কোকিল
জিণ্টু চাংমাই
চামগুৰি, নগাঁও
পৃথিৱী অঁকা ৰ’দ গ্ৰহণৰ সূৰ্য
হৃদয় সাম্ৰাজ্যৰ অপ্ৰতুল ভালপোৱা কিঞ্চিৎ বসন্ত
মানুহ ফাগুনৰ কবিতা ব'হাগৰ যৎকিঞ্চিৎ সেউজীয়া।
চ’ত ৰ’দঘাই অলপ জীৱন যন্ত্ৰণাৰ বৰদৈচিলা
কথাৰে সাধুবাদ টকাৰ বুৰঞ্জী
জোনবাই প্ৰদেশৰ জোনমৰা তিথি এন্ধাৰ বুকুত জুইৰ উমান
হৰিৎ হৃদয় লৈ বসন্ত আৰু কোয়েলিকা
বিহান আবেলি নিশি ব'হাগ সংবাদ।
প্ৰীতি নিঃসৰ্গ ফাগুন অৰ্পণ
চ’ত জীৱন অসুখী মানুহ আৰু কবি সংঘৰ্ষ
হৃদ্য-হৃদ্বোধ পৃথিৱী অব্ধিদীপা ব’হাগ শাশ্বত।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment