বিহুৰ মাধুৰী আৰু জনগোষ্ঠীয় বসন্তোৎসৱঃ আভাস
স্বপ্নালী কলিতা
গোলাঘাট
লাহে লাহে লাহে বান্ধৈ ঐ
বিহু কোন দিশে আহে…
পূবে বা পশ্চিমে উত্তৰে দক্ষিণে
বিহু চাৰিও দিশে আহে।
“বিহু অসমীয়াৰ প্ৰাণৰ ভিতৰেদি বৈ যোৱা ফল্গু নদী। অসমীয়াই যুগ যুগান্তৰেও যেন এই উৎসৱ আৰু মাধুৰী নাপাহৰে।” –কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।
বিহু মুঠকথাত আমাৰ বাবে নবীন চন্দ্ৰ বৰদলৈয়ে কোৱা কথাখিনিয়েই। বিহু এই শব্দটিৰ আঁতি-গুৰি বিচাৰিলে আমি পাওঁ, কোনোৱে কয় বিষুৱৰ পৰা বিহু হৈছে। কিছুমানে আকৌ বিশু শব্দৰ পৰা বিহু আহিছে বুলিও কয়। অৱশ্যে এই বিহু ক’ৰপৰা আহিছে তাক লৈ বিতৰ্ক কৰি লাভ নাই। বিহু এতিয়া দেহে-মনে-প্ৰাণে অসমীয়া।
অসমীয়া সংস্কৃতিৰ প্ৰতিভূ স্বৰূপ বিহুৱে আমাৰ জাতীয় জীৱনৰ লগত সংপৃক্ত প্ৰতিগৰাকী ‘প্ৰাণৱন্ত অসমীয়াৰ’ মনত ঢৌ তুলি নাচে। সংমিশ্ৰিত অসমীয়া সংস্কৃতিৰ লাইখুঁটা এই বিহু।
কৃষিজীৱী মানুহৰ ঘাই উৎসৱ এই বিহু।
বিহুৰ ইতিহাস বিচাৰ কৰি যদি চাওঁ তেনেহ’লে তেজপুৰত বানৰজাৰ দিনত বিহুৰ সমধৰ্মী নৃত্যৰ প্ৰচলন আছিল বুলি শৈল দেৱালত খোদিত মূৰ্তিসমূহৰ পৰা অনুমান কৰিব পাৰি। এই মূৰ্তিসমূহৰ চিত্ৰত দখা পোৱা বিবিধ বাদ্য-যন্ত্ৰ বজোৱা বাদকসকল আৰু দ্বি-বস্ত্ৰ পৰিহিত নৰ্তকীসকল দেখিলে বিহুৰ সমধৰ্মী অনুষ্ঠান তেতিয়াও প্ৰচলন হৈছিল যেন বোধ হয়। অৱশ্যে নৃত্য বিশেষজ্ঞ কপিলা বাৎসায়নে এই ধাৰণাটো সঠিক নহয় বুলি মত প্ৰকাশ কৰিছে। বাল গংগাধৰ তিলকৰ হিন্দু জ্যোতিষৰ আলমত বান ৰজাৰ সময় খ্ৰীষ্টাব্দ পূৰ্ব তিনি হাজাৰ বছৰ পূৰ্ব বুলি ঠাৱৰ কৰিছে। আয্যসকলে যিহেতু গো-পূজা কৰে, সেই ফালৰ পৰা গৰু হ’ল কৃষিৰ বাবে প্ৰধান সঁজুলি। গতিকে গো-পূজা বা গৰু বিহুৰ ধাৰণাটোও নিশ্চয় আয্যসকলৰ পৰাই অহা। গৰুক গা ধুৱাবলৈ ব্যৱহাৰ কৰা লাও, বেঙেনা, কেৰেলা এইবিলাকৰ খেতি কৰিছিল অষ্ট্ৰিকসকলে।
এটা জাতিৰ উচ্চতা আৰু প্ৰাচুয্য জোখা হয় কাপোৰেৰে – লীলা গগৈ (বিহুৰ বাণী)। বিহুত ন-কাপোৰ দিয়া পৰম্পৰাটোৱে অসমীয়া সমাজৰ প্ৰাচুয্যৰ কথাকে সোঁৱৰাই দিয়ে। ৰঙালী বিহুৰ স্বাভিমান বিহুৱানখনে অসমীয়া সংস্কৃতিৰ প্ৰাচুয্যৰ লগতে অসমীয়া শিপিনীৰ কলাজ্ঞানৰ নিদৰ্শনো দাঙি ধৰে।
আহোম ৰজাসকলে বিহুৰ অনুসংগ হিচাপে চৰাই চোংবোৰত শেন মেলাই কণুৱা ধৰাইছিল, জন্তুৰ যুঁজ চাই আনন্দ লভিছিল। এনে বসন্তকালীন উৎসৱৰ সম্ভেদ পাওঁ প্ৰথমবাৰৰ বাবে চুতাম্লা বা জয়ধ্বজ সিংহৰ দিনৰ পৰা। তেওঁ কেইবা ঠাইতো ৰাঙলী বাহৰ পাতি তাৰ কাষত কৃত্ৰিম চৰাইৰ চোং নিৰ্মাণ কৰি ৰাজকীয় ৰং-ধেমালি কৰাৰ উমান পোৱা যায়।
বিহুৰ আৰম্ভণিৰ সঠিক সময় নিৰ্ধাৰণ কৰা কঠিন। বিবৰ্তনৰ বাটত মানুহ আহি থাকোঁতে জীৱ শ্ৰেষ্ঠৰ মন-মগজুত বিহুৱে স্থিতি ল’লে নিজৰ অজ্ঞাতে। আৰু ফলশ্ৰুতিত আজিৰ এই পয্যায়।
বনৰ মাজৰ পৰা কালক্ৰমত বিহু ওলাই আহি মুকলি পথাৰ বা গছৰ তল পাইছিলহি। সেয়ে ইয়াক কোৱা হৈছিল মুকলি বিহু। এই বিহুৰ মাধ্যমেৰেই সৰল ডেকা-গাভৰুৰ নিভাঁজ প্ৰেমৰ আদান-প্ৰদান হৈছিল। সেই সময় পিছে আজিৰ দৰে সমস্যা জৰ্জৰ নাছিল।
আহোমৰ সময়ত বিহু গৈ উঠিলগৈ ৰাজকাৰেং। ৰাজতন্ত্ৰৰ প্ৰভাবে বিহুক আজিৰ এই ন-ৰূপ দিছিল। ৰাজকাৰেং পাই বিহুগীত, নাচ আদিত কিছু পৰিবৰ্তন আহিল। বিহুৱে সৃষ্টি কৰি ল’লে কিছু তোষামোদসূচক গীত আৰু আশীৰ্বাদ সন্নিবিষ্ট বিহুগীত। বনৰ বিহুত থকা যৌন আবেদনময়ী বিহুবিলাকলৈও আহিল কিছু সংযম। এনেদৰে ৰাইজৰ মাজত সংযম আৰু ভাবে-ভক্তিৰে একগোট হৈ মৰা বিহুৱেই হুঁচৰি।
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত প্ৰথম বিহু উদ্যাপিত হৈছিল মুকলি মঞ্চ ৰংপুৰৰ ৰংঘৰ আৰু অসমৰ প্ৰথমখন ষ্টেডিয়াম ৰূপহী পথাৰত ১৭০৫ খ্ৰীষ্টাব্দত। ক্ৰমান্বয়ে এই বিহুৰ মুকলিকৈ মেলা পতাৰ ব্যৱস্থা কৰা হ’ল। এনেদৰে বিহুমেলা পতা ঠাইবিলাকক কোৱা হৈছিল মেলামৰা। এনেদৰে বিহুৱে সাজোন সলাই বাৰেৰহনীয়া হৈ আহি আহি ১৯৪৮ চনত ৩০ চ’ত আৰু ১ ব’হাগত উঠিছিলহি ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত। ইয়াতেই প্ৰথম মঞ্চ সাজি বিহু পতা হৈছিল।
জাতীয় সংস্কৃতিৰ চেতনাৰ বীজ প্ৰথম অংকুৰিত হয় শিক্ষিত নাগৰিকসকলৰ মনতে। এই প্ৰভাৱ প্ৰথম নগৰাঞ্চলতেই বেছিকৈ পৰে আৰু আগভাগ লয় সচেতন নগৰীয়া শিক্ষিত শ্ৰেণীটোৱে। পৰিশোধিত আৰু পৰিবৰ্ধিত সাজোনেৰে বিহুৰ কিছু গতিশীল পৰিবৰ্তন আনিলে। অৱশ্যে নগৰীয় সভ্যতাৰ ভিতৰতেই ৰাজনীতিকৰণ, বাণিজ্যিককৰণ, বহাগী বিদায়ৰ দৰে অশ্ৰুতপূৰ্ব অনুষ্ঠান আদিও পৰে।
পৰিবৰ্তনৰ বাটেৰে বিহু আহি থাকোঁতে বিহুগীতবোৰেও সেই অতীত সামৰি লৈ আহিছে।
বাগিচাৰ চাকৰি নালাগে লাহৰী
নালাগে তলপৰ ধন
তয়ে ধানে দাবি ময়ে হালে বাম
সেয়ে হ’ব জীৱনৰ ধন।
“ অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়াৰ সাংস্কৃতিক মেলা৷ য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ৷ বিহুৰ মাজেদি আমি প্ৰকৃতিৰ ৰূপান্তৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব৷”-- জ্যোতিপ্ৰসাদ আগৰৱালা
সঁচা অৰ্থত বিহু মহামিলনৰ সমাহাৰথলী। অসমীয়া জনমানসৰ ডুখৰীয়া ছবিবিলাকৰ জীৱন্ত দলিল এই বিহু। বিহুৰ সুৰীয়া আৰু বৰণীয়া গতিৰ মাজেদি আমি আমাক উপলব্ধি কৰাওঁ পাৰিপাৰ্শ্বিকতা আৰু তাৰ নান্দনিকতাৰ বিষয়ে। গতিকে বিহু কালৰ পৰা কাললৈ নিৰন্তৰ গতিক সন্তুলিত ৰূপত ধৰি থকা ঋতুচক্ৰৰ এখন প্ৰবাহমান নদী।
বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ মান
এনেহেন বিহুটি এৰিব লাগিলে
নাথাকে জাতিৰে মান।
অসমৰ জনগোষ্ঠী, বসন্তকালীন উৎসৱ আৰু লোকাচাৰ
ভাষা সংস্কৃতিয়ে একোখন বিশাল সমাজৰ প্ৰতিনিধিত্ব কৰে। ভাৰতৰ অংগৰাজ্য অসমখন বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়থলী। পাৰস্পৰিক সহযোগিতা, সহিষ্ণুতা, সৌহাদ্যৰে অসমৰ জনগাঁথনি সমৃদ্ধ। অসমত বাস বিভিন্ন জনগোষ্ঠীসমূহৰ প্ৰতিটোৰে ঋতুকালীন নিজস্ব উৎসৱেৰে সমৃদ্ধ। এই উৎসৱবিলাকৰ উপৰিও বসন্তকালীন উৎসৱো জনগোষ্ঠীবিলাকে নিজাকৈ উৰ্দযাপন কৰে। যদিও বসন্তকালীন উৎসৱসমূহ তেওঁলোকে নিজৰ জনগোষ্ঠীবোৰৰ মাজত পালন কৰে, তথাপিও এই উৎসৱো কৃষিৰ লগতে যুক্ত। ব’হাগ-জেঠত বিভিন্ন জনগোষ্ঠীসমূহে পালন কৰা বিহুৰ সৈতে জড়িত উৎসৱসমূহৰ মাত্ৰ দই-চাৰিটাৰ সাধাৰণ ধাৰণা এটা দিবলৈ যত্ন কৰিম। সকলোবিলাক বসন্ত উৎসৱৰ বিষয়ে বিষদ বিৱৰণ দিবলৈ হ’লে নিবন্ধটোৰ কলেৱৰ যথেষ্ট হ’বগৈ। সেয়ে মাত্ৰ দুটামানৰ বিষয় দুই-এটা সিহঁতৰ পৰম্পৰা আৰু লোকাচাৰৰ বিষয়ে চুই যাবলে যত্নহে কৰিছোঁ।
উত্তৰ-পূৱ ভাৰত তথা অসমৰ সোঁমাজত অৱস্থিত কাৰ্বি আংলং জিলা। জনশ্ৰুতি অনুসৰি এই কাৰ্বিসকল মনিপুৰ আৰু নগালেণ্ডৰ গিৰিপথেদি অসমত প্ৰবেশ কৰে। এই কাৰ্বিসকল বিশেষভাবে কাৰ্বি আংলঙত বাস”কৰাৰ উপৰিও গুৱাহাটী, নগাঁও, মৰিগাঁও, লখিমপুৰ, যোৰহাট, শোণিতপুৰ আৰু অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড, অৰুণাচল, মণিপুৰ,মেঘালয় আদিতো বাস কৰে।
কাৰ্বিসকলৰ এটা বসন্তকালীন বিশেষ উৎসৱ হ’ল দ’মাহীপে বা বৰবিহু। দ’মাহীপে অসমীয়া বিহুৰ প্ৰতিশব্দ। দ’মাহী কাৰ্বি শব্দ। দ’ম মানে হালি-জালি পৰা, হি মানে ইফালে-সিফালে আৰু পে মানে বৰ বা ডাঙৰ। অৰ্থাৎ হালি-জালি নচা ডাঙৰ বিহু।
দ’মাহী মূলতঃ কৃষিভিত্তিক উৎসৱ। দ’মাহী জংমি অৰ্থাৎ বহাগ মাহন উদ্যাপন কৰা হয়। কৰ্বিসকল যিহেতু পাহাৰীয়া জনগোষ্ঠী। চ’ত বা থেৰে মাহত তেওঁলোকে হাবিবোৰত জুই দি ঝুমতলীবোৰ খেতি উপযোগী স্থানলৈ ৰূপান্তৰিত কৰে। দ’মাহীৰ আগদিনা উৰুকা। উৰুকাৰ আগদিনা ডেকাসকলে ঘৰে ঘৰে মদ তুলি ফুৰে। মদখিনি গাঁৱৰ মূৰব্বী অৰ্থাৎ বংঠেৰ ঘৰত জমা থয়। ৰংথেৰ ঘৰত গৰখীয়া আৰু বুঢ়া-মেথা একেলগ হৈ বিহু নাচেনে নানাচে সেই লৈ সিদ্ধান্ত কৰে। গাঁৱত বেমাৰ-আজাৰ বেছি হ’লে বিহু নচা বাতিল কৰা হয়।
পাহাৰীয়া জনগোষ্ঠী হিচাপে পাহাৰত হোৱা শাক খোৱাটোও এটা স্বাভাবিক ৰীতি। উৰুকাৰ দিনা গাভৰুসকল পাহাৰলৈ গৈ সাতশাক তোলে। মুঠা মুঠাকৈ বান্ধে আৰু প্ৰতিটো পৰিয়ালশ ভগাই দিয়ে। ইয়াক কোৱা হয় হানবামচ’ কিঠাক বা মুঠাশাক ভগোৱা।
এনেদৰে কাৰ্বিসকলে পালন কৰা প্ৰতিটো ৰীতি-নীতিৰ লগত আমাৰ বহাগ বিহুৰ সাদৃশ্য দেখিবলৈ পাওঁ। গৰু বিহুৰ গৰুক গা ধুওৱা, ঘৰে ঘৰে বিহু মাৰি গৃহস্থক আশীৰ্বাদ দিয়া এইবিলাকৰো সম্পূৰ্ণ সাদৃশ্য বিদ্যমান। এনেদৰে তেওঁলোকে ছটা দিনত বিহু নাচি শেষ কৰে। সাতদিনৰ দিনৰ ৰংথেৰ ঘৰত ঢোল-কালি জমা দি বছৰটোলৈ দ’মাহী সামৰে।
কোচ ৰাজবংশীসকলৰ বিষুৱা
চ’ত মাহৰ পচোৱা বতাহে চৌপাশ শুষ্ক কৰি তোলে। মানুহৰ বিবিধ ৰোগ হয়। প্ৰকৃতিৰ বুকুত পানী পৰাৰ লগে লগে প্ৰকৃতি অনন্যসুন্দৰ হৈ পৰে। বসন্তকালত নতুন বছৰটোক আদৰিবৰ বাবেই কোচ-ৰাবংশীসকলে চ’তৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছদিনলৈ উদ্যাপন কৰে বিষুৱা উৎসৱ। ইয়াক বহুতে সাত বেষমা বুলিও কয়। চ’ত মাহৰ এই সংক্ৰান্তিটো ৰাজবংশীসকলৰ মাজত বেষমা সংক্ৰান্তি বুলি প্ৰচলিত।
কোচ ৰাজবংশীসকলৰ মাজত বেষমা সংক্ৰান্তিৰ দিনা বিভিন্ন শষ্যৰ ‘ভাজা’ বা ‘কৰাই’ খোৱা,শিকৈ হালধি দি গাবা বা ৰং কৰা তুলসী গছত পানীৰ ‘ঝৰা’ দিয়া, বিভিন্ন দেৱতাৰ নামত জোলোঙা বন্ধা, গোহালি ঘৰত জাগ দিয়া আদি পৰম্পৰা পালন কৰা হয়।এইবোৰ কৰিলে আগন্ত্বক বছৰটোত লোগ-ব্যাধি,অপায়-অমংগল আদিৰ পৰা হাত সাৰিব পাৰি বুলা বিশ্বাস কৰে।
ৰাভাসকলৰ বসন্তকালীন উৎসৱ বিছুৱাঃ
ৰাভাসকলৰ বহাগ বিহুটো বিছুৱা হিচাপে পালন কৰা হয়। এই বিছুৱা তিনিদিনীয়াকৈ উদ্যাপন কৰে। বিছুৱাৰ উৰুকাৰ দিনা ৰাভাসকলে ঘৰে-চোতালে কেইবিধমান বনৰীয়া গছপাত আৰু আলু (জাব্ৰে) বান্ধি দি বতাহ-বৰষুণ, অপায়-অমংগলৰ পৰা হাত সৰাৰ ব্যৱস্থা কৰে। গৰুক সেই জাব্ৰেই কোবাই বিহুৰ দিনা গা ধুওৱা হয়। সেইদিনা ঘৰৰ গৃহিণীয়ে বাহি চোতাল সাৰি-পুচি এটা পুৰণি পাচিত এপাচি গোবৰ লৈ তাথত দহিকটা সূতা আৰু বুটি বাহনীতটাঁৰৰ সৈতে পদূলিমুখত পেলাই বছৰটোক বিদায় দিয়ে। তাৰ পাছত গা-পা ধুই নতুন বস্ত্ৰ পৰিধান কৰি ভঁৰালঘৰ বা বৰঘৰৰ লাইখুঁটাত আসন পাতি পূৰ্বপুৰুষৰ নামত মদ-ভাত অৰ্পন কৰা হয়। বামুণদাঙা অঞ্চলত খোকছি পূজকসকলে বহাগৰ প্ৰথমদিনাই মূল দেউৰীৰ ঘৰত সমবেত হৈ দেৱীজনাৰ নামত অকচি গছৰ গুটিৰে পূজা এভাগ দিয়ে। ইয়াক গাছি বাৰায়কায় পৰ্ব হিচাপে জনা যায়। সেই দিনাৰ পৰাহে ইয়াক গাঁওবাসীয়ে আঞ্জা হিচাপে গ্ৰহণ কৰিব পাৰে। অন্যথা দেৱীৰ বাহনৰূপী বনৰীয়া বাঘে আক্ৰমন কৰে বুলি এতিয়াও বিশ্বাস কৰে।
পাতিৰাভা সমাজত বিছুৱাৰ কেইদিন মুনিহে মীনিহৰ ভাগে আৰু তিৰোতাই তিৰোতাৰ ভাগে ঘৰে ঘৰে বহুৰাঙী বা বাগেজাৰী গীত গাই ৰং-ৰহইচ কৰে। দৰঙীয়া টোটলা ৰাভাসকলৰ বিছুৱাত মদৰ মেল আৰু ভোজ-ভাতৰ পয়োভৰ বেছি।
বহাগ বিহুৰ সমপয্যায়ৰ এই বিছুৱা উৎসৱো ৰাভাসকলৰ ৰং-ৰহইচেৰে ভৰা ৰঙালী উৎসৱ।
সোণোৱাল-কছাৰীসকলৰ বসন্তকালীন উৎসৱঃ
সোণোৱাল কছাৰীসকলৰ বসন্তকালীন বহাগ বিহুৰ মূল বৈশিষ্ট্য হ’ল বিহু পৰিবেশনত শৈৱ উপাসনাৰ প্ৰাধান্য লাভ। তেওঁলোকৰ এই বিহুক বালিৰজা দোমাহী বুলিঅভিক্হিত কৰা হয়।
বহাগ বিহুত হাইদাং হুঁচৰি গীত আৰু নৃত্য পৰিবেশন কৰাটো সোণোৱাল কছাৰীৰ বিহুৰ বৈশিষ্ট্য। তেওঁলোকে নিজকে বলিৰজাৰ পূৰবপুৰুষ বুলি বিশ্বাস কৰে বাবে বহাগ বিহুক বলিৰজা দোমাহী বুলি কোৱা হয়। হাইদাং গীতসমূক্হত বিষ্ণুৰ সলনি শিৱ স্তুতিক্হে দেখিবলৈ পোৱা যায়।
কৈলাশৰ শংকৰে হুঁচৰি স্ৰজিলে
পাৰবতীয়ে স্ৰজিলে নাম,।
সুবচনী কুঁৱৰীয়ে শদিয়া ৰাজ্যত
মুনিসক দি গ’ল দান।
কছাৰীসকলে গৰু বিহুৰ দিনা নৱবৰ্ষক সম্ভাষণ জনাই নামঘৰ বা তেনে পৱিত্ৰ স্থানত নটা টোপোলা বান্ধে। এই নটা টোপোলা নজন গুৰুৰ নামত উৎসৰ্গা কৰে।
শেষত ধৰ্মীয় বিশ্বাসেৰে আৰাধ্য দেৱতাসকলক উপাসনা কৰি ধৰ্মীয় চেতনাৰে হুঁচৰি সামৰে কছাৰীসকলে। ঠিক বহাগগ বিহুৰ ছেৰাবিহুৰ নিয়মৰ দৰে।
মিচিংসকলৰ বসন্ত উৎসৱ বিউঃ
মিচিংসকল উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী। সংবিধানত মিৰি বুলি উল্লেখ থাকিলেও কিন্তু এই জনগোষ্ঠীটোৱে নিজকে মিচিং বুলিহে পৰিচয় দিয়ে। মিচিংসকলে বিহুক বিউ বুলি উচ্চাৰণ কৰে। মিচিংসকলৰ বিহুৰ কেইটামান অলিখিত নিয়ম আছে। যিকেইটা সকলোৱে মানি চলে। (১) গাঁৱৰ প্ৰতিগৰাকী ডেকা-গাভৰুৱে বিহুত অংশগ্ৰহণ কৰিব লাগিব। বিশেষ কাৰণত নোৱাৰিলে আগতীয়াকৈ জনাব লাগিব। (২) হুঁচৰি গাই থকা সমচোৱাত কোনো ডেকা-গাভৰু গাঁও এৰি যাব নোৱাৰিব। অগতা যাব লগা হ’লে অনুমতি ল’ব লাগিব। (৩) বিহু গোৱা অৱস্থাত কোনেও বিহু আধাতে এৰি যাব নোৱাৰিব। (৪) হুঁচৰি চলি থকা অৱস্থাত কোনো ছোৱালী কোনেও নজনাকৈ পলাই যাব নোৱাৰিব। এনেদৰে সকলোৱে সমিলমিলেৰে বিহু উদ্যাপিত কৰে।
বিহুৰ শেষত বিহু গাই পোৱা ধনেৰে ভোজ-ভাত খোৱাটোও নিয়ম। ইয়াৰ পাছত বিহু উৰুৱা হয়। বিহু উৰুৱাৰ পাছত ঢোল-তাল বজোৱা নিষিদ্ধ কৰা হয়।
বড়োসকলৰ ঋতুকালীন উৎসৱ বৈসাগৌ
বৈসাগৌ কৃষিজীৱি বড়োসকলৰ জাতীয় উৎসৱ। খৰালি আৰু বাৰিষাৰ সন্ধিক্ষণত প্ৰকৃতিৰ সৌন্দৰ্য দেখি প্ৰকৃতিৰ সন্তান বড়োসকলৰ বঃমনত আনন্দৰ জোৱাৰ উঠিছিল। সেই সময়ত যিহেতু কৃষিকায্যও নাথাকে, সেয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য দেখি মনত ৰঙৰ হেন্দোলনি উঠে। এনেকৈ সৃষ্টি হয় বৈসাগৌ উৎসৱৰ। এই উৎসৱ চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হৈ বহাগৰ সাদিনলৈ উদ্যাপন কৰে। প্ৰথমতে গৰু বিহু (মৌসৌনি বৈসাগৌ) আৰু দ্বিতীয়টো মানুহ বিহু(মানসিনি বৈসাগৌ। গৰু বিহু চ’তৰ শেষৰ দিনা আৰু মানুহ বিহু বহাগৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হয়। মানুহ বিহু আৰম্ভ হোৱাৰ লগে লগেই গাঁৱৰ বাঁহীবাদক জনে কাহিলী পুৱাতেই উঠি দীঘলকৈ সত্ৰাৱলী সুৰ বজাই বৈসাগৌৰ বাতৰি সকলোকে দিয়ে। বড়োসকলে বিশ্বাস কৰে যে।, প্ৰথম বহাগত বাঁহীত সত্ৰাৱলী সুৰ বজালে বাঁহীৰ সুৰ যিমান দূৰলৈ যায়, সিমান দূৰলৈ সাপৰ কণীবোৰ নষ্ট হৈ ৰায় বুলি বিশ্বাস কৰে।
মানুহ বিহুদিনা মৃত পূৰ্বপুৰুষক সোঁৱৰণ কৰি কিছুমানে খোৱা বস্তু আগবঢ়ায়। সেই কায্য সমাপনৰ পাছতহে ৰাইজৰ লগত সহযোগ কৰে। এনেদৰেই সাদিনলৈ ৰং-ৰহইচ কৰি আনন্দ-উৎসৱক বিদায় দি নিজৰ কৰ্মময় জীৱনলৈ উলটি আহে।
এনেদৰেই সংস্কৃতিৰ সুৰীয়া পথাৰেৰে নিজৰ জনগোষ্ঠীয় নৈসৰ্গিক সম্ভাৰ কঢ়িয়াই লৈ জনগোষ্ঠীসমূহ নিৰন্তৰ, বাধাহীনভাবে অসমীয়াৰ মাজত সোমাই পৰিছে হাড়ে-হিমজুৰে। দিয়া-লোৱা, পিন্ধা-উৰা…সকলোতে জনগোষ্ঠীয় সংস্কৃতি আৰু অসমীয়া জাতীয় সংস্কৃতিৰ চমকপ্ৰদ প্ৰদৰ্শন। অৱশ্যে এই জনগোষ্ঠীসমূহে নিজৰ জনগোষ্ঠীয় সংস্কৃতি বুকুত সাৱটি অসমীয়া সংস্কৃতিৰ লগত সংপৃক্ত হৈ জাতি-জনজাতি আৰু জনসংস্কৃতিৰ এডাল সুৰীয়া জিঞ্জিৰিৰ সৃষ্টি কৰিছে।; য’ত প্ৰতিটো অংশই ইটো সিটোৰ পৰিপূৰক। সংস্কৃতিৰ এই জিলিকা পথাৰত বিহুৰ মহত্ব আৰু সৌন্দৰ্য্য কালৰ পৰা কাললৈ নিৰবধিৰ বৈ থাকক।
বিহুটি নামেৰে তিনিটি আখৰে
কোনে লিখি গ’লে শিলত
ঘুঁণেও নধৰে মামৰেও নধৰে
থাকিল অসমীয়াৰ মাজত।
সহায়ক পুথিঃ (১)বিহু সংস্কৃতিৰ ৰূপৰেখা
সম্পাদক:জয়কান্ত গন্ধীয়া, নিতুল চাংমাই
(২) অসমৰ বিভিন্ন জনগোষ্ঠীৰ ঋতুকালীন উৎসৱ-অনুষ্ঠান।
সংকলন আৰু সম্পাদন: পুতলী কায়স্থ


No comments:
Post a Comment