মানৱতা
ৰমেন কমান
নিস্তব্দকৈ প্ৰানত জাগি উঠা
এক মনৰ কথা,
আকূট-বিকূটকৈ চাওঁ চালি- জাৰি
প্ৰচলিত কিছু কু-প্ৰথা ।
নকৰিবা নাপাই নিজকে বচাবা
এইয়া হ'ল জ্ঞানহীনতা,
অহংকাৰ আৰু ভেমেৰে ভৰি থকা
সকলোতে চোৱা সেই মানৱতা।।
চেনেহৰ ফুল পাহী নহয় চিৰস্থায়ী
সময়ৰ ডাল ও যাব মৰহি,
গুণো নাথাকে,ৰূপো নাথাকে
থাকি যাব মাথো চিঁয়াহী।
ধনেই প্ৰাণৰে প্ৰাণ আশাৰ ভঁৰাল
ৰাখিবা সজাই পৰাই,
নাজানিবা নিচিনা আপোনপেটীয়া
গঢ়িবা আলফুলে ধৰণী সজাই।।
আজি আছে হাঁহিবা কৰিবা অপমান
ধনেৰে পাবা সকলো সুখ ,
ক্লান্ত লুইতে সলাব যেতিয়া সূত
নিমিষতে পাবা পাহাৰ খহা দুখ।
থাকক ধন নাপাই সুখ এই জগতত
যাবাগৈ সকলো টোপোলা জোকাৰি,
ক'ব জানো পাৰিবা নেদেখা জনক
মানৱ সমাজৰ আছিলোঁ এক বুলি উপকাৰী।।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment