সাম্প্ৰতিক মানুহৰ বৌদ্ধিক স্তৰ
জাতিৰাম কমান
প্ৰখ্যাত মনস্তত্ববিদ ম্যাশলোৱে ত্ৰিশংকূ আকৃতিৰ পাঁচবিধ মানৱীয় প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। ইয়াৰে প্ৰথমবিধ হল মানুহৰ বুনিয়াদী প্ৰয়োজন। যেনে - খাদ্য, বস্ত্ৰ, নিদ্ৰা আৰু মৈথুন যি অন্য ইতৰ প্ৰাণী বা জীৱ জন্তুৰ ক্ষেত্ৰতো বিদ্যমান। দ্বিতীয়বিধ প্ৰয়োজনীয়তা হল আত্মৰক্ষা বা সুৰক্ষাৰ বাবে বাসস্থান লগতে পৰিয়াল ও সম্পদ আহৰণ। তৃতীয় স্তৰত হ’ল পাৰিবাৰিক বান্ধোন, মৰম স্নেহ, বন্ধুত্ব, স্বাস্থ্য ৰক্ষা, আত্মীয়তা আৰু সামাজিক দায়বদ্ধতা।চতুৰ্থ স্তৰৰ প্ৰয়োজনীয়তাখিনি হ’ল - আত্ম সন্মান (Self respect, self esteem). আৰু পঞ্চম তথা শেষ স্তৰৰ প্ৰয়োজন হ’ল আত্মানুসন্ধান (self actualisation).
প্ৰকৃতিসৃষ্ট এইখন পৃথিৱীত প্ৰকৃতিপ্ৰদত্ত বিধানেৰে অন্য প্ৰাণী তথা জীৱ জন্তুৰ দৰেই মানুহৰো জন্ম আৰু মৃত্যু হয়। জন্ম মৃত্যুৰ মাজৰখিনি সময়ছোৱা জীয়াই থাকিবলৈ আহাৰ আৰু নিদ্ৰাৰ প্ৰয়োজন হয়। সমাজৰ সৰহখিনি মানুহ এই স্তৰেদিয়েই জীৱনটো অতিবাহিত কৰে।
নিজৰ আৰু পৰিয়ালৰ খাদ্য যোগাৰ কৰোঁতেই জীৱনটো পাৰ হৈ যায়। খাদ্য বস্ত্ৰৰ যোগাৰ, থাকিবৰ কাৰণে ছাল বেৰ দিয়া জুপুৰি হ’লেও ঘৰ এখন সাজি পৰিয়াল আৰু লৰা ছোৱালীক চোৱা চিতা কৰোঁতেই জীৱনটো অতিবাহিত হৈ যায় মৰা কাললৈকে। কাজেই তেনে অৱস্থাত ম্যাচলোৱে ভাগ কৰা চতুৰ্থ আৰু পঞ্চম অৱস্থালৈ বহু মানুহ উপনিত নহয়গৈ বা হ’ব নোৱাৰেগৈ।
থোৰতে প্ৰয়োজনীয় স্তৰসমূহ হ’ল -
(১) প্ৰাথমিক প্ৰয়োজনীয়তাঃ (খাদ্য, বস্ত্ৰ, নিদ্ৰা, মৈথুন)।
(২) আত্মৰক্ষা ও সুৰক্ষা। স্বাস্থ্য,পৰিয়াল,সম্পদ,জীৱিকা)।
(৩) প্ৰেম ভালপোৱা ও বন্ধন (বন্ধুত্ব, প্ৰেম, পৰিজন আৰু সামাজিক সম্বন্ধ)।
(৪) আত্ম সন্মান (self respect) (সামৰ্থ্য, আত্মবিশ্বাস, পাৰদৰ্শিতা বিশেষ পৰিচয় বহন ক্ষমতা)।
(৫) আত্মানুসন্ধান, আত্মোপলব্ধি (Self actualization).
সমাজৰ সিংহভাগ মানুহ ওপৰত উল্লেখ কৰা প্ৰথম স্তৰতেই থাকে।বিশেষকৈ ভাৰতীয় মানুহবোৰ এতিয়াও সেই স্তৰতেই আছে বুলি ক’লে হয়তু বঢ়াই কোৱা নহব! বহুতে জীয়াই থাকিবলৈ যেনেতেন প্ৰকাৰেণ খাদ্য যোগাৰ কৰিব পাৰিলেও কিন্তু সম্পদ আহৰণ কৰিব নোৱাৰে আৰু পৰিয়ালটি ভালকৈ পোহপাল দিয়াৰ লগতে সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা দেখা যায়। যিবোৰ মানুহে পেটৰ তাড়নাত অকল দৌৰা দৌৰি কৰিব লগা হয়,চৰকাৰে দিয়া ৰেচন পাতিৰে চলিব লগা হয়, দহ হেজাৰ টকীয়া চেকৰ আশাত ঘৰ বাৰী এৰি জাকে জাকে পৰুৱাৰ দৰে লানি নিছিগাকৈ তিৰি ছলি সোপা মেলে মিটিঙে ভিৰ ভাৰত ব্যস্ত হৈ থাকিব লগা হয়, তেনে সামাজিক অৱস্থাৰ মানুহে প্ৰেম ভালপোৱা, আত্মৰক্ষা, সামাজিক সুৰক্ষা,সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰাৰ সময়কন পাবনো কত? ট্ৰিলিয়ণ ডলাৰ ইকনমি'ত উন্নীত হোৱা ৰাষ্ট্ৰ বুলি দাবী কৰা এখন দেশত এমুঠি অন্নৰ বিনিময়ত ভোট ক্ৰয় বিক্ৰয় কৰা ব্যৱস্থাই গনতান্ত্ৰিক মূল্যবোধত চৰম আঘাত হনাৰ লগতে এখন উন্নত ৰাষ্ট্ৰ বুলি দাবী কৰা দেশৰ বাবে এক ডাঙৰ বিড়ম্বনা!যত ভোটাৰ শ্ৰেনীটোক ব্ৰয়লাৰৰ দৰে দানা খুৱাই ৰখা হয়।
ম্যাচলোৱে (Maslow's Hierarchy of needs) আৱিস্কাৰ কৰা চতুৰ্থ স্তৰৰ প্ৰয়োজনীয়ালৈ বহুতে উপনিত হব পাৰিলেও কিন্তু পঞ্চম স্তৰলৈ গৈ উপনিত হোৱাতো সুকঠিন। সেই স্থানত বিশ্বৰ প্ৰখ্যাত দাৰ্শনিক, আধ্যাত্মবাদী মনিষী, প্ৰজ্ঞাৰ সাধক, গুণী জ্ঞানী স্বপ্নদ্ৰষ্টা পুৰুষে গৈ পাইছেগৈ বুলি নিজকে দাবী কৰিলেও কথাটো আপেক্ষিকহে! ই নিৰংকুশভাৱে
সত্যৰ ওপৰত প্ৰতিষ্ঠিত মুঠেও নহয়।
বিশ্বৰ প্ৰায়ভাগ মানুহেই পৰিয়াল পৰিজন, লগ সংগৰ লগত গতানুগতিক জীৱন যাপন কৰাতেই সীমাবদ্ধ থাকে।সকলো মানুহে জীয়াই থকাৰ সন্ধানত নিজা নিজা বৃত্তিত নিয়োজিত থাকে, চিষ্টেমৰ এটা অংগ হিচাপে। ঠিক চাইকেলৰ চকাৰ স্পোক এডালৰ দৰে চকাৰ লগত ঘূৰিহে থাকে।স্প'ক বা কগ'ৰ (cog of a wheel) নিজস্ব সুকীয়া গতি নাথাকে।চকা ঘূৰিলেহে ঘূৰে।
এই সংসাৰলৈ আহি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কিমান জনেনো আত্ম-উপলব্ধি কৰেনো?কিমানেনো আত্মানুসন্ধান কৰে যে - 'মই কোন? ক’ৰ পৰা আহিছো, কিয় আহিছো? ক’লৈ গতি কৰিছো আৰু এই গতিৰ অন্ত কি?
অৱশ্যে আত্মানুসন্ধান কৰিলেও ইয়াৰ উত্তৰ শূন্য! সেই প্ৰশ্ন মানুহ সভ্য হ’বৰে পৰা জীৱশ্ৰেষ্ঠ হোৱালৈকে কৰিয়েই আছে কিন্তু উত্তৰ পোৱা নাই আৰু নাপায়ও। অনাদি কালৰে পৰা সৃষ্টিকৰ্ম চলি আহি অনন্ত কাললৈ চলি থাকিব কিন্তু সৃষ্টিতত্ত্ব, সৃষ্টি ৰহস্য সাথঁৰ হৈ ৰ’ব!
আমি জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি দাবী কৰাৰ অন্তৰালত বিবেকৰ শ্ৰেষ্ঠতাক দোহাই নহয়, বৰঞ্চ সৰ্বভক্ষী প্ৰাণী হিচাপেহে আমি জীৱৰ এক নং স্থানত।সাপ বেং, গৰু, ম’হ, কুকুৰ মেকুৰী বান্দৰ, হাতী ভক্ষণকাৰী মানুহ নামৰ জন্তুবিধক স্বয়ং বাঘ সিংহও ভয় কৰে!
ক্ৰমান্বয়ে মানুহ এবিধ মৰাত্মক জন্তুলৈ ৰূপান্তৰ হৈ গৈয়েই আছে। ডাইনোছৰ, ড্ৰেগন, ৰাক্ষস, পিশাচ এনেয়ে কোৱা হোৱা নাই, ইতিহাস ইয়াৰ জলন্ত সাক্ষী। মানুহে মৰা কটা কৰি,যুদ্ধ বিগ্ৰহ কৰি, ইটোৱে সিটোক বধ কৰি সভ্যতাৰ নামত নৰমেধ যজ্ঞ কৰি আহিছে যুগে যুগে।
মানুহ সভ্য হলে জানো ধৰ্মৰ নামত জীয়াই জীয়াই পুৰি মানুহ মাৰি পৈশাচিক তৃপ্তিৰে হৰ্ষোল্লাস কৰিব পাৰে?ক্ষমতাৰ বাবে নিৰীহ মানুহক বলিৰ পাঠা কৰি কুকুৰ মেকুৰীৰ দৰে বধ কৰি গাদীত বহিব পাৰে?
মানুহৰ তেনে পৈশাচিক অভিলাসবোৰ জান্তৱ বুলি কৈ আনক অনিষ্ট নকৰা প্ৰাণীকূলক অপমান কৰাহে হ’ব। কাৰণ, নিৰীহ বনৰ পশু পক্ষীয়ে এনেয়ে অবাবত প্ৰাণী বধ নকৰে যেনেদৰে মানুহ নামধাৰী হিংস্ৰ জন্তুবিধে কৰে।
সভ্য বুলি দম্ভালি মৰা আজিৰ যুগৰ মানুহে অন্ততঃ দাবী কৰিব নোৱাৰে ‘আত্মানুসন্ধান’ কৰা বুলি আজিৰ তাৰিখত, আজিৰ প্ৰেক্ষাপটত। কাৰণ, মানুহৰ ভাগদৌৰ, নিগনিদৌৰ কেৱল মাত্ৰ খাই জীয়াই থকাৰ বাবেহে। আজিকালি Humanity, Empathy, Sympathy আদি শব্দবোৰ বিশ্ব বজাৰত মহঙা শব্দ। কেৱল মাত্ৰ data আৰু dollar ৰ দৌৰ, ইয়াত অনুকম্পাৰ স্থান নাই।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:
Post a Comment