খঙাল খেতিয়ক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

খঙাল খেতিয়ক

 

খঙাল খেতিয়ক


মফিজুদ্দিন চৌধুৰী

নগাঁও


      নাঙলৰ মুঠিটোত ধৰি সি গৰু-হালৰ পিছে পিছে সিহঁতৰ খোজৰ লগত তাল মিলাই ধলংপলংকৈ হাল বাই আছে। মাজে মাজে বেলিটোলৈ আৰু ঘনাই ঘনাই ঘৰৰ ফালে চাইছে আৰু কোনেও একো নুশুনাকৈ ভোৰভোৰাই গৈছে।

      ‘আহক আজি বদমাচহঁত, হালোৱা এচাৰিৰে সাৰোপ সাৰোপ দুই চাট লগাই দিম। ইমান বেলি হ'ল, সিহঁতৰ চাহ-জলপান অনাৰ খবৰেই নাই!’

      “কি হ’ল ঔ এইটোৰ?” আলি দি থকা ককায়েকে মাত লগালে, “কিখন ভোৰভোৰাই আছ? অ’ তোৰ ভোক লাগিছে ন!”

      ককায়েকে তাক ৰগে ৰগে চিনি পায়।

     “সৌৱা, জমিলাহঁত আহিলেই নহয়, এতিয়াই খাব পাবি ৰহ।”

      ধেৎতেৰি, ককায়েক ওচৰত থকাৰ কথাটো ভোকত সি পাহৰিয়েই গৈছিল। গতিকে চাট দিয়াটো কেনচেল। তেনে কৰিলে ককায়েকে তাক শুদাই নেৰে। গতিকে সি খোৱাকে বাদ দি দিব আজি।

      সি মূৰ নুতুলি তিৰ্যক দৃষ্টিৰে চাই দেখিলে―সিহঁত  কোন পাঁকত ওচৰেই পালেহি দেখোন! ইমানপৰ ধৰি তেতিয়া হলে সিনো কি চাই আছিল? যিয়ে হওঁক, সি গাম্ভীৰ্যতা বজাই ৰাখি সিহঁতৰ ফালে নোচোৱাকৈ একান্ত মনেৰে হাল বাই থাকিল। 

      সিহঁত আহি পোৱাত ককায়েকে মাতিলে, “ভাইটি আহ, হাত-মূখ ধুই খাই লহি।”

      “নেখাওঁ আজি মই।” সি উচাৎ মাৰি গোমোঠা মাতেৰে ক'লে, “এতিয়া খোৱাৰ সময় আছে নেকি? বেলি দুপৰেই হলহি।”

      “হেৰ' ইমান খং নে ? ময়োতো খোৱা নাই।” ককায়েকে টোপোলাটো খুলি খুলি ক’লে, “বাহ, ইমান ধুনীয়া গোন্ধ! মুৰ্গীৰ ভোনা আৰু বৰাভাত, মলমলাই আছে। তই ভালপোৱা খাদ্য! আহ, সোনকালে আহ। নহলে চব ঠাণ্ডা হৈ যাব!”

      সি তথাপি নিমাত।

      জমিলাই ক’লে, “এইবোৰ বনাওঁতে অকণমান দেৰি হৈ গ'ল। মায়ে কৈছে, সৰুটো-কাইয়ে বোলে কালি খাবলৈ বিচাৰিছিল, সেই কাৰণে খৰধৰকৈ বনাই দি পঠাইছে।”

      “ঠেং দিছে নে নাই?” সি আৰু মনে মনে থাকিব নোৱাৰিলে। ‘হ-হ’ বুলি গৰুহাল ৰখালে। মুখেৰে ফেলেক‍‌কৈ হাঁহি এটাও ওলাই পৰিল।

      “দিছে দিছে,” ককায়েকে মাত লগালে, “দুয়োটাই দিছে। ডিঙি, মূৰ, ঘিলা, ডেউকা চব দিছে। সোনকালে আহ,নহলে উৰি গুচি যাব। মোৰ চাহ অকণমান হলেই হ’ল।”

      ককায়েকৰ কথা শুনি ভণীয়েকহঁতে ‘হিঁ-হিঁ’-কৈ হাঁহিবলৈ ধৰিলে। সিহঁতৰ হঁহা দেখি সিও হাঁহি ৰখাব নোৱাৰিলে। হাঁহি হাঁহি বোকাত লেপেট খাই পৰি গ’ল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages