সম্পৰ্ক
ববী দত্ত
গঢ়ো বুলি সম্পৰ্ক গঢ়িব নোৱাৰি
চিঙো বুলি সম্পৰ্ক চিঙিব নোৱাৰি
বুকুৰ কোনোবা কোণত সজীৱ হৈ থাকে।
সম্পৰ্কই মানুহক সাহস দিয়ে
সম্পৰ্কই মানুহক সুখ দিয়ে
সম্পৰ্কই মানুহক নিৰাপত্তা প্ৰদান কৰে
কিছুমান সম্পৰ্ক দৃশ্যমান অথচ অস্থিৰ
কিছুমান অদৃশ্য, কিন্তু স্থিৰ
কিছুমান সম্পৰ্ক নীতিহীন অথচ গভীৰ
কিছুমান সম্পৰ্ক নীতিপূৰ্ণ কিন্তু অগভীৰ
এই যে দৃশ্যমান সম্পৰ্কবোৰ; এইবোৰ জ্ঞাত
সমাজত চলি থাকিবৰ বাবে এনে সম্পৰ্কৰে বান্ধ খাই থকাৰ নিতান্তই প্ৰয়োজন
সুখেৰে, দুখেৰে, প্ৰেমেৰে, প্ৰেমহীনতাৰে
অথবা বুজাবুজিৰে কিছুমান সম্পৰ্ক ধৰি ৰখা হয়।
অদৃশ্য সম্পৰ্কবোৰ অজ্ঞাত
মাথোঁ সম্পৰ্ক গঢ়োঁতাইহে জানে ইয়াৰ গভীৰতা
ই এনে এক মায়াৰ বান্ধোন যাক চিঙিব নোৱাৰি
ইয়াৰ গভীৰতা যেন দৃশ্যমান সম্পৰ্কতকৈ বহুত বেছি।
আমি যি সম্পৰ্কৰে বান্ধ খাই নাথাকো কিয়
সন্মান সূচক ভাবে হৃদয়ৰ গভীৰতাত আসন দিয়া উচিত।
সম্পৰ্ক তেতিয়াহে গভীৰ হব য’ত বিশ্বাস থাকিব
য’ত প্ৰেম থাকিব
য’ত বুজাবুজি থাকিব
য’ত সন্মান থাকিব।
সম্পৰ্কৰ লগত সম্পৰ্কৰ মধুৰ সম্পৰ্ক হ’ব।


No comments:
Post a Comment