নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

নাৰী


 নাৰী


                গৰিমা দাস

        দক্ষিণপাট, নগাঁও


অলপ কোমল ফুলৰ দৰে

কঠিন হোৱাৰ কছৰৎ

কেতিয়াবা শিলৰ দৰে


বেলিমুখী এখন মুখত

ৰ'দৰ দাগ

সময়ে বিন্ধি যোৱা শৰীৰত

সভ্যতাৰ আচোৰ


কিমান জ্বলি জ্বলি জী উঠে তেওঁ

কিমান বিষাদ পি ফুলি উঠে তেওঁ


নিয়মবোৰ ধৰি ৰখাৰ দায়িত্ব তেওঁৰ

বান্ধোনবোৰ মুকলি কৰাৰ দায়িত্ব তেওঁৰ


অৰ্ধ হোৱাৰ আৱেদন

সম্পূৰ্ণ হোৱাৰ আহ্বান


তেওঁ শুই থকা পৃথিৱীক জগাই দিয়া এটা বেলি

কলুষতা ধুই বৈ থকা এখন নদী।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages