মোক এটা প্ৰজন্ম লাগে
ডেইজী শইকীয়া
সৌৰ অভিজ্ঞান ভাঙি
সুৰুযৰ সতে থিয় দিব পৰা
মোক এটা তন্ময় নক্ষত্ৰ লাগে
অন্ধবোৰৰ আত্মাৰ ক্ষুধা পুৰি
ৰণত ক্ষত বিক্ষত ৰক্তাক্ত
আত্মাৰ সীমাহীন শান্তিৰ বাবে
মোক এটা ঈশ্বৰ লাগে
অমৃতৰ ভাষা বিলাবলৈ
কবিৰ নীল নিশাৰ
শ্ৰান্তি আৰু যন্ত্ৰণাৰ বাবে
মোক লাগে এখন সাগৰ
কবিতাৰ তন্দ্ৰাহীন শব্দৰ
শৃংখল, ক্ষান্তি আৰু তন্দ্ৰাৰ বাবে
মোক এখন অৰণ্য লাগে
প্ৰেম, মৃত্যু আৰু সদ্যস্নাত পুৱাৰ দৰে
হৈমান্তিক এক ধ্ৰুপদী সন্ধাৰ
সোণোৱালী কিৰণৰ বাবে
মোক এটা নতুন দিন লাগে
গান আৰু কবিতাৰ সুৱাসেৰে
গন্ধস্নাত শৰতৰ কবোষ্ণ সন্ধাৰ
তিৰবিৰ শব্দৰ অমৃত ভাষাৰ বাবে
মোক এটা প্ৰজন্ম লাগে….।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment