অপেক্ষা
সংগীতা গায়ন বৰা
নগাঁও
বাটচোৱা পদূলিত নঙলা সাৱটি
ৰৈ থাকে পৰিচিত খোজলৈ দৃকপাত আশাতীত,
শীতৰ শেৱালি বিভাৱৰীত খহে;
জীৱন...!
পূবৰ ৰ'দালি পশ্চিমত আবেলি হৈ
এনেকৈয়ে সন্ধিয়া নামে।
মুখ লেখ সুখ এটি এটি পল
আঙুলি মূৰত লুটিয়ালে কথাবোৰ গভীৰ,
জীৱন জোখৰ অণুভা।
যন্ত্ৰণাৰ হিচাপ বিহীন ওজন
দিব্য-চক্ষু অথবা কৰ্ণ-শ্ৰৱণৰ স্পৰ্শতাত,
মাথোঁ থাকে সময় আৰু মিলনৰ গভীৰতা
ৰ'দ জোখা পুৱা ঘৰমুৱা আবেলি পৃথিৱীৰ প্ৰান্তত;
হৃদ্যতম প্ৰীতিভৰা কথা লৈ
বৈ থকা নদীৰ তীৰত কবিলৈ ৰৈ থাকে কবিতা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment