বিহুগীত আৰু মিচিং অই নিঃতম
জাতিৰাম কমান
গোগামুখ
বিহুগীত হ’ল অসমীয়া সংস্কৃতিৰ ধব্জাবাহক। বিহু নৃত্য গীতে ভাৰতীয় সংস্কৃতিত এটা বেলেগ পৰিচয় দি আহিছে। পঞ্জাবী ভাংড়া নৃত্য গীত আৰু গুজৰাটী দাণ্ডিয়া ৰাস নৃত্য যেনেকৈ প্ৰসিদ্ধ ঠিক তেনেকৈ অসমীয়া বিহু গীত নৃত্যও জনপ্ৰিয় আৰু বিখ্যাত।
বিহু অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাৱিবই নোৱাৰি আৰু সেই বিহুৰ প্ৰধান অলংকাৰটোৱেই হ’ল বিহুগীত। অসমীয়া বিহু বুলি ক’লে বিহুগীতৰ বাদেও বিহুৰ বেলেগ বেলেগ অংগ যেনে – পোছাক পৰিচ্ছদ, বাদ্যযন্ত্ৰ ঢোল পেঁপা, গগনা, টকা, বাঁহী, তাল লগতে হুচৰি, ঢুলীয়া, নাচনি, নামতি, কপৌফুল ইত্যাদিবোৰ আছে যদিও আমি অকল বিহুগীত বা বিহুনামক লৈহে আলোচনা আগবঢ়াম।লগতে বিহুগীতৰ সতে অই নিঃতমৰ সম্পৰ্ক আৰু অই নিঃতমত বিহু গীতৰ প্ৰভাৱৰ বিষয়ে থূলমূল আভাস এটা দিবলৈ প্ৰয়াস কৰিম।
বিহুগীত মূলতঃ ডেকা গাভৰুক জুৰাই গোৱা গীত। প্ৰেমমূলক গীত। গাভৰুৰ অংগ প্ৰত্যংগৰ সৌন্দৰ্যক লৈয়ো বৰ্ণাই গোৱা হয় বিহুগীতত।
আচলতে বিহুগীত সমূহক মূলত বিহু যোজনা বা বিহুনাম বোলা হয়।কিন্তু আধুনিকতাৰ পৰশত সেই বিহু যোজনাবোৰৰ ভাষাৰ কিছু পৰিৱৰ্তন হৈ আহিছে।
আগৰে পৰা চলি অহা কিছুমান বচা বচা বিহু যোজনা তলত উল্লেখ কৰা হ’ল।
১) ঔ’ৰে গছতে মৌৱে বাঁহে ললে অ
ককাই পাৰি দিয়া ঐ খাওঁ
বাহঁৰে টকাটি সাজি দিয়া ককাইটি ঐ বিহু নাচিবলৈ যাওঁ।
২) হাই ঐ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন অ ঢেকীত গোমেগোমাই ঐ থোৰা, গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ বিহুটি অহাৰে পৰা।
৩) বিহুৰে বিৰিণা পাতে ঐ সমনীয়া বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা ঐ
বিহু গলে বিনাবা কাক?
৪) ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলো জিৰালো কলিয়াবৰত
তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ
তোমাকে নেপালোহি ঘৰত।
৫) আগলি বাহঁৰে লাহৰি গগনা ঐ
বহি তাঁতৰ পাতত বাওঁ
আহেকি নাহে ঐ মোৰেনো চেনাই ঐ চিৰি পাতি মঙলখন চাওঁ।
৬) অ জান ঐ ভৰ দুপৰীয়া বহোঁ তাতৰ পাতত ঐ
মাকো সৰি সৰি পৰে
তাঁতৰ দোৰেপতি গৰকাতে ভৰি ঐ
তোমালৈ মনত পৰে।
৭) পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই
লতা বগাবলৈ টান
বলিয়া হাতীকো বলাব পাৰো মই
তোমাক বলাবলৈ টান।
৮) আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ ।
৯) কোম্পানীৰ চাকৰি নালাগে লাহৰি নেলাগে তলবৰ ধন,
ঘৰতে থাকিবা বন বাৰী কৰিবা
পঢ়িবা ভাগৱত ৰামায়ণ।
১০) দিখৌ নৈ এৰিব পাৰোঁ মই
লাহৰি জাঁজী নৈ এৰিব পাৰো
তোমাৰে মৰমকণ এৰিব নোৱাৰো
নেখায়ো থাকিব পাৰো।
ইয়াত মাত্ৰ কেইফাঁকি মান বিহুগীতহে উদাহৰণ স্বৰূপে দিয়া হৈছে। তেনে অসংখ্য বিহু যোজনা আছে।
বিহু গীতবোৰ আগতে গাৱঁলীয়া পৰিৱেশক সামৰি গীত জুৰোৱা হৈছিল। যেনে তাঁতশাল, মাকো দোৰেপতি, ঢেঁকী, কাঁচি আদি শিপিনি দাৱনিৰ লগত সম্পৰ্ক থকা শব্দৰে ভৰা গীত আছিল। কাৰণ গাৱঁৰ পৰিৱেশত গঞাৰ গাভৰু জীয়ৰীয়ে তাঁতবোৱা, ঢেকী বনা, ধান দোৱা আদি কাৰ্য্যৰ লগতহে জড়িত আছিল বেছিকৈ। আগৰ বৃটিছৰ দিনতো সমাজখনাে থকাৰ বাবে বিহুগীতত কম্পেনী, কোম্পানীৰ চাকৰি, কোম্পানী জাহাজ আদিৰ বৰ্ণনা বিহুগীতত পোৱা যায়। তাৰোপৰি কুলি কেতেকী, কপৌ ফুল, নাহৰফুল তগৰফুলৰ নামবোৰো সঘনে বিহুগীতত ব্যৱহাৰ হোৱা দেখা যায়। প্ৰকৃতিৰ কথাও উল্লেখ থাকে বিহুনামত। যেনে - পৰ্বত পাহাৰ, নৈ নিজৰাবোৰ বিহু জুৰোৱা নাম।
আজিকালি বিহুৱে গাঁৱৰ পৰিধি ভাঙি নগৰীয়া আধুনিকতাৰ পৰশত পৰি মঞ্চমুখী হল। বিহুত আধুনিকতাৰ ছিটিকনি পৰাত বিহুগীতকো আধুনিকতাই চুলেহি।
কাজেই বিহু যোজনাবোৰৰ চৰিত্ৰৰো কিছু সলনি হ’ল। উদাহৰণ স্বৰূপে তলৰ বিহুগীতবোৰ মন কৰক -
১) পৰ্বতৰ ঢেঁকীয়া লিহিৰি পতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত
তোৰে লাহী কঁকাল
দুছেও তিনিছেওকে ভাগে
তোৰদৰে নাচনি দেখি শ্ৰীকৃষ্ণই
বাঁহী বজাইছিল ছাগে
মোৰ মইনা ঐ
বাঁহী বজাইছিল ছাগে।
ইয়াতে মন কৰিবলগীয়া কথাটো হ’ল - বিহু ফাকিত শ্ৰীকৃষ্ণৰ বাঁহী বজোৱাৰ কথা উল্লেখ থাকিলেও বিহুৰ কথা আৰু গীত সুৰত আধুনিকতাৰ পৰশ বিৰাজমান। আৰু কেইটিমান আধুনিক বিহুগীত উদাহৰণ আকাৰে লওঁহক।
২) ফাগুনৰ পছোৱাই
আগলি কলাপাত
ছিৰিলি ছিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা
জাননে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ
ঘনাই ভূমিকম্প আহে।
৩) পাহাৰী নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামুচীয়া হলে
ডেকাটো বাদেই দে
বুঢ়ায়ো জাপ মাৰিব
বিহু নাচিব পালে মোৰ মইনা ঐ
বিহু নাচিব পালে।
আগৰ বিহু যোজনাৰ দৰে আজিৰ আধুনিক বিহুগীত বোৰ পোৱা নাযায়।ইয়াৰ সলনি বিহুগীতবোৰ চুটি ৰোমান্তিক কবিতাৰ শাৰীৰ দৰেহে হয়,যিবোৰ গীতক আধুনিক সুৰেৰে সুৰাৰোপিত কৰা হয়। অৱশ্যে বিহুসুৰীয়া মূল চৰিত্ৰত আঘাত নসনাকৈ গীতৰ ৰচকে ৰচে আৰু সুৰকাৰে সুৰ সংযোজন কৰে সাৱধানে, যাতে মূল বিহু সুৰে নিজস্ব চৰিত্ৰ হেৰুৱাই নেপেলায়।
পৰম্পৰাগত ভাৱে চলি অহা বিহুগীতৰ সামঞ্জস্য ৰাখি মিচিং ঐনিতমো গাই অহা হৈছে মিচিং বিহুত।বহাগত পতা বহাগ বিহুৰ সমানে সমানে পতা মিচিং বিহুবোৰতো ঐনিতমে স্থান পাই আহিছে।কবলৈ গলে মিচিং ঐনিতমে মিচিং বিহুত মুখ্য ভূমিকা
পালন কৰে।ঢোলৰ চেৱে চেৱে নাচনিয়ে নচা মূল চালিকা শক্তিটোৱেই হল ঐনিতম। ঐনিতম বিনে মিচিং নৃত্য গীতেই নহয় বুলি কলে বঢ়াই কোৱা নহব নিশ্চয়।
মিচিঙসকলৰ আদি বাসস্থান পাহাৰেই আছিল। পৰ্বত পাহাৰ গৰকি আহি জীৱিকাৰ বাবে ভৈয়ামলৈ প্ৰৱজন কৰি অসমীয়া সংস্কৃতিৰ লগত সংমিশ্ৰিত হ’ল কালক্ৰমত।মিচিং ঐনিতম আচলতে পৰম্পৰাগত ভাৱে গাই অহা তানিগোষ্ঠীৰ গীত নহয়। ইয়াতে প্ৰণিধানযোগ্য যে মিচিং সকল মূল তানিগোষ্ঠীৰ লোক। ইয়াৰ অন্যান্য শাখাসমূহ হ’ল – আদী, গাল’, পাদাম, মিঞং, নিচি, তাগিন, আপাতানি ইত্যাদি।
আমি আগতে উনুকিয়াই আহিছোঁ যে অই নিঃতম প্ৰকৃততে মূল তানি সুৰীয়া গীত নহয়। মধ্যযুগৰে পৰা অসমীয়া কলা সংস্কৃতিৰ লগত সংপৃক্ত হৈ মিচিঙসকলে নিজস্ব ঠাঁচেৰে কথা আৰু সুৰ সংযোজন কৰি বিহুসুৰীয়া মিচিং অই নিঃতমৰ সৃষ্টি কৰিলে। মূল অসমীয়া বিহু গীতৰ দৰেই মিচিং ঐনিতমবোৰো ডেকা গাভৰুক লৈ জুৰোৱা গীত,প্ৰেম পীৰিতিৰ গীত।
ইয়াতে উল্লেখনীয় যে বিহুটো বড়োমূলীয় বিচু শব্দৰ পৰা উৎপত্তি হয় বুলি ঠাৱৰ কৰে।গতিকে বড়োসকলৰ বাগাড়োম্বা নৃত্য, অসমীয়া বিহু নৃত্য তথা মিচিং গুমৰাগ নৃত্য সমূহৰ কোনটো আগত কোনটো পাছত ইয়াক সঠিকভাৱে ঠাৱৰ কৰিব পৰা নাযায় যদিও তিনিওটি গীত নৃত্য সম সাময়িক যে হয় ইয়াক নুই কৰিব নোৱাৰি। তেনে পৰিপ্ৰেক্ষিতত বিহুগীতৰ পৰা অই নিঃতম আহিলেনে ঐনিতমৰ পৰা বিহুগীত আহিলে এই দুয়োটি অভিধাক লৈ বহুতে বেলেগ ধৰণে মত পোষণ কৰিব পাৰে কিন্তু আমাৰ বদ্ধমূল ধাৰণা হল দুয়ো দুয়োৰে পৰিপূৰক,
বিহুগীতৰ পৰা ঐনিতমৰ উৎপত্তি নে অই নিঃতমসুৰীয়া বিহুগীত এয়া আমাৰ বিচাৰ্যৰ বিষয় নহয় আৰু উদ্দেশ্যও নহয়। আমি পৰম্পৰাগত ভাৱে চলি অহা বিহু গীত আৰু অই নিঃতমৰ সাদৃশ্য আৰু ধাৰাবাহিকতাৰ বিষয়েহে কিছু আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
আগতে অই নিঃতমবোৰ গাইছিল অৰণ্যত, নৈৰ পাৰত, ধাননি পথাৰত। কাজেই অই নিঃতম আচলতে বনৰ গীতহে। বনগীত কেনেদৰে গোৱা হয় বা বনগীতৰ সুৰ কি এয়া আমি সম্যক ধাৰণা এটা দিব নোৱাৰোঁ, কিন্তু অই নিঃতম যে প্ৰথমাৱস্থাত বনত গোৱা গীত আছিল এয়া মানি ল’ব পৰা কথা।
আগৰ ঐনিতমৰ কথা আৰু সুৰ সুকীয়া আছিল।গ্ৰাম্য সমাজৰ দৈনন্দিন জীৱন ধাৰণৰ সতে সম্পৰ্ক থকা গীত আছিল কিন্তু কালক্ৰমত বিহুগীতৰ দৰেই অই নিঃতমতো আধুনিকতাৰ পৰশ পৰিল। পূৰ্বতে অই নিঃতমবোৰত অসমীয়া শব্দ দুই এটা প্ৰয়োগ কৰি গোৱা দেখা গৈছিল যেনে –
১) গৰু আলদৗম লাগিমা
মেনজেক আলদৗম লাগিমা
মৗঃনাম অইনম পাঃমৃল (পাঃমিল)
কুয়াব তাগলা দবয়ে।
ভাৱাৰ্থঃ গৰু হালো নালাগে
ম’হৰ হালো নালাগে
চেনাই তোকে পালে
কোৰ মাৰিয়েই খুৱাম।
ইয়াত গৰু বুলি গোৱা হৈছে কিন্তু মিচিঙত গৰু মানে চঃবহে হয়।
২) ইপুৰী চ পাঃমাংগম
সিপুৰী চ পাংকুপৗ
পৗত্তা জনম ধৰিগেল
ঐয়া বেৰপুম চুকুপৗ
ভাৱাৰ্থঃ ইহজনমত নাপালেও
পৰজনমত পামগৈ
চৰাই জনম লৈ
উৰি আহি মিলি যাম দুয়ো।
৩) আচি জিলি জিলি ক
মিকচি জিলি জিলি ক
আচি জিলি পৃনয়েপৗ
মিকচি জিলি পৃনপৗমা।
ভাৱাৰ্থঃ পানীৰ জিলিও জিলি
চকু পানীৰ জিলিও জিলি
পানীৰ জিলি হয়তু শুকাব
চকুপানীৰ জিলি (নিজৰা) নুশুকায়।
৪) আজ্জনৗ অল্লুদৗ আঃনৗ
কংক বনানৗ
আজ্জদক্কৗ পিৰিতি
অকুম বমলা দনানৗ
ভাৱাৰ্থঃ সৰু নাওঁখন নৈ
পাৰ কৰিব পাৰি
সৰুৰে পৰা কৰা মৰমেৰে
সংসাৰ পাতিব পাৰি।
তেনেকুৱা দেধাৰ অই নিঃতম আছে। আমি মাত্ৰ কেইটিমান শাৰীহে সন্নিৱিষ্ট কৰিছোঁ ফঁহিয়াই দেখুৱাবলৈ।আমি কৈ আহিছো যে বিহুগীতৰ দৰে ঐনিতমো ডেকা গাভৰুক জুৰোৱা গীত, প্ৰেম পিৰিতিৰ গীত। অই নিঃতমৰ অৰ্থই হ’ল প্ৰিয়জনৰ গীত। বিহুগীত আৰু অই নিঃতমে অসমীয়া কলা সংস্কৃতিক চিৰদিন উজ্বলাই ৰাখিব। কিছু বিহুগীত অই নিঃতম সুৰীয়া আনহাতে কিছু অই নিঃতম বিহু সুৰীয়া। কিছুমান অই নিঃতম বিহুগীতৰ পৰা অনা, ঠিক তেনেকৈ কিছু বিহুগীত ঐনিতমৰ পৰা অনা। উদাহৰণ স্বৰূপে –
আচিন আয়াং মানে কি অ মৰমী
আচিন আয়াং মানে হ’ল
বুকুৰে মৰম
তুমি যদি বুজি পোৱা
মোৰে চেনাইটি।
আইপৗ মৗঃনাম মানে কি অ মৰমী
আইপৗ মৗঃনাম মানে হ’ল
তোমাকে ভাল পাওঁ
লুইতেদি উজায়ে মই
তোমালৈয়ে যাওঁ।
এই গীতটি আচলতে অই নিঃতম সুৰীয়া বিহুগীতো বুলিব পাৰি অথবা বিহুসুৰীয়া অই নিঃতম বুলিবও পাৰি। দুয়ো দুয়োটিৰে পৰিপূৰক। হ’লেও কিন্তু এয়া অই নিঃতম সুৰীয়া আধুনিক গীতহে, যিটো গীতত অই নিঃতমৰ মাধুৰ্য আৰু বিহুগীতৰ সুবাস সানমিহলি হৈ অধিক শ্ৰুতিমধুৰ কৰি তুলিছে।
কাজেই, বিহুগীতৰ লগত অই নিঃতমৰ এটা অংগাংগী সম্পৰ্ক আছে, এক এৰাব নোৱৰা এনাজৰী আছে যি এনাজৰীৰ টানে অসমীয়া সংস্কৃতিক সদা আলোকিত কৰি ৰাখিব।
যিহেতু বিহু আৰু অই নিঃতম প্ৰেম পিৰিতিৰ গীত, গতিকে পিৰিতিৰ কথাৰেই আমি মুখনি মাৰিম এইবুলি –
পিৰিতি পিৰিতি পিৰিতি
পিৰিতি মিঠা চিৰা দৈ
পিৰিতি পিৰিতি পিৰিতি
পিৰিতি বোৱা বোৱতি নৈ
পিৰিতি পিৰিতি পিৰিতি
ওৰে জীৱন থাকিব বৈ॥
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:
Post a Comment