মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা
দীপ্তি ঠাকুৰ গোস্বামী
পঞ্চম খণ্ড
মহান শিল্পী জুবিন গাৰ্গৰ কিমান অধ্যয়ন পিপাসু মন এটা আছিল সেয়া হয়তো তোমালোকে হৃদয়ঙ্গম কৰিবলৈ সক্ষম হৈছা বুলি মই অনুভৱ কৰিছোঁ। তেখেতে শঙ্কৰী কলা-কৃষ্টিৰ সন্দৰ্ভত যথেষ্ট অধ্যয়ন কৰিছিল। মহাপুৰুষজনাৰ সাহিত্য, সংস্কৃতি, ভাওনা, নাট, বৰগীতসমূহ যথেষ্ট অধ্যয়ন কৰি জ্ঞানৰ উজ্জ্বল জেউতিৰ পোহৰত নৱ প্ৰজন্মৰ সন্তানসকলক মানৱদৰদী এখন সুন্দৰ হৃদয় দিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল। মহাপুৰুষ শঙ্কৰদেৱে মানৱতাবাদৰ যি আদর্শ দেখুৱাই থৈ গ'ল সেয়া আমাৰ অতি প্রিয় শিল্পীজনায়ো তেখেতে দেখুৱাই যোৱা সেন্দুৰীয়া পথৰ পথিক আছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ মতে "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।”
শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মত জাতি ভেদ, অস্পশ্যতাৰ স্থান নাই। জীৱ-জন্তুৰ প্ৰতি দয়াৰ এখন অন্তৰ আছিল। ঠিক সেইদৰে আমাৰ শিল্পীজনায়ো জাতি ভেদ প্রথা বিশ্বাস কৰা নাছিল।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যথেষ্ট গ্রন্থ অধ্যয়ন কৰিছিল। আমাৰ ক্ষুদ্ৰ জ্ঞানৰদ্বাৰা ব্যাখ্যা কৰাৰ শকতি নাই যদিও তোমালোকক মই কিছু আভাস দিয়াৰ চেষ্টা কৰিছোঁ।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্রহণ কৰিছিল। সেই সময়ত গুৰুজনাই সংস্কৃত শাস্ত্র, দর্শন, তর্কশাস্ত্ৰ আৰু কাব্য অধ্যয়ন কৰিছিল। মহাপুৰুষজনাৰ অধ্যয়নৰ মূল আধাৰ আছিল ভাগৱত পুৰাণ, ভাগৱত গীতা, ৰামায়ণ, মহাভাৰত। ইয়াৰ উপৰিও তেওঁ প্রাচীন ভাৰতীয় ধর্ম আৰু দার্শনিক গ্ৰন্থসমূহৰ গভীৰ জ্ঞান অৰ্জন কৰিছিল। এই ৰস আৰু জ্ঞানৰ ফলত আমাৰ বাবে অমূল্য গ্রন্থসমূহ জ্ঞানৰ এগছি বন্তিৰ দৰে উজলি আছে। তেখেতৰ একশৰণ নাম ধৰ্ম আমাৰ অমূল্য অৱদান। পণ্ডিতসকলে তেখেতৰ গ্ৰন্থসমূহ এইদৰে ভাগ কৰিছে-
কাব্য: ক) হৰিচন্দ্ৰ উপাখ্যান, খ) ৰুক্মিণী হৰণ, গ) বালিচলন, ঘ) অমৃত মথন, ঙ) অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র।
ভক্তিতত্ত্বমূলক গ্রন্থ: ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, নিমি
নৱসিদ্ধ সংবাদ।
অনুবাদমূলক গ্রন্থঃ ভাগৱত ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১০ম, একাদশ আৰু দ্বাদশ স্কন্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড।
নাটঃ পত্নীপ্রসাদ, কালিদমন, ৰুক্মিণী হৰণ, কেলি গোপাল, পাৰিজাত হৰণ, ৰাম বিজয়।
গীতঃ বৰগীত, ভটিমা।
নাম-প্রসঙ্গৰ পুথিঃ কীর্তন, গুণমালা।
মইনাহঁত, এটা কথা মনত ৰাখিবা এই অমূল্য গ্রন্থসমূহ ৰচনাৰ আঁৰত আছিল গভীৰ অধ্যয়ন।
ঠিক সেইদৰে মহান শিল্পী জুবিন গাৰ্গৰ সাহিত্য-সংস্কৃতি, গীত, প্ৰতিটো মুখৰ বাক্যই এখন সুন্দৰ সমাজ গঢ়াত ছবি অংকিত হৈ আছে। তেখেতৰ গুণৰাজিৰ ব্যাখ্যা কৰাৰ শকতি আমাৰ নাই। কিন্তু নৱ-প্ৰজন্মৰ সন্তানসকলৰ বাবে আমি লিখি থৈ যাব লাগিব; যিহেতু তেখেতৰ যি সৃষ্টিৰাজি সেইবোৰ অধ্যয়ন কৰিলে আমাৰ সন্তানসকল সু-পথৰ পথিক হ'ব পাৰিব। শ্রীমন্ত শঙ্কৰদেৱে যিদৰে আন্ধাৰ যুগক নতুন সুৰুযৰ পোহৰেৰে বিচ্ছুৰিত কৰি সুন্দৰ পথ দেখুৱাই থৈ গৈছে ঠিক সেইদৰে শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ যি জ্ঞানৰ উজ্জ্বল জেউতিৰ পোহৰত নৱপ্ৰজন্মৰ সন্তানসকলৰ এটা মানৱদৰদী সুন্দৰ মনৰ সৃষ্টি কৰিবলৈ, সৎ-সাহসী হ'বলৈ তেওঁ যেন নৱ প্ৰজন্মৰ বাবে এৰি থৈ গৈছে জ্ঞানৰ এক মণি-মুক্তাৰ ভঁৰাল। শিল্পীজনাই সাহিত্য আৰু সংগীতৰ মাজেৰে এখন মানৱীয়তাৰ চিত্ৰ অংকন কৰি থৈ গৈছে। পৃথিৱীত সূৰ্যৰ পোহৰ থকালৈকে জিলিকি থাকিব এই জ্ঞানৰ ভাণ্ডাৰ। মইনাহঁত, অধ্যয়নৰ ফল কিমান মিঠা হয়তো তোমালোকে হৃদয়ঙ্গম কৰিব পাৰিছা আৰু তেখেতৰ সৃষ্টিৰাজিৰ যি সুগন্ধি ফুলৰ সুবাসৰ কথা আমি লিখি যাম তেখেতৰ আদৰ্শৰাজি মনৰ মঞ্জুষাত স্থান দি তোমালোকেও যাতে এখন সুন্দৰ সমাজ গঢ়াৰ চিন্তা কৰিবলৈ।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment