নিঃশব্দ নায়ক
মৃদুল বৰুৱা
লখিমপুৰ
ৰাতিৰ নিঃশব্দ নায়ক তেওঁ
জোনালী চন্দ্ৰতাপৰ তলত,
য’ত ছাঁবোৰ দীঘলকৈ বাঢ়ে,
চকুত বাজপক্ষীৰ উৰণৰ দৰে সজাগ।
সপোনত বিভোৰ মুছাফিৰ,
কোমল শ্বাসেৰে গীত গায়,
ক’লা ৰাতিত তেওঁৰ হাতত পৰাণ সঁপি।
ইঞ্জিনৰ গুঞ্জনীয়া সুৰত
তেওঁ সোনোৱালী গীত জুৰে ।
কোলাহল কেৱল আন্ধাৰৰ
বাঙ্ময় কৰি তোলে গভীৰ নিস্তব্ধতা।
নিদ্ৰাৰে যুঁজত জয়ী হৈ,
শয্যা এতিয়া শত্ৰু,
কৰ্তব্যৰ তাগিদাত।
এই অন্তহীন পথৰ একাকী প্ৰহৰী
এন্ধাৰ নেওচা পোহৰৰ চালক।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment