জী ৰোৱা কথাটো ইমানেই সহজ
গৰিমা দাস
দক্ষিণপাট, নগাঁও
অভিমান কৰিবলৈকে অলপ হেঁপাহ লাগে
চৌপাশৰ কোলাহল সামৰিও বুকুত একান্ত উম দিব পৰাকৈ
অলপ মৌনতা লাগে
অলপ আশা লাগে
লাগে এমুঠি সপোন
জী ৰ’বলৈ জীৱন।
কৈ দিয়া নহয় বহু কথা
সেই নোকোৱাকৈ ৰৈ যোৱা কথাবোৰ শুনিবলৈকে
এখন হৃদয় লাগে
এখন আকাশ লাগে চাই ৰ’বলৈ
মন গ’লে চুই চাবলৈ
অলপ উশাহ লাগে
বুকুৰ ধপধপনি ৰৈ যাব খোজা সময়খিনিত
প্ৰাণ দিবলৈ নিজক
(কেৱল অক্সিজেনেৰে উশাহ ল’ব পৰা কথাটো আটাইতকৈ ডাঙৰ মিছা কথা। সাধুকথা।)
উশাহ ল’বলৈও ভঙাৰ ভয় থকা অথচ
হেজাৰ ধুমুহাতো নভঙাকৈ থকা এটা সপোন লাগে।
নিশাহত এৰিব পৰাকৈ অলপ ভয় লাগে
নিশাহত এৰিব পৰাকৈ লাগে এমুঠি চিন্তা
লাগে অলপ অভিমান আৰু
বিনিময় নিবিচৰাকৈ অলপ মৰম।
জী ৰোৱা কথাটো ইমানেই সহজ!
ইমানেই সহজ।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment