মই সংঘৰ্ষ কৰিম
ৰিতুপৰ্ণ শৰ্মা
বেলতলা চাৰ্ভে
শুভ সন্ধিয়াৰ সৌজন্যত পলৰীয়া সমাধি
মায়া আৰু বন্ধুত্ব উপেক্ষাৰ সংযোগ
মই অপেক্ষা কৰিম সেই মানসিক যুজঁখনলৈ
মই লক্ষ্য কৰিছো অসহজ প্ৰেমৰ আত্মগাথা
বাগদত্তা শিখাই প্ৰতিশ্ৰুতিৰ বেৰ ভাঙি
অস্থিৰতাৰ নিৰস পদাৰ্পন
অনুসন্ধিৎসু চতুৰালিৰে নিটোল বয়ন
হৃদয়ত গুজি লোৱা নিৰ্বিকাৰ বিমূৰ্ত ৰূপবোৰ
দিঠকৰ মৌলিক অগ্নিবলয়ৰ নিৰ্মম ৰূপ
আশাৰ ৰামধেনুত প্ৰভাতৰ পলশ জীৱন
অৱগুণ্ঠনৰ মিতিৰালি এডোবা যাতনাৰ শোক
ধুমুহাৰ ঘড়ীত ঘূৰি নিজান পাৰঘাটত
লুকাভাকু হেঙুলী বেলিৰ ধুসৰিত গুণগুণ
ৰোদনৰ দৰে হৈ পৰিছে বিষাদৰ টেটেয়নি
সিক্ত সজল মন্থৰা উষ্ণতাৰ সঁজাত
সংগ দিছে শেষ আশ্ৰয়ৰ বেলিৰ ছা
জিৰিজিৰি স্বপ্নৰ লুতুৰি পুতুৰি পঁজাত
পলশ জীৱনৰ আশাৰ ৰামধেনু।।
Doksiri দকচিৰি, মে, ২০২৬

No comments:
Post a Comment