজন কৰিবলগীয়া হয়।পঃৰাগ উৎসৱত খৰচৰ পৰিমাণ অত্যধিক হয়।আগতে পঃৰাগ উৎসৱ পালন কৰিবলৈ বাঁহ-খেৰ, পাত-পচলা আদিৰে মণ্ডপ আৰু মূল মঞ্চ বনোৱা হৈছিল। আজি কালি দেখাক দেখি ২/৩ লাখ টকা খৰচ কৰি জাক-জমকতাৰে ব্যয়বহুল মঞ্চ সাজি পঃৰাগ উৎসৱ পালন কৰা দেখা গৈছে। এই সংস্কৃতি ভাল লাগে হৈছে নে, কাললৈ হৈছে পাঠক সমাজক বিবেচনা কৰিবলৈ এৰি দিলো।
আগৰ দিনত মিবুৰ দ্বাৰা পঃৰাগ উৎসৱ পৰিচালনা কৰিছিল।আজি কালি মিবু পাবলৈ নাই। মিবুৰ পৰিবৰ্তে গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰা এখন দঃলুং কৗবাং দ্ধাৰা উৎসৱ উৎযাপন কৰা হয়। সাম্প্ৰতিক কালৰ সময়ৰ গতিত খোজ মিলাই যাবলৈ মিচিং বাঃনৗ কৗবাঙে কিছু নিয়ম বান্ধি দিছে। প্ৰণালীবদ্ধ বাবে পঃৰাগ উৎসৱ পালন কৰিলে ভাল হয় ।
পঃৰাগ উৎসৱৰ কাৰণে য়ামে-মৃমবৃৰ (ডেকা-গাভৰু) দ্বাৰা পৰিচালনা কমিটি গঠন কৰা হয়। পৰিচালনা কমিটিত কিছুমান বিষয়ববীয়া থাকে। যেনে - মিগম বৰা, বৰপুৱাৰী, ডেকা বৰা, তিৰি বৰা, সুধৰ বৰা (ধন ভৰালী), পাটগিৰি, বৰাণী, মিনম বৰা, নামনতি, তামুলী, ঢোলীয়া, তালিয়া, বাৰৃগ, য়ামেঃ টেকেলাং, মিয়ুম টেকেলাং আৰু পৃকচাই বৰা, আদি বহু বিষয়ববীয়া থাকে। সকলো বিষয়ববীয়া বাছনি কৰাৰ পাছতে উৎসৱৰ দিন বাৰ নিৰ্ধাৰণ কৰা হয়। ৰাইজৰ সিদ্ধান্ত মৰ্মে কোনখন গাৱঁক “মিনম” (অতিথি) হিচাপে নিমন্ত্ৰণ কৰা হব,-এই বিষয়ে বিতংকৈ আলোচনা কৰা হয়। “মিনম” মানে পঃৰাগ উৎসৱলৈ নিমন্ত্ৰণ কৰি অনা অতিথি। সভাৰ সিদ্ধান্ত মৰ্মে সকলো দায়িত্ব ভাৰ অৰ্পণ কৰা হয়। সকলো বিষয়ববীয়াই নিজৰ নিজৰ দায়িত্ব পাল কৰা দেখা যায়।
পঃৰাগ উৎসৱৰ কাৰণে মুৰং অকুম বা মুৰং ঘৰ অতি আৱশ্যক হয়। মুৰংঘৰ মিচিং সমাৰ অভিন্ন অংগ। মুৰংঘৰৰ বিনা পঃৰাগ উৎসৱ উৎযাপন কৰিবলৈ কল্পনা কৰিবই নোৱাৰি। ‘মুৰং’ হৈছে প্রধানতঃ পঃৰাগ উৎযাপন কৰিবলৈ আহল-বহলকৈ নিৰ্মাণ কৰা মুকলিমূৰীয়া চাংঘৰ। এই ‘মুৰং’ শব্দৰ উৎপত্তি সন্দৰ্ভত বিশিষ্ট ব্যক্তি তথা লেখকসকলেও সু-স্পষ্ট মতামত আগবঢ়াব পৰা নাই। মুৰং যিহেতু ‘মঃৰং’ (মুকলিমূৰীয়া) কৈ নিৰ্মাণ কৰা অকুম বা উকুম (গৃহ) গতিকে এই ‘মঃৰং উকুম’ শব্দৰপৰাই কালক্ৰমত মঃৰং > মুৰং শব্দৰ সৃষ্টি হ’ব পাৰে। আনহাতে মিচিং ভাষাত ‘মিৰ্’ মানে পুৰোহিত, উকুম মানে গৃহ। পঃৰাগৰ মূল মাংগলিক পর্বত মৃবৃয়ে মুখ্য ভূমিকা পালন কৰে। সেয়েহে মিবৃয়ে মুখ্য ভূমিকা পালন কৰা গৃহক ‘মিৰৃ উকুম’ (পুৰোহিত গৃহ) নামকৰণ কৰা হৈছিল চাগে। কালক্ৰমত এই মিৰ্ উকুমৰ পৰাই বাগৰি গৈ মিৰৃ > মূৰং > মুৰং শব্দৰ উদ্ভৱ হ’ব পাৰে বুলি ক'ব পাৰি।উল্লেখ্য পঃৰাগ অনুষ্ঠান সমাপন কৰিবলৈ ‘মুৰং’ আৰু ‘মিবু’ অপৰিহাৰ্য অংগ। কিন্তু মিচিঙৰেই বিহিয়া খেলত চাংঘৰৰ মুৰং আৰু মিবু-মিৰ ব্যৱহাৰ নকৰাকৈ পঃৰাগ অনুষ্ঠান আয়োজন কৰে।
প্ৰাচীন কালৰেপৰা মুৰং ঘৰে মিচিং সমাজত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। মুৰং ঘৰক অবিবাহিত ডেকা ল’ৰাবোৰৰ ডেকা চাং বুলি অভিহিত কৰা হয় যদিও সামাজিক প্ৰয়োজনৰ ফালৰপৰা এই মুৰঙে একেধাৰে বিশ্রামালয়, প্রশিক্ষণালয়, অতিথিশালা, বিচাৰালয় আৰু উৎসৱালয়ৰ কাম কৰে। ‘মুৰং’ শব্দটোৰ ব্যুৎপত্তিগত অর্থ কিম্বা শব্দ-ৰূপৰ গঠন বিচাৰি পোৱা টান। কোনো কোনোৱে ‘মঃৰং’ অর্থাৎ মুকলি শব্দৰ পৰা মুৰং শব্দৰ সৃষ্টি হোৱা বুলি দেখুৱাব খোজে। মুৰং ঘৰ সাধাৰণতে গাঁওখনৰ মাজত মুকলি ঠাইত সজাৰ বাবে ‘মঃৰং’ অর্থাৎ ‘মুকলি’ বুলি ক’ব খোজে। কিন্তু ‘মঃৰং’ শব্দৰ পৰিৱৰ্তে সাধাৰণতে ‘মুৰং’ শব্দহে বেছিকৈ প্রয়োগ বা উচ্চাৰণ কৰা দেখা যায়। মঃৰং শব্দৰ প্ৰচলন মুৰঙৰ পৰিৱৰ্তে নহয়েই। আনহাতেদি মঃৰঙৰ দীর্ঘ ধ্বনিটো মুৰং শব্দত নাই। গতিকে মঃৰং > মুৰং হোৱাটো শব্দৰ ব্যুৎপত্তিগত তথ্যৰ ফালৰপৰা ভুল। অঞ্চল ভেদে মুৰং শব্দটো ‘মৰং’ বুলি উচ্চাৰণ কৰা শুনা যায়।
অৰুণাচলৰ আদী, পাঃদাম, মিঞং, গালং ইত্যাদি মিচিংসকলৰ সমগোত্রীয় জনজাতিৰ মাজতো মুৰং বা ডেকা চাং আছে। সিবিলাকৰো ব্যৱহাৰ মিচিং জনজাতিৰ দৰেই। বৰং এতিয়া মিচিং সমাজত মুৰং ঘৰ মৃতপ্রায় হ'ল যদও অৰুণাচলৰ আদীসমাজত ডেকা চাং এতিয়াও বিদ্যমান আৰু জীবন্ত অনুষ্ঠান হৈ আছে। মুৰং বা মুঃচুপ সাধাৰণতে গাঁওখনৰ মাজ ভাগত- যি ঠাইত সকলো ফালৰপৰা গমনা-গমনৰ সুচল হয়, তেনে ঠাইত সজা হয়। আদী সকলেও সেই একেদৰে গাঁওখনৰ মাজ ভাগতে সাজে। বাহিৰৰ ফালৰপৰা অহা বিদেশী বা অন্য লোকে সহজে গাঁওখনত যাতে প্ৰৱেশ কৰিব নোৱাৰে, মুৰং বা মুঃচুপতে প্রথমে উপস্থিত হ’ব লগীয়া হয় তেনে ঠাইহে নির্বাচন কৰে। ঘৰটো সাজোঁতে গাঁৱৰ ডেকা-বুঢ়া আদিয়ে লগ লাগি আন থকা ঘৰ সজাৰ দৰে সাজে। মাত্ৰ মুৰঙৰ দীর্ঘতা সাধাৰণ থকা ঘৰতকৈ দীঘল হ’ব পাৰে। সাধাৰণ থকা ঘৰৰ দৰে সাজিলেও মুৰঙত বেৰ দিয়া নাথাকে। কেৱল মাত্ৰ পিছৰ ডোখৰ অৰ্থাৎ ‘কক্দাং’ অঞ্চলটোহে বেৰি দিয়া হয়। মিচিং মুৰং ঘৰত এটা বা দুটা ‘মৗৰম্’ বা জুহাল থাকে আৰু সেইবোৰ প্ৰতিটো ফৈদ বা টোলৰ মৗৰম্ হিচাপে গণ্য কৰা হয়। কিছুমান মুঃচুপত অহা যোৱা কৰিবলৈ বা চাঙত উঠিবলৈ মৌৰম্ অনুযায়ী কেবাটাও জখলা দিয়া থাকে। মৗৰম্ বা জুহালৰ ওপৰত ধোঁৱা চাং বা পৌৰাব থাকে। তাতে চিকাৰত পোৱা মাছ-মাংস আদি শুকুৱা হয়। মুৰং ঘৰবোৰ সাজোঁতে সাধাৰণতে কাঠ, বাঁহ, বেত আদি ব্যৱহাৰ কৰে। সাধাৰণতে মুৰং বা মুঃচুপ সাজোঁতে খৰি জ্বলাব পৰা কোনো কাঠ ব্যৱহাৰ নকৰে। (আজি কালি ভৈয়ামত কাঠৰ অভাৱত মিচিংসকলে সকলো কাঠ ব্যৱহাৰ কৰা হৈছে) তাপৃদ, তাকিনাঃ তালী, তাগিয়াঃ তাংম আদি (আখ্যানত আগতে উল্লেখ কৰাৰ দৰে) কাঠহে ব্যৱহাৰ কৰে। মিচিং মুৰঙৰ ওপৰত খেৰ দিয়ে। কিন্তু পাঃদাম, গালং সকলে টকৌ পাতেৰে চায়। তাপদ তামং আদি কাঠ ব্যৱহাৰ কৰাৰ আন এটি কাৰণো আছে। ভাল দেৱতাবোৰে এইবোৰ কাঠ পচন্দ কৰে আৰু অপদেৱতাই (evil spirit) পচন্দ নকৰে। গতিকে মুঃচুপত ভাল দেৱতাহে থাকিব পাৰে; অপদেবতা থাকিব নোৱাৰে। মুৰং বা মুঃচুপ সজাৰ পিছত গাঁৱৰ ৰাইজে আপং, আদা (কেঃচি পঃৰ) আদি প্রথমে চিকাৰী দেৱতা নঃয়িক প্রার্থনা কৰা হয়।
পঃৰাগ উৎযাপন কৰা গাঁওখনে পূৰ্বৰ পুৰণা মুৰঙৰ পৰিৱৰ্তে নতুন মুৰঙতহে পঃৰাগ খোৱা নিয়ম প্রচলিত। সেইমতে গৃহ নিৰ্মাণৰ বাবে ভেটি মাটি নির্ধাৰণ কৰি ‘দেঃনৗ-দেঃমাং' (শুদ্ধি-অশুদ্ধি) পৰীক্ষা কৰা হয়। সেয়েহে ভেটিৰ শুদ্ধতা প্ৰমাণ কৰিবলৈ নখেৰে বাকলি গুচোৱা ‘পিঃমু’ বা ‘আৰঃ আম’ (পূৰ্ণাংগ ধান) ৰ চাউল পাঁচটা ‘কাম্ৰঃ অৗক্কাম’ (কৌপাত)ত টোপোলা বান্ধি ভেটিৰ বাবে নির্দিষ্টকৈ চাফ-চিকুণ কৰি থোৱা স্থানত গাঁত খান্ধি ‘কেদেঃ নাঃনৌ’ বা ‘মঃদি ৰুঃতুম’ (বসুমতী) পুজা কৰা হয়।
আদী-মিচিং সমাজৰ বাবে মঃচুপ বা মুৰংঘৰ পবিত্ৰ স্থল। কিছু কিছু মিচিং গাৱঁত মঃচুব বা মুৰংঘৰ নোহোৱা কৈয়ো মুকলি পথাৰত অস্থায়ী ৰভা সাজি পঃৰাগ উৎযাপন কৰে। সময়ৰ গতিত আধুনিক সমাজখনেও কিছু কিছু লোক বিশ্বাস তথা সমাজ ব্যবস্থাবোৰ সাল-সলনি কৰিবলৈ বাধ্য হৈছে। আজি কালি বাঁহ বেটেৰে সজোৱা মৃৰংঘৰৰ সলনি মৃৰংঘৰবোৰ পকী হৈছে। এই বুলি সমাজ ব্যবস্থা খনকেই সলনি কৰাটো উচিৎ নহয়। কাৰণ সেই আমাৰ আজু ককা হঁতৰ গঢ়ি থৈ দিয়া সমাজ ব্যবস্থা খনে হে আজি আমাৰ জাতিৰ চিনাকি ।
এতিয়া আহিছো পঃৰাগ উৎসৰ মূল বিষয় লৈ চালে মুৰং হৈছে পঃৰাগকে মুখ্য কৰি মিচিং সমাজ ব্যৱস্থাৰ লগত সংগতি ৰাখি সকলো ৰাজহুৱা কৰ্ম সম্পাদন কৰিব পৰা এক গুৰুত্বপূৰ্ণ মঞ্চ। সেয়েহে মুৰং ঘৰক মিচিং সংস্কৃতিৰ প্ৰাণকেন্দ্র বুলি কোৱা হয়।
উৎসৱৰ প্ৰথম দিনটোক “পঃৰাগ দাগাং” বা “অৃঃচাং” বোলা হয়। অৃ:চাঙৰ দিনৰ ভাগত ঘাইকৈ দুটা কাম অনুষ্ঠিত কৰা হয়। যেনে- ১) মুৰং ঘৰলৈ মিবু, সাতোলা, মিগম বৰা আৰু বৰপুৱাৰীক আদৰি অনা হয়। তেনেকৈ ডেকা বৰা, তিৰি বৰাৰ সৈতে অন্যান্য বিষয়ববীয়া সকলক মূল মঞ্চ লৈ আদৰি অনা হয়। ২) নিমন্তন কৰা অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিচৰ কাৰ্যসূচী হল মিনম (অতিথি আদৰণি) য়ামৰৃকচুনাম। মিনম সকলক ঢোল-তালেৰে নাচি-ভাগি সন্মানেৰে আদৰি অনা হয়। অতিথি সকলক আদৰি অনাৰ পিছৰ পৰাই পঃৰাগ তলিৰ পৰিবেশ আনন্দ মুখৰ হৈ পৰে। ৩) পঃৰাগৰ মূল কাৰ্যসূচী আৰম্ভ হয় মাজনিশাৰ পঃদন কাত্-নাম্ পৰ্ব পৰা। পঃদন সকলে পঃবৰত মাঙ্গলিক কাৰ্য্যৰে আপং ভৰোৱা হয়। পঃবৰ হৈছে পঃৰ আপং ছেকা সজুলি। পঃবৰত আপং ভৰোৱা কাৰ্য্য সমাপন কৰাৰ আন্তত গুমৰাগ চঃমানেৰে মঃচুপ বা মুৰংঘৰটো খনত পাঁচবাৰ ঘুৰি ঘুৰি নাচিব লাগে। ইয়াকে পঃনুং নুঃনাম বোলে। ইয়াৰ পিছত আচি কান্নাম বা পানী ঢলা কাৰ্য্য আৰম্ভ হয়। পঃবৰত ঢালিব লগা পানীখিনি অপুষ্পিতা (এঁৱা) চাৰিজনী ছোৱালীয়ে জ্যেষ্ঠ গাভৰুৰ সহযোগত তুলি অনা হয়। এনেদৰে অপুষ্পিতা ছোৱালীয়ে তুলি অনা পানীক মিবু গম্পাগ পমচি বোলা হয়। মিগম বৰা আৰু বৰপুৱাৰীয়ে পানী ঢালি কাৰ্য্য শুভ আৰম্ভ কৰে। “আচি কানানাম” সময়ত সকলোৱে দঃঞি-পঃল, কাৰ্চিং কাৰ্তাং, গুঃমৃন-চঃয়িন আদি দেৱতাসকলৰ ইদ্দেশ্যে সমস্বৰে প্ৰাৰ্থনা জনায়। এই সমবেত প্ৰাৰ্থনাক “ৰৌঃবাদলৃগলা পেনাম” বোলে। মিচিং জনবিশ্বাস মতে পঃবৰ তাঃচুক প্ৰথম টোপাল “পঃৰৃগ” কুকুৰা ডাক নিদিয়া আগতেই তলত পাতি থোৱা পাত্ৰত পৰিব লাগে বুলি বিশ্বাস কৰে। ঠাই বিশেষে কিছু নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়।
উৎসৱৰ দ্বিতীয় দিনটো অতি আকৰ্ষকণীয় দিন বুলি মনা হয়। এই দিনটোৰ উল্লেখযোগ্য কাৰ্যক্ৰমণিকা হল (১) “এঃক মান্নাম বা য়ৗগমান মান্নাম” অৰ্থাত গাহৰি উছৰ্গাৰ কাৰ্য্য আৰম্ভ হয়। কেদে নাঃনৗ, দঃঞি পঃল, কাৰ্চিং-কাৰ্তাং, গুঃমৃন-চঃয়িন আদি সৃষ্টিকৰ্তা দেৱ-দেৱী সকলকৰ নামত পাঁচটা গাহৰি, তাৰে এটা য়ৗকচক (চেঁউৰী) লগতে পাঁচটা কুকুৰা উছৰ্গা কৰা হয়। এই উচৰ্গা পৰ্বৰ সময়ত পানীৰে ধোৱাই থোৱা গাহৰি বোৰৰ গালৈ মূল বিষয়ববীয়া জনে (অৃঃৰগৃং জনে) চাউল ছটিয়াই দিয়াৰ লগে লগে মিবু আৰু সমৱেত ৰাইজে ৰৌঃবাদলা পেনাম কৰে। অন্য বিষয়ববীয়াবোৰে গাহৰি ডিঙিত চেপা মাৰি ধৰে আৰু গাহৰিবোৰৰ বুকুত কটাৰীৰে অলপ ৰেপি সেই তাইতে চেপেটা জোঙা বাঁহ এচটা বুকুৰ ভিতৰলৈ বেদ কৰি দিয়া হয়। এই বাঁহচটাক কঃপৃদ বা চেপৃদ বোলে।উছৰ্গিত গাহৰিৰ কলিজাৰে অভিজ্ঞজনে গাৱঁৰ শুভ-অশুভৰ বিষয়ে মঙ্গল চোৱা হয়। গাহৰিৰ কলিজাত ৰাইজৰ কি কি হব পাৰে,তাৰ চিহ্ণ থকা বুলি বিশ্বাস কৰা হয়।তাকেই “আইন তাগিৰ কাঃনাম” বোলে।
(২) জুঃনৌ মিনম য়াম-ৰৃক-চুনাম বা দুঃনৌ য়াম্-ৰৃক-চুনাম্ (জী-জুৱাই আদৰি অনা পৰ্ব) আৰু পঞ্জীয়ণ কৰা।জুঃনৌ বা দুঃনৗ মেঃনৗ হৈছে গাৱঁৰ জীয়াৰী। গাৱঁৰ পৰা বিয়া উলিয়াই দিয়া জীয়াৰী সকলক সন্মানেৰে আদৰি অনা হয় আৰু জী-জোৱাঁই সকলৰ উদ্দেশ্যে আয়োজন কৰা ভোজ-ভাতৰ অনুষ্ঠান। সকলো জুঃনৗ মিনমে দুই যোৰাকৈ ডেকা-গাভৰু লগত লৈ অনা নিয়ম। যদি আনিব নোৱাৰে তেতিয়া সমাজৰ নিয়ম অনুসৰি ৰাইজক দণ্ড দিব লাগে। (৩) জুঃনৌ মিনম সকলৰ মাজত গুমৰাগ নৃত্য প্ৰতিযোগিতা হয়। দিনৰ ভাগত এনেদৰেই আবাল বৃদ্ধ বনিতা সকলোৱে উৎসৱমুখৰ পৰিৱেশত বুৰ গৈ থাকে (৪) অনান্য নিমন্ত্ৰিত অতিথি সকলক আদৰি অনা আৰু বিদাই দিয়া হয়। জী-জীয়াৰী সকলকৰ উদ্দেশ্যে আয়োজন কৰা ভোজক “দমান তৃমান” বোলে। এই কাৰ্য্য অতি হৃদয়স্পৰ্শী হয়। এই কাৰ্য্যক্ৰম সকলোৰে হৃদয়ত উলাহৰ ঢল নমায়। গাৱঁৰ সকলো উলিয়াই দিয়া জীয়াৰীক পঃৰাগৰ কেইসপ্তাহ মানৰ আগতেই নিমন্ত্ৰণ জনোৱা হয়। গাৱঁৰ কোনো এজনীও নিমন্ত্রণ কৰোতে জী-জীয়াৰীয়ে যাতে বাদপৰি নেজায়,তাৰ প্ৰতি বিশেষ ভাবে চকু দিয়া হয়।কোনোবা জীয়াৰীয়ে বুঢী হৈ আহিব নোৱাৰিলে, তেওঁৰ পুতেক বা নাতিয়েক আহি পঃৰাগত যোগদান কৰে। পৰিয়ালৰ ককাই-ভাই, বাই-ভনী, পিতা-মাতাৰ সৈতে জীয়াৰীহঁতৰ পুনৰ্মিলন ঘটে।এই দিশৰপৰা চালে পঃৰাগ উৎসৱক পুনৰ্মিলনৰ উৎসৱ বুলি ক’ব পাৰি।
৩! তৃতীয় দিনটো প্ৰিতি ভোজৰ আয়োজন হয়। মিনম সকলৰ দ্বাৰা গুমৰাগ নৃত্য পদৰ্শন কৰা হয় আৰু ৰং ৰহইচ কৰা হয়।সন্দিয়া ফালে সাতোলা আৰু আমন্ত্ৰিত মিনম সকলক “য়ামলেন-লৃক-কুনাম” অৰ্থাত বিদাই কাৰ্য্য কৰা কৰা।
চতুৰ্থ দিনটো গাৱঁৰ ৰাইজে ৰং ৰহইৰে এসাজ খোৱা-বোৱাৰ কৰা দিন। এই দিনটোত অৃ:ৰগৃং আনৗ-আবুয়ে অৰ্থাৎ মিগম বৰা আৰু বৰপুৱাৰীয়ে নিজৰ ফালৰ পৰা ৰাইজক এটা দতাল গাহৰি মাৰি ভোজ-ভাত খোৱা নিয়ম আছিল। আজি কালি সেই নিয়ম লাহে লাহে নোহোৱা হৈছেগৈ। সেই দিনটোত সকলোৱে মিলি-জুলি ৰং ৰহইচ কৰে। সকলোৱে আত্মীয় কুটুমক নিচেই কাষত পাই আত্মহৰা হৈ পৰে।
উৎসৱৰ অন্তত য়ামে মৃমবৃৰ সকলে মিগম বৰা আৰু বৰপুৱাৰীক পূৰ্বতে আদৰি অনাৰ ধৰেই ঢোলে তালে ঘৰত আগবঢ়াই থয়গৈ।
৪। চতুৰ্থ দিনা গাৱঁৰ ডেকা গাভৰু সকলোৱে মিলি প্ৰিতি ভোজ ভাত খোৱা হয় আৰু পঃৰাগৰ সময়ত জমা কৰা বয়-বস্তুবোৰক ঘৰে ঘৰে চমজি দিয়া হয়। যিহেতু তিনিদিন ধৰি অতিথি আল পইচান কৰোতে খোৱা-বোৱাৰ সময় নাথাকে। সেয়ে চতুৰ্থ দিনা ডেকা গাভৰু সকলোৱে মিলি জুলি একে লগা এসাজ খোৱা হয়।
পঃৰাগ সাধৰণতে তিনি দিনীয়াকৈ উৎযাপন কৰা হয়। কিছু কিছু গাৱঁত পাঁচ দিনীয়া কৈয়ো পালন কৰা দেখা যায়। কিছু কিছু গাৱঁত মিনম্ নমতাকৈও পঃৰাগ উৎযাপন কৰা হয়।তেনে পঃৰাগক “জুঃনৈ/দুঃনৗ মেঃন্য পঃৰাগ” বোলা হয়।
পঃৰাগ উৎসৱ সম্প্ৰীতি আৰু সমন্বয়ৰ উৎসৱ। পঃৰা উৎসৱে মানুহক ভাল পাবলৈ, ইজনে-সিজনক লগ পাবলৈ, একে লগে কাম কৰিবলৈ আৰু ৰং ৰহইছেৰে জীয়াই থাকিবলৈ শিকাই। তেনে উৎসৱে সমাজত একতাৰ জৰিডালক ঠনকিয়াল কৰি ৰাখে। মিচিং জনগোষ্ঠীক পুৰ্ণাঙ্গজাতি হিচাপে গঢ়দিয়াত পঃৰাগে অপৰিসীম অৰিহণা যোগাই আহিছে।
পঃৰাগ মিচিঙৰ বৃহত্তম ৰাজহুৱা মাংগলিক পর্ব তথা সমাজ-সংস্কৃতি আৰু সমন্বয়ৰ মহামিলনৰ অনুষ্ঠান। পঃৰাগৰ পৰম্পৰাত যিখিনি নাই সেইখিনি মিচিং সমাজ ব্যৱস্থাত নাই। আনহাতে পঃৰাগৰ পৰম্পৰাত যিখিনি আছে, সেইখিনি মিচিং সমাজ ব্যৱস্থাত আছে বুলি ক'ব পাৰি। গ্রাম্য জীৱনেৰে আধাৰিত মিচিং সমাজৰ সকলো দিশেই পঃৰাগত চমু ৰূপত প্রতিফলিত হয়। মিচিঙৰ প্ৰথম সহিত্যিক পেন্সনাৰ, বিশিষ্ট কবি-সাহিত্যিক, নাট্যকাৰ প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ ভাষাত ক'বলৈ গ'লে- “পঃৰাগ উৎসবে মিচিং সমাজলৈ আনি দিয়ে প্রেম-প্রীতি, মৰম-চেনেহ, কৰ্মতৎপৰতা, কর্তব্যপৰায়ণতা, সমাজসেবা, দায়িত্ববোধ আৰু বাধ্যতামূলক গুণ।”
মিচিং জনগোষ্ঠীক পূর্ণাংগ জাতি হিচাপে গঢ় দিয়াত পঃৰাগে অপৰিসীম অৰিহণা যোগাই আহিছে। পিছে এনেহেন অনুষ্ঠান আজি অর্থনৈতিক সংকটৰ গৰাহত। তাহানিতে এখন গাঁৱে প্ৰতিবছৰে পালন কৰা পঃৰাগে ১৯৫০ চনৰ প্রলয়ংকৰী ভূমিকম্পৰ পিছৰপৰা দুই-তিনি বছৰৰ মূৰে মূৰে উদ্যাপন হ’ব ধৰে। সম্প্রতি বানবিধ্বস্ত হৈ আগৰ সচ্ছল গ্রাম্য জীৱন-প্ৰণালী ধ্বংস হৈ পঃৰাগ উদযাপনৰ পৰিৱেশো ক্রমান্বয়ে কমি অহা পৰিলক্ষিত হৈছে। আজি পঃৰাগক জীয়াই ৰাখিবলৈ স্বকীয়তাখিনৰ আধাৰত কম ব্যয়, কম ব্যৱস্থাৰে সময়ৰ লগত খাপ খোৱাকৈ সহজ ৰূপত উদ্যাপন কৰাৰ সময় সমাগত বুলি আমি ভাবো। তেতিয়াহে পঃৰাগ জীয়াই থাকিব আৰু পঃৰাগে মিচিং জাতিক স্বকীয় ৰূপত জীয়াই ৰাখিব।
সহায়ক পুথিঃ
১। মিচিং সমাজ সংস্কৃতি আৰু পৰম্পৰা - জুৱেল পেগু
২। মিচিং সংস্কৃতিৰ পটভূমি - নাহেন্দ্ৰ পাঃদুন
৩। মিচিং সংস্কৃতিৰ জিলিঙনি - পুৰ্ণানন্দ ভূঁঞা
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment