সাতোৰঙী ৰামধেনু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

সাতোৰঙী ৰামধেনু

 

সাতোৰঙী ৰামধেনু


                                   জয় দলে

                                     ধেমাজি


পিতাই তই গুচি যোৱা আজি

এবছৰে হ’ল 

এই পুণ্য তিথিত আপোনালৈ 

সশ্ৰধ্য প্ৰণাম।

বহু দিলি জীৱনত পিতাই

মইহে একো দিব নোৱাৰিলোঁ।

মই ভাল লৰা হ’ব  নোৱাৰিলোঁ 

অ পিতাই।

তই নথকা এবছৰত ঘৰলৈ যাবওঁ 

নোৱাৰিলোঁ অ পিতাই।

তই যাবৰ সময়ত মোক বিচাৰিছিলি 

মই তেতিয়াওঁ যাব নোৱাৰিলো 

বুলিয়ে অভিশাপ দি গলিনি পিতাই ।

তই নথকা এবছৰে হাতত কলম তোলা নাছিলোঁ ।

আজি তুলি লৈছোঁ

দেউতা বুলি এটা মই গল্প লিখিছিলোঁ 

চাৰি বছৰমান আগতে...

ঠিক তেনেকৈয়ে মিলাই তয়ো গুচি গ’লি 

তাৰ দুখতে অজিওঁ কলম উঠাব মন নাযায়

কিবা লিখিবলৈ....

সাতোৰঙী ৰামধেনু ৰ দৰে পোহৰ বিলাই

গুচি গলি অজান দেশলৈ...

সকলোৰে চকুলো টুকাই।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬









No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages