অভিশপ্ত সেওঁতা
নয়ন নাথ
ওদালগুৰি
খণ্ড - ১
কাহিনীটো আৰম্ভ কৰাৰ আগতে সমাজৰ এটি তিতা সত্যৰ বিষয়ে দুষাৰমান ক’ব বিচাৰিছোঁ। আমাৰ সমাজৰ একাংশৰ বাবে 'বিধৱা' শব্দটো যেন এক অভিশপ্ত নাম, এক কলঙ্কিত অধ্যায়। বিশেষকৈ ৰক্ষণশীল সমাজত আজিও এগৰাকী বোৱাৰীৰ স্বামীৰ অকাল মৃত্যু হ’লে সমাজৰ মানুহে আঙুলি টোঁৱাই কয়— “বোৱাৰীজনী কুলক্ষণী আছিল, সেয়ে গিৰিয়েকৰ আয়ুস খালে।”
এষাৰ কটু কথা কোৱাৰ আগতে আমি জানো এবাৰো ভাবি চাওঁ সেই দুৰ্ভগীয়া নাৰীগৰাকীৰ মনত কিমান গভীৰ আঘাত লাগে? তাইও বিচাৰে সমাজত হাঁহি-মাতি জীয়াই থাকিব। কিন্তু নোৱাৰে। নিশাৰ নিৰ্জনতাত আপোন মানুহজনৰ অভাৱে তাইৰ চকুলো নিগৰায়। কোনো মাতৃয়েই জানো নিজৰ কন্যাক ‘কুলক্ষণী’ কৰি জন্ম দিয়ে? তেন্তে সমাজে কিয় তাইক থকাসৰকা কৰে?
সঁচাকৈয়ে জানো এগৰাকী নাৰীৰ ভাগ্যৰ বাবে স্বামীৰ মৃত্যু হয়? স্বামীৰ মৃত্যু হ’লেই জানো তাইৰ দ্বিতীয়বাৰ জীয়াই থকাৰ বা বিবাহ কৰাৰ অধিকাৰ শেষ হৈ যায়? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিয়েই আগবাঢ়িছোঁ মোৰ এই নতুন কাহিনীটোৰ মাজলৈ...
কাহিনীৰ আৰম্ভণি
হম থিয়েটাৰত ভলুমটো বঢ়াই দি চম্পাই চিঞৰি চিঞৰি গান গাই আছিল—
“মৰম দিলি চেনেহ দিলি বাটতে লগ পাই...
পিছে মই ১৬ বছৰত ভৰি দিয়া নাই!
নাজানো প্ৰেম মানে কি, নাজানো ভালপোৱা কি…”
“চম্পা! ঐ চম্পা!” মাকৰ উচ্চস্বৰৰ চিঞৰত চম্পাৰ গানৰ সুৰত যতি পৰিল।
“আহিলে নহয়! মানুহক অকণমান শান্তিৰে থাকিবলৈ নিদিয়ে,”
ভোৰভোৰাই চম্পাই প্লেয়াৰটো বন্ধ কৰিলে।
মাক ওচৰ চাপি আহি ক’লে, “তোক যে কেতিয়াৰ পৰা মাতি আছোঁ, কাণেৰে শুনাই নাই নেকি?”
“শুনিছোঁ মা, কোৱা কি হ’ল? তোমালোকৰ পৰা অলপ ভালদৰে গান শুনিবলৈও উপায় নাই।”
মাকে কপালত হাত দি ক’লে, “তই গান শুনিছ নে বেং জাপ মৰাদি জপিয়াই আছ সেইটোহে বুজা নাই। চম্পা, তই এতিয়া ডাঙৰ হৈছ। সৰুকালৰ সেই উদণ্ড স্বভাৱবোৰ এৰিবৰ হ’ল। কাইলৈ-পৰহিলৈ তোক বিয়া দিলে এখন ঘৰ চম্ভালিব লাগিব, সেইবোৰ খবৰ ৰাখিছ নে?”
চম্পাই বিৰক্তিৰে ক’লে, “উফ মা! তোমাৰ সেই একেখিনি কথা। ক’বলৈ বেলেগ কথা নাই যদি যোৱা, মোক গানটো সম্পূৰ্ণ কৰিবলৈ দিয়া।”
“ৰ’চোন, খালি গান আৰু গান! আচল কথাটো শুন— তোক চাবলৈ কাইলৈ ল’ৰা পক্ষৰ মানুহ আহিব।”
মাকৰ কথা শুনি চম্পা থমকি ৰ’ল। “মোক আকৌ কিহৰ বাবে চাবলৈ আহিব? মইতো মডেলিং নকৰোঁ!”
মাকে ধমক দি ক’লে, "মডেলিং নহয়, তোক বিয়াৰ বাবে পচন্দ কৰিবলৈহে আহিব।”
“বিয়া?” চম্পাৰ চকু কপালত উঠিল।
“অঁ, আমি তোৰ বিয়াৰ কথা চিন্তা কৰিছোঁ।”
“হেৰি মা! মই এতিয়াই বিয়া-চিয়া নহওঁ দেই, যোৱা ইয়াৰ পৰা।”
“কেতিয়া হবি তেন্তে? বুঢ়ী হ’লে?”
চম্পাই অভিমান মিহলি সুৰেৰে ক’লে, “মা, মোৰ বয়স কিমান হৈছে? মাত্ৰ ১৮ বছৰহে পাৰ হৈছে। এতিয়াই তোমালোকে মোক বিয়া দি উলিয়াই দিবলৈ খেদি আছা নেকি?”
মাকৰ কণ্ঠ অলপ কোমল হ’ল, “তোক আমি খেদিব বিচৰা নাই চম্পা। অন্য পিতৃ-মাতৃৰ দৰে আমি কেৱল নিজৰ দায়িত্বহে পালন কৰিব খুজিছোঁ।”
“মা, এই দায়িত্ব পিছতো পালন কৰিব পাৰিবা। মোক আৰু কেইদিনমান ঘৰত নিজৰ মতে থাকিবলৈ দিয়া না! মোৰ পঢ়িবলৈ বহুত মন আছিল…”
“পঢ়িবি, যি মন যায় কৰিবি। সেইবোৰ তই বিয়াৰ পিছতো কৰিব পাৰিবি। ইমান এখন ভাল ঘৰৰ পৰা অহা প্ৰস্তাৱ কেনেকৈ এৰি দিওঁ? যিজন ল’ৰাই তোক চাবলৈ আহিব তেওঁ এজন চৰকাৰী চাকৰিয়াল। এনেকুৱা সুযোগ বাৰে বাৰে নাহে চম্পা। আমি সকলো খবৰ লৈ গম পাইছোঁ ল’ৰাজন বহুত ভাল। তোক সুখত ৰাখিব। তই কথাবোৰ অলপ দকৈ ভাবি চা।”
“কিন্তু মা…”
“কোনো কিন্তু নাই!” মাকৰ স্বৰ পুনৰ কঠোৰ হ’ল। “তই এই বিয়াত সন্মতি দিবই লাগিব। আমি ইতিমধ্যে ল’ৰাৰ পৰিয়ালক কথা দিছোঁ। আমাৰ মান ৰাখিবলৈ হ’লে তই মান্তি হ’বই লাগিব।”
চম্পাৰ চকুহাল চলচলীয়া হৈ পৰিল। “মা, অকণমান বুজিবলৈ চেষ্টা কৰা। মোৰ এতিয়াই বিয়া হ’বলৈ একেবাৰে মন নাই। ইমান সোনকালে মই এখন অচিনাকি ঘৰ চম্ভালিবলৈ সাহস গোটাব পৰা নাই।”
“চুপ! একদম কথা নকবি। তোৰ বয়সত মই সন্তানৰ মাক হৈছিলোঁ, আৰু তই এতিয়া ঘৰ চম্ভালিবলৈ ভয় কৰিছ? মই তোৰ কোনো ওজৰ-আপত্তি নুশুনো। মুঠৰ ওপৰত কাইলৈৰ পৰা তোৰ কলেজ যোৱা বন্ধ। এতিয়া এইবোৰ জপিয়াই থকা এৰি সোনকালে কোঠাবোৰ চাফ-চিকুণ কৰগৈ!”
মাক ওলাই গ’ল। চম্পাই অসহায় হৈ খিৰিকীখনৰ বাহিৰলৈ চাই ৰ’ল। তাইৰ চকুৰ আগত ভাহি আহিল অনাগত দিনবোৰৰ এক অজান শংকা।
আগলৈ…….
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment