শিশু উপন্যাসঃনিগাজি পাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

শিশু উপন্যাসঃনিগাজি পাম

 


শিশু উপন্যাসঃনিগাজি পাম


ৰুমী শৰ্মা বৰঠাকুৰ

নুনমাটি, গুৱাহাটী-২০



গ্ৰন্থঃ শিশু উপন্যাসঃনিগাজি পাম

লেখিকাঃ ৰুমী তালুকদাৰ

মূল্যঃ ২৩০ টকা

প্ৰথম প্ৰকাশঃ জানুৱাৰী, ২০২৬ চন

প্ৰকাশকঃবৰুৱা অপচেট, বামুণীমৈদাম, গুৱাহাটী-২১

 

       লেখিকা ৰুমী তালুকদাৰৰ শিশু-উপন্যাস ‘নিগাজি পাম’ৰ একলম গ্ৰন্থ সমালোচনা আগবঢ়ালো। তেখেতৰ গল্প সংকলন কেইবাখনকে আদি কৰি ‘কুঁৱলিৰ আঁৰে আঁৰে’ উপন্যাসলৈকে পঢ়িছো। গ্ৰন্থৰ মূল বিষয়বোৰত সমাজলৈ বাৰ্তা আছে। পঢ়ি মন মগজুৱে বহু চিন্তাৰ খোৰাক বিচাৰি পাওঁ। আন সকলো গ্ৰন্থতকৈ শিশুৰ বাবে  গ্ৰন্থ লিখা কেতিয়াও সহজ নহয়। আন দিশে আজি কালি শিশুৰ বাবে বহু ভাল ভাল সাহিত্যিকেই নিলিখে। শিশুসকলক পুথি অধ্যয়নৰ অভ্যাস গঠণৰ বাবে শিশুৰ বাবে উপযোগী গ্ৰন্থ খুবেই প্ৰয়োজন। এনে সময়ত আমাৰ দৃষ্টিত ’নিগাজি পাম'নামৰ শিশু উপন্যাসখন অসমৰ শিশু-সাহিত্যজগতলৈ খুবেই মূল্যবান এখন গ্ৰন্থৰ অৱদান। এখন সুখ পাঠ্য।

      টুকু নামৰ বাৰ বছৰীয়া ল’ৰা এটাৰ জীৱন কাহিনীৰে আগবঢ়া উপন্যাসখনৰ মাজেদি লেখিকাৰ প্ৰকাশভংগীত নিহিত হৈ আছে এগৰাকী প্ৰকৃত মাতৃৰ শিশুসুলভ ব্যক্তিত্ব। শিশু এটিক মানুহ হিচাপে গঢ় দিবলৈ যিখিনি গুণ জ্ঞানৰ দৰকাৰ,প্ৰায় সকলো গুণ জ্ঞান বুটলি টুকুৰ চৰিত্ৰটো আগবঢ়াই লৈ গৈছে। শিশুকালৰ কম সময়হে গাঁৱৰ পৰিৱেশত অতিবাহিত কৰি অহা টুকুৱে নগৰত বাস কৰিও গাঁৱৰ মাদকতা পাহৰিব নোৱাৰা অৱস্থাটোক অভিভাৱক সকলেও সুন্দৰ ভাবে সন্তুলন ৰক্ষা কৰি শিশু মনক দিয়া গুৰুত্ব কাহিনীৰ এক আদৰ্শ। জীৱনৰ বাটত যিসকলে আদৰ্শবান নিকট আত্মীয়ৰ সান্নিধ্য লভিছে সেই সকলৰ জীৱন আদৰ্শও অনুকৰণীয়। নগৰিকৰণৰ প্ৰভাৱৰ বাবে জনসমাজত কৃষিৰ প্ৰতি আনুগত্য ক্ৰমে কমি অহাৰ সময়ত টুকুৰ খুৰাকে কিন্তু কৃষি বিনে গতি নাইৰ দৰে খেতি পথাৰখন বাদ নিদিয়া দিশটো বিশেষ ভাবে উল্লেখযোগ্য। উঠি অহা টুকুৱে ল’ৰালি কালৰ পৰা দেখি অহা গাৱঁৰ পৰিৱেশ তথা পৰিয়ালৰ সম্পৰ্ক আৰু সকলোৰে সহযোগিতা আদিয়ে কুমলীয়া মনটোত প্ৰভাৱ বিস্তাৰ কৰিছে। শিশু এটিক জাতীয়  সাংস্কৃতিক পৰম্পৰাৰ লগত বয়সৰ লগে লগে পৰিচয় কৰোৱা যেনেকৈ এথন ঘৰৰ দায়িত্ব সেই ক্ষেত্ৰত বিদ্যালয়ৰো যে দায়িত্ব আছে লেখিকাই পাহৰা নাই। পাহৰা নাই কৃষিৰ লগত অসমৰ ঋতু আৰু সংস্কৃতিৰ কি সম্পৰ্ক। বিশেষকৈ শিশু মনক অসমৰ সাংস্কৃতিক পৰম্পৰাৰ উৎস যে কৃষি সেই কথা শুদ্ধ ভাবে শিকাব পাৰিলে জাতীয় সংস্কৃতি সময়ৰ সোঁতত কিছু সলনি হ’লেও, চিৰ প্ৰবাহমান কৰি ৰাখিব পৰা হয়। এই ক্ষেত্ৰত লেখিকাই কাহিনীৰ কিছুমান সময়ত এই চিন্তাৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হয়।

   এনেদৰে অন্যান্য বহু দিশৰ সুস্থ প্ৰভাৱত বিদ্যালয়তো কম বয়সতে টুকু জিলিকি উঠিছে। পিতৃ-মাতৃৰ অভাৱ অনুভৱ কৰিব নোৱাৰাকৈ পৰিয়ালৰ আদৰ আশ্বাসত ডাঙৰ হৈ অহা টুকুৰ শিশু মনে আজিৰ অধিকাংশৰ দৰে ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ সপোন নেদেখি জীৱনৰ লক্ষ্য যেতিয়া 'কম মাটিত অধিক শস্য উৎপাদন' কৰাকে এক উচিত পথ বুলি ভাবি লয়, এই ক্ষেত্ৰত লেখিকাৰ শিশু উপন্যাসখন এক সাৰ্থক প্ৰচেষ্টা বুলি ক’ব লাগিব। কিয়নো যি সময়ত কৃষিৰ ক্ষেত্ৰত অৱহেলা চলি আছে,সেই সময়ত শিশুমনে কৃষিৰ গুৰুত্ব বুজি পোৱা পৰিৱেশে দেশ জাতিৰ উন্নতিৰ সংকেত দিয়ে। এয়া কেৱল উপন্যাসৰ চিন্তা নহৈ বাস্তৱৰ চিন্তাও হওক। লেখিকা নিজেও মাটি মানুহ আৰু সমাজৰ উন্নতি কামনা কৰা ব্যক্তি যে হয়,তাৰ সুন্দৰ উদাহৰণ এই ‘নিগাজি পাম’। শিশুৰ মনৰ মাজত নিগাজিকৈ ঠাই ল’ব পৰা কাহিনীৰে এখন সাৰ্থক শিশু-উপন্যাস। কিতাপখন সকলো পাঠকে আদৰি লওক তাৰেই কামনা কৰিলো।

      শেষত এইকথা উল্লেখযোগ্য যে  যোৱা পহিলা জানুৱাৰীত এক গাম্ভীৰ্যতাপূৰ্ণ অনুষ্ঠানত অসমৰ এজন স্বনামধন্য সাহিত্যিক জয়ন্ত মাধব বৰা দেবৰ দ্বাৰা উন্মোচন হোৱা শিশু উপন্যাস ‘নিগাজি পাম’ৰ বাবে যোৱা ২২-০৩-২০২৬ তাৰিখে “গ্ৰন্থ সুবাস” বঁটাৰে লেখিকা ৰুমী তালুকদাৰক সন্মানিত কৰা হৈছে।


Doksiri দকচিৰি, মে, ২০২৬



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages