শিল হ’ব নোৱাৰা মানুহবোৰ
মৰমী মৌ চাহু
গেলেকী, শিৱসাগৰ
শিল হ’ব নোৱাৰা মানুহবোৰ হেনো
পিৰালিতে মুখ থেকেচা খাই পৰি থাকে।
বেলিমুখীয়া কথা, আঠুমুৰীয়া চোলা
সমুখত আধুনিক বুদ্ধ হোৱাৰ ছায়াপথ,
মেঘৰ ব্যস্ততাত বাট হেৰুওৱা শাওণৰ বেলি হৈ
ঘুৰ্মুটিয়াই ফুৰে নিজৰে চুবুৰীত।
শিল হ’ব নোৱাৰা মানুহবোৰৰ ল’ৰালি
বকুল বকুল গোন্ধোৱা পদূলি।
যৌৱনত ছন্দহীন কবিতাৰ কোৰ্হাল
স্মৃতিৰ খোৰোঙত জঞ্জাল
ছাইৰঙী গধূলিৰ নিভাঁজ আন্ধাৰ নিমাত
জীৱনবোৰ পৰুৱাই পোৱা বাট।
শিল হ’ব নোৱাৰা মানুহবোৰ
অনাখৰী ৰাজ্যৰ শিক্ষিত প্ৰজা
অথচ এলান্ধুকলীয়া, একাষৰীয়া।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment