পৰিচয়
মানসী শৰ্মা
কেন্দুগুৰী, যোৰহাট
শিৰত সেন্দূৰকণ লবলৈ লৈ তাই ৰৈ গ’ল।
ভগৱানৰ ফটোখনৰ তলতে টেমাটো থৈ তাই সেইদৰেই কামলৈ ওলাই গ'ল।
“আহোতে উকিলৰ তাত সোমাই আহিব লাগিব।”
এইবাৰ পৰিচয়টো সলাবলৈ তাই বদ্ধপৰিকৰ হ’ল।
হাত, পিঠিৰ কলা দাগবোৰ আজি তাই ঢাকিবলৈ চেষ্টা নকৰিলে।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment