দায়িত্ব
ৰিয়ন বৰা
বিশ্বনাথ জিলা
কঠিন হাতখনে কোমলতা সহিব নোৱাৰে। হাতখন বৰ শক্তিশালী। কান্ধত দায়িত্ব আৰু সন্মুখত কৰ্তব্য। তাইৰ চকুত আজি ৮ বছৰৰ পাছত প্ৰথম চকুপানী। ঘৰখনৰ একমাত্ৰ সন্তান তাই। মাকৰ চৰণত সেৱা কৰি তাই পুৰণি ঘৰখনলৈ সোমাই আহিল। দেউতাকৰ আজি বছৰেকীয়াৰ দিন।
প্ৰতিশ্ৰুতি
— “দেউতা, আশীৰ্বাদ কৰিবা। মোৰ নতুন সংসাৰখন যাতে বৰ সুন্দৰ হয়।”
— “মাজনী, মোৰ আশীৰ্বাদ তোৰ ওপৰত সদায় আছে। ভগৱানে তোৰ মংগল কৰক।”
মাজনীয়ে কুৰিটা বসন্তৰ পাছত বিবাহপাশত আৱদ্ধ হৈছিল। দেউতাকৰ ঘৰৰ পৰা যাবলৈ ওলাওঁতেই দেউতাকে তাইক সাৱটি ধৰিলে। দুয়োৰে চকু সেমেকা।
তাইৰ হাতত এখন প্ৰতিশ্ৰুতিৰ পত্ৰ আৰু আনফালে নতুন এটা চাবি।
সেন্দুৰ
“মা, দেউতাৰ মুখৰ পৰা আজি তেজ ওলাইছে।” দেউতাকৰ অসুখী শৰীৰটোলৈ চাই ৰুমি অৱশ হৈ পৰিল।
চিকিৎসাৰ বাবে ধন সোণ সকলো বিক্ৰী কৰা মাকৰ মুখখনত হঠাৎ ক’লা ডাৱৰে আৱৰি ধৰিলে।
সেন্দুৰকণ আজি মাকে বৰ গাঢ়কৈ লৈছে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment