দাৰিদ্ৰ
ৰুদ্ৰ সিংহ মটক
বহুদিন, বহুকাল ধৰি
আকাশত আকালৰ ছাঁ
গাওঁ চোতাল আৰু মজিয়াতো
বুকুখন কঁপি উঠিছে আশঙ্কাত,
যদি অভাৱে মাহঁতক দিনদুপৰতে উলঙ্গ কৰে
যদি গাভৰু ভনীহঁত চোতালতে
বিবস্ত্ৰা হৈ যায়
যদি লঘোণীয়া বনুৱা ভাইহঁতৰ হাতবোৰ
কোৰৰ নাল অথবা হাতুৰীৰ দৰে নিস্প্ৰাণ,
কোঙা হৈ পৰে
যদি অপুষ্টিত ভোগা চহৰৰ মেতৰপট্টিৰ পোনাহঁত
বিদ্যালয়লৈ যোৱাৰ আগতেই বোবা হৈ যায়….
বুকুখন বৰকৈ কঁপিছে অ’
যদি মোৰ কলমৰ চিয়াঁহীকনো শেষ হয়
যদি বুকুৰ শেষ বিন্দু ৰক্তও দাৰিদ্ৰ্যই
খুটি খায়
যদি মোৰ আঙুলিবোৰ হঠাতে জঠৰ হৈ যায়
তেনেহলে কিদৰে লিখিম প্ৰতিবাদৰ কবিতা
যদি এটা বিপ্লৱৰ পথ প্ৰশস্ত হোৱাৰ আগতেই
মোৰ কন্ঠ হেৰাই যায়
তেনেহ’লে কিদৰে ক’ম কাক ক’ম
মোৰ বুকুৰ কথা ?
ঠিকনাঃঅম্বিকাগিৰি নগৰ,হাউছ নং—তিনি, ত্ৰিবেণী পথ,গুৱাহাটী-৭৮১০২৪ফোন-৭০০২৩০৩৮৮২
Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:
Post a Comment