পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু বৃদ্ধাৱস্থাৰ নিসংগতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 1, 2026

পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু বৃদ্ধাৱস্থাৰ নিসংগতা

 

পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু বৃদ্ধাৱস্থাৰ নিসংগতা


পৰিস্মীতা ফুকন 

 

      জীৱনৰ আৱেলি পৰত আমাৰ বৃদ্ধ পিতৃ-মাতৃ তথা সমাজৰ বয়োজ্যেষ্ঠসকলক আটাইতকৈ বেছি প্ৰয়োজন হয় অলপ সময় আৰু সঁচা মৰমৰ। কিন্তু যান্ত্ৰিকতাৰ এই ধামখুমীয়াত আৰু সমাজৰ তথাকথিত আধুনিক উত্তৰণে তেওঁলোকৰ পৰা যেন সেইখিনি অধিকাৰেই কাঢ়ি নিছে। আকাংক্ষাৰ আকাশত সফলতাৰ জখলাৰে বহুদূৰ আগুৱাই গৈ আমি পাহৰি পেলাইছোঁ সেই নিজম পৰা পদূলিটোৰ কথা, পাহৰি পেলাইছোঁ সেই ঘৰখনৰ কথা য’ত এহাল ভাগৰুৱা চকুৱে কেৱল আমি উভতি অহাৰ অপেক্ষাত দিন গণিছে। চহৰৰ ব্যস্ত জীৱনেই হওক বা গাঁৱৰ নিজম পৰিৱেশেই হওক, আজি সকলোতে মানুহৰ মাজত আৱেগিক দূৰত্বহে ক্ৰমান্বয়ে বাঢ়ি গৈছে। আধুনিক সা-সুবিধাৰে ভৰা একোটা বন্ধ কোঠাত আৱদ্ধ হৈ থকা চহৰীয়া জীৱনেই হওক বা নিজম পৰা গাঁৱৰ চোতালখনেই হওক— আমাৰ বৃদ্ধ পিতৃ-মাতৃসকল আজি সকলো ঠাইতে একেই নিসংগতাৰ চিকাৰ হৈছে । প্ৰাপ্তিৰ দৌৰত আগুৱাই যাওঁতে আমি পাহৰিয়েই গৈছোঁ যে আমাৰ এই আকাশলংঘী প্ৰাপ্তিৰ আঁৰত আছিল আমাৰ পিতৃ-মাতৃৰেই জীৱনজোৰা ত্যাগ। আজি আমাৰ সমাজখন ইমানেই আত্মকেন্দ্ৰিক হৈ পৰিছে যে বৃদ্ধাৱস্থা কেৱল বয়সৰ সীমা হৈ থকা নাই, ই ৰূপান্তৰিত হৈছে আপোন মানুহৰ উম বিচাৰি কটোৱা এক বিষাদগধুৰ সময়লৈ।

             অতীতৰ শংকৰী যুগৰ সমাজ ব্যৱস্থালৈ এবাৰ ঘূৰি চালে দেখা যায়, নামঘৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সেই সমাজখনত বয়োজ্যেষ্ঠসকল আছিল ঘৰখনৰ আৰু সমাজৰ পথ প্ৰদৰ্শক। যৌথ পৰিয়ালৰ সেই বৃহৎ মজিয়াখনত ককা-আইতাৰ সাধুকথা শুনি আৰু তেওঁলোকৰ আদৰ্শৰে নৱপ্ৰজন্মই জীৱনৰ প্ৰকৃত পাঠ শিকিছিল। কিন্তু বিশ্বায়ন আৰু যান্ত্ৰিকতাৰ আগ্ৰাসনে সেই যৌথ পৰিয়ালৰ গাঁথনি ভাঙি চুৰমাৰ কৰিলে। কৰ্মসংস্থাপন আৰু আধুনিক জীৱনৰ তাড়নাত মানুহ চহৰমুখী হ'ল আৰু তাৰ পিছত ৰৈ গ'ল কেৱল স্মৃতিৰ হেন্দুলনিত পদূলিলৈ চাই বাট কুৰি বোৱা এহাল অকলশৰীয়া পিতৃ-মাতৃ ।

      আজিৰ ডিজিটেল যুগত মোবাইল আৰু ইণ্টাৰনেটে মানুহক বহুত ওচৰ চপাই আনিছে সঁচা, কিন্তু একে সময়তে ই আপোন মানুহবোৰক বহুদূৰলৈ আঁতৰাইয়ো নিছে। স্মাৰ্টফোনৰ পৰ্দাত এমাহৰ মূৰত হোৱা ভিডিঅ' কল'টোৱে খবৰ-খাতিবোৰ দি যায়, কিন্তু অসুখৰ সময়ত কঁপা কঁপা হাতেৰে পানীটুপি আগবঢ়াই দিবলৈ প্রয়োজনৰ সময়ত কাষত কোনো নাই। বিজ্ঞান আৰু চিকিৎসাৰ অগ্ৰগতিয়ে মানুহৰ আয়ুস বঢ়াইছে, কিন্তু জীৱনৰ শেষৰ সময়ছোৱাত প্ৰয়োজন হোৱা আৱেগিক আশ্ৰয় আৰু মানসিক প্ৰশান্তিখিনি কাঢ়ি নিছে। এয়া আধুনিক সমাজ ব্যৱস্থাৰ এক চৰম বিড়ম্বনা। 

          একবিংশ শতিকাৰ এই পৰিৱৰ্তিত প্রৱাহে কেৱল চহৰসমূহকেই নহয়, বৰঞ্চ আমাৰ  থলুৱা সমাজ ব্যৱস্থাকো স্পৰ্শ কৰিছে। কাৰ্বি আংলং বা বি. টি. আৰ. ৰ দৰে বৈচিত্ৰ্যপূৰ্ণ অঞ্চল, য'ত পৰম্পৰাগতভাৱে বৃদ্ধসকলক সমাজৰ মূৰব্বী আৰু জ্ঞানৰ ভঁৰাল হিচাপে সদায় সন্মান কৰা হয়, তাতো আজি আধুনিকতাৰ ঢৌত এই পুৰণি মূল্যবোধৰ কিছু স্খলন ঘটা পৰিলক্ষিত লৈছে। মানৱীয়তাৰ বিকাশ আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰে এক নৈতিক কৰ্তব্য। চৰকাৰে হয়তো বৃদ্ধ পেঞ্চন বা বৃদ্ধাশ্ৰমৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু সেই ব্যৱস্থাই কেতিয়াও এখন ঘৰৰ আৱেগিক শূন্যতা পূৰণ কৰিব নোৱাৰে।

         যিখন সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়ি যায়, সেই সমাজ কেতিয়াও প্ৰকৃত অৰ্থত আধুনিক হ'ব নোৱাৰে। বৃদ্ধাৱস্থাৰ এই নিসংগতা কেৱল বয়োজ্যেষ্ঠসকলৰ সমস্যা নহয়, ই সমগ্ৰ সমাজ ব্যৱস্থাৰ এক নৈতিক পৰাজয়। সময় থাকোঁতেই আমি আমাৰ শিপালৈ উভতি চাব লাগিব। যান্ত্ৰিকতাৰ মাজতো আৱেগ আৰু মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখিব পাৰিলেহে সমাজৰ প্ৰকৃত উত্তৰণ সম্ভৱ হ’ব, নহ’লে এদিন আমাৰ নিজৰ জীৱনৰ আবেলি বেলাতো সংগী হ’ব কেৱল এক নীৰৱ আৰু নিৰ্মম অৱহেলা ।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages