দৰদাম
আগমনি ফুকন শইকীয়া
দোকানখনত ভিৰ লাগিছে
সকলোকে কিবা নহয় কিবা এবিধ সম্পদ লাগে
এজনে সুধিলে হাত দুখনৰ দাম কিমান হ’ব ?
এজনে চকু দুটা বিচাৰিলে
আন এজনে কাণ দুখন
এজনে টনা-আঁজোৰা কৰি জিভাখনকে লৈ গ’ল
তাৰমাজতে হুৰমূৰকৈ ভিক্ষাৰী যেন লগা মানুহএজনে
মগজ অকণমান বিচাৰিলে
বহুত জৰুৰী হেনো
সেইদিনা বেপাৰত তেওঁৰ বহুত লোকচান হ’ল।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:
Post a Comment