ভোকাতুৰ
ৰত্না মৰাণ
বৰগুৰি, তিনিচুকীয়া
এজাক মহ
বিশুদ্ধ বতাহ জাকত
উৰিছে জাক পাতি
চাই আছো আলেখ লেখ
দুৰদৃষ্টিত
পেন পেন শব্দত
অভিনয় কৰি
নিচুকনি গীত জুৰি
মানুহৰ তেজ শুহি ফুৰে
দিন-ৰাতি ।।
কি পায় সিহঁত
মানুহৰ দেহত
আছেই বা কি
সচাক মিছা কৰি
বিষক পাণ কৰি
কথমপি জীয়াই আছোঁ
দীনহীন জনতা আমি।।
বস্ত্ৰহীন শৰীৰ
জাৰত উঠে কঁপনি
ক্ষুধাৰ তাড়নাত বাগৰে
কৃত্ৰিম হাহিঁ
স্বাভিমান থকা
অভিমান বোৰে মোক
উজাগৰে ৰাখে
হাড়ে ছালে লাগো
ভোকাতুৰ দেহত
পাবি নো কি !!
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment