কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে

 


কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে 


                                  উৎপল বৰকটকী

                                              বিশ্বনাথ


কোনে কবিৰ দুৱাৰত টোকৰ মাৰে

কবিতাৰ আখৰ কাটি

এইমাত্ৰ কবি শুইছে


কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে থাকে 

নিনাদিত নিৰ্জনতাৰ ছাঁ-পোহৰত

ৰাষ্ট্ৰযন্ত্ৰৰ হাতোৰাৰ পাছতো...


খদমদম

কোলাহল

ঢৌ খেলি নদী গুচি যায়

চোতালত ঔ-ফুল সৰে


পানীডোঙা বান্ধে চকুত

নাঙলৰ সীৰলুত ভৰসাৰ চাপ


চিঞৰ এটা মাৰি দে

হাহাকাৰ কণ্ঠক জোকাৰি দে

পথাৰখনক নাঙঠ কৰি নাৰাখিবি বোপাই

সকলো শেষ হ’লে নাথাকিব একো


সলসলীয়াকৈ ফুটাই মাত আখৰকেইটা

তই নিশিকিলে শিকিব কোনে আখৰকেইটা


আমাক এটা বাট লাগে

নিজাকৈ 

এটা শেষ নোহোৱা বাট

সূৰ্যমুখী বাট


কবি শুলেও কবিতাৰ আখৰবোৰ সাৰে আছে

বাট এটা উলিওৱা

আখৰকেইটা ফুটাই মাতি খোজ দিওঁ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages