কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে
উৎপল বৰকটকী
বিশ্বনাথ
কোনে কবিৰ দুৱাৰত টোকৰ মাৰে
কবিতাৰ আখৰ কাটি
এইমাত্ৰ কবি শুইছে
কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে
নিনাদিত নিৰ্জনতাৰ ছাঁ-পোহৰত
ৰাষ্ট্ৰযন্ত্ৰৰ হাতোৰাৰ পাছতো...
খদমদম
কোলাহল
ঢৌ খেলি নদী গুচি যায়
চোতালত ঔ-ফুল সৰে
পানীডোঙা বান্ধে চকুত
নাঙলৰ সীৰলুত ভৰসাৰ চাপ
চিঞৰ এটা মাৰি দে
হাহাকাৰ কণ্ঠক জোকাৰি দে
পথাৰখনক নাঙঠ কৰি নাৰাখিবি বোপাই
সকলো শেষ হ’লে নাথাকিব একো
সলসলীয়াকৈ ফুটাই মাত আখৰকেইটা
তই নিশিকিলে শিকিব কোনে আখৰকেইটা
আমাক এটা বাট লাগে
নিজাকৈ
এটা শেষ নোহোৱা বাট
সূৰ্যমুখী বাট
কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে আছে
বাট এটা উলিওৱা
আখৰকেইটা ফুটাই মাতি খোজ দিওঁ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:
Post a Comment