অস্তৰাগ
শেৱালী বড়া
ছিপাঝাৰ, দৰং
সংঘাটে ভৰা জীৱনৰ ক্ষণবোৰ
উটি-ভাহি য়ায় সময়ৰ দোমোজাত
ৰৈ যায আপোচ বিহীন ক্ষোভ
মানুহে আপোনতাৰ সুযোগ লৈ
বিশ্বাসঘাটকতা আৰু অভিনয়ৰ
অভিসন্ধিৰে দিয়া তিক্ততাৰ
খোচবোৰে হৃদয়ত বিন্ধে অজানিতে
অবাঞ্চিত বিষবোৰ হজম কৰোঁ গোপনে
আপোন কৰি লওঁ নিৰৱতাৰ বতাহজাক
ভিন্নৰঙী ফুলেৰে সজোৱা সপোনবোৰ
সৰে এটি এটিকৈ পৰিচৰ্যাৰ অভাৱত
ৰৈ যায় বাংময় দলিচাত নীৰৱে
শেলুৱৈ ধৰা বেৰবোৰ উৱলি যায়
ক্ৰমান্বয়ে পৰজীৱী আৰু ৰঘুমলাবোৰে
বগুৱা বাই গা কৰি উঠি
গোজেই গজালি হয়
বেৰবোৰৰ চিনচাব নিঃশেষ হয়
উই পৰুৱাৰ হয় আগ্ৰাসন
আয়তন বাঢ়ে, উই হাফলু দৃশ্যমান হয়
অৱশিষ্ট জঁকাসদৃশ ভেটিটোৱে
হাত বাউলি মাতে জীৱনৰ অন্তিম
সমাধি পৰত।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment