এনিমেছন
প্ৰসন্ধিয়া বাৰৰী
গুৱাহাটী
“আজিকালিৰ ল’ৰা-ছোৱালীবোৰে যে কাৰো কথাই নুশুনে। ওফ্! কি যে কৰোঁ ভাবিয়েই নাপাওঁ। ঐ! তই উলাবিনে ৰুমৰ পৰা? ন'হলে চাবি ‘কাৰ্টুন’ বনোৱা কাৰণে ডাঙৰ মোবাইল ফোনটো কিনি দিয়াৰ বাবে দেউতাক মান্তি কৰাবলৈ যে মোক খাটনি ধৰিছ, মুঠেও নকৰো যা।”
মায়ে মোক ডাঙৰকৈ চিঞঁৰি কথাষাৰ ক'লে। "মা! সেইটোক ‘ট্যাবলেট’ বুলি কয়।নামটোতো ভালকে কবলৈ শিকা। আৰু ইমানকৈ চিঞঁৰিছা কিয়? মই কিবা এটা বিশেষ কামত ব্যস্ত হৈ আছিলোঁ বুজিছা।"
ৰুমৰ ভিতৰৰ পৰা ওলাই আহি মই বিৰক্তিৰে কথাষাৰ কৈ কৈ সোফাখনত বহি পৰিলো।
মই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফাইনাল দিছো। পৰীক্ষাৰ ৰিজাল্ট বেছি ভাল নোহোৱা বাবে অনেক গালি-শপনি শুনিছো। আচলতে মোৰ কোনো দোষ নাছিল, মই আগতেই জনাইছিলো মা দেউতাক যে মোৰ পঢ়াশুনাত একদম মন নবহে। কিন্তু তথাপিও মা দেউতাৰ জোৰ জবৰদস্তিৰ কবলত পৰি মই বাধ্য হৈছো এই পৰীক্ষা দিবলৈ। দেউতাই কয় যে "পঢ়াশুনা নকৰিবি তে কি কৰিবি?ভবিষ্যতে কি কৰি খাবি কচোন?"
তাৰ প্ৰত্যুত্তৰত মই কওঁ যে "মই এনিমেছন কৰিব বিচাৰোঁ। ভবিষ্যতে এগৰাকী এনিমেটৰ হ'ব বিচাৰোঁ মই। পঢ়াশুনা কৰি মই একো কৰিব নোৱাৰিম, মই জানোঁ। মই যদি এগৰাকী ডাঙৰ ‘এনিমেটৰ’ হ’ব পাৰোঁ তেনেহলে চাবা ভবিষ্যতে মোৰ কাৰণে তোমালোকে আৰু কোনো চিন্তা কৰিব নালাগে।"
“এই এনিমেছনটো আৰু কি বস্তু?”
কৌতুহলেৰে দেউতাই সোধে। টিভিত যে আমি কাৰ্টুনবোৰ চাই থাকো সেইবোৰ বনাবলৈ যি পদ্ধতিৰ প্রয়োগ কৰা হয় তাকেই এনিমেছন বুলি কোৱা হয়। আচলতে ইয়াৰ সৃষ্টি জাপানত হৈছিল। তাতে এই কাৰ্টুনবোৰক ‘এনিমে’ বুলি কোৱা হয়। মই সকলোবোৰৰ এক বিষদ বিৱৰণ দিলোঁ দেউতাক। গতিকে যিহেতু মই এনিমেছন শিকিব বিচাৰো সেইবাবে মই পঢ়াশুনাত কোনোপধ্যেই মন দিব নোৱাৰিম বুলি মা-দেউতাক আগতীয়াকৈ জনাই দিলো। মা-দেউতায়ো সেই মই যিয়ে কৰি নাথাকো কিয়, পঢ়াশুনাৰ প্ৰতি কোনো অৱহেলা তেওঁলোকে সহ্য নকৰে বুলি মোকো জনাই দিলে। সেইবোৰ লৈ সদায় ঘৰত কাজিয়া পেচাল চলিয়ে থাকে। অৱশেষত মাই এটা বুদ্ধি উলিয়ালে। তেওঁ ক’লে যে "তই যি কৰাৰ সেইটো কৰি থাক তাত আমাৰ কোনো আপত্তি নাই কিন্তু তই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটো দিবই লাগিব। তাৰ পাছত যি শিকিব বিচাৰা শিকি থাকিবি।"
আচলতে মাই মোৰ মনৰ কথাবোৰ বুজি পায়। মই সৰুৰে পৰা ছবি অঁকাত ভাল। সেই কথাটো বুজি উঠিছিলোঁ যেতিয়া মায়েই মোক ওচৰৰ আৰ্টৰ স্কুল এখনত সোমোৱাই দিছিল। আৰু মই অঁকা ছবিবোৰে যেতিয়া প্রশংসা লাভ কৰিছিল তেতিয়া পঢ়াশুনাৰ পাশে পাশে এই বিষয়টোতো গুৰুত্ব দিয়াত দেউতায়ো বাধা দিয়া নাছিল। বৰং তেওঁ কৈছিল পঢ়াশুনা ঠিকে ৰাখি যি ইচ্ছা কৰি থাক, তেনেহ’লে তাত মোৰ একোৱেই আপত্তি নাই। তাৰ পিছৰ পৰাই পঢ়াশুনাতকৈ ছবি আঁকিব দিলেহে মই আটাইতকৈ বেছি আনন্দিত হৈ পৰিছিলোঁ। স্কুলৰ প্ৰত্যেকটি বহীৰ শেষ পৃষ্ঠাবোৰত ছবি আঁকি আঁকি ভৰাই দিছিলোঁ। তাৰ বাবে যি পৰিমাণে গালি শপনি শুনিছিলোঁ ছাৰ বাইদেউ সকলৰ পৰা তাৰ হিচাপ নাই। লাহে লাহে মোৰ এই অভ্যাস মোৰ সপোনত পৰিণত হ'ল। ইন্টাৰনেটৰ পৰা ডিজিটাল আৰ্টসমূহো ক্ৰমান্বয়ে শিকিছোঁ। তাৰ পিছত একে একে কেৰেক্টাৰ ডিজাইন, ফ্রেম ক্ৰিয়েটিঙ, ভিডিও এডিটিং, ভইচ ৰেকৰ্ডিং আদি বস্তুবোৰৰ যিমানখিনি মোৰ সাধ্যত আছিল সেইবোৰো কিছু পৰিমাণে শিকি আহিছো। এইদৰে লাহে লাহে এনিমেছনৰ প্রতি মোৰ এটা বিশেষ ভালপোৱা জন্মে। মাই এই কথাবোৰ গম পায় আৰু তেওঁ এইটোও গম পায় যে ইয়াৰ বাবে কিমানখিনি সময় আৰু পৰিশ্ৰমৰ প্রয়োজন হয়। সেইবাবেই তেওঁ মোক সদায় সমর্থন কৰিব বিচাৰে কিন্তু দেউতাৰ আগত বস্তুবোৰ নেদেখুৱায়। কাৰণ মাই এইটোও বুজি পায় যে দেউতায়ো মোৰ হিতৰ উদ্দেশ্যেই কথাবোৰ কয়। সেইবাবেই মাই এনে এটা বুদ্ধি উলিয়ালে যাতে সাপোঁ মৰক আৰু লাঠিও নাভাঙক। তেওঁ ভাবিলে যে মই পৰীক্ষা দি থকাৰ সুযোগতে দেউতাক কিবা উপায়েৰে ৰাজি কৰাই মোক এনিমেছন শিকাৰ ব্যৱস্থা এটা কৰি দিব। প্রথমে অমত প্ৰকাশ কৰিছিলোঁ যদিও পাছলৈ ইচ্ছা নথকা সত্ত্বেও পৰীক্ষা দিবলৈ মান্তি হৈছিলোঁ। ভাৱিছিলো মাই যিহেতু কৈছে তেনেহ'লে ইয়াৰ অন্যথা নহয়। প্ৰথমে দেউতাইও মান্তি হৈছিল যদিওঁ মায়ে ভবা নাছিল যে পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱা বুলি শুনি দেউতাই মই বিচৰা ড্ৰয়িং ট্যাবলেট যিটো এনিমেছন কৰাৰ বাবে অত্যন্ত আৱশ্যকীয় আৰু পৰীক্ষা শেষ হোৱাৰ পিছত কিনি দিব বুলি প্ৰতিশ্ৰুতিও দিছিল, সেইটো এতিয়া কিনি নিদিয়ে বুলি জেদ ধৰিলে। আৰু এনিমেছনও শিকিব নিদিয়ে বুলি খাটাংকৈ কৈ দিলে। এতিয়া যি হাঁহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে, সেইটো লৈ মাই চিন্তাত পৰিছে। কাৰণ সিফালে দেউতাৰ জেদ আৰু ইফালে মোৰ নানান অভিযোগ। যাৰ ফলত মাই এতিয়া কোনো সঠিক উপায় উলিয়াব নোৱাৰি ধৰম সংকটত পৰি যোৱাৰ নিচিনা অৱস্থা হৈছে। এতিয়া মাক যেনে তেনে বুজাই পৰাই দেউতাক কৈ ড্ৰয়িং ট্যাবলেট এটা কিনি দিয়াৰ বাবে মই বৰকৈ জোৰ দিয়াৰ ফলত মাই বিৰক্তি অনুভৱ কৰিছে। সেইবাবেই মাই এতিয়া মোক ভীতিপ্ৰদৰ্শন কৰাৰ দৰে সদায় ইটো কৰ, সিটো কৰ ন'হলে দেউতাক নকওঁ বুলি মৃদু ধমকি দি থাকে। আৰু আজিও একেই ভাবুকিৰ জৰিয়তে তেওঁ মোক ৰুমৰ পৰা বাহিৰলৈকে উলিয়াই আনিহে এৰিলে। কাৰণ মাৰ সেই একেই ভাবুকিৰ ফলত তেওঁৰ ওচৰত মোক সদায় হাৰ মনিবই লাগে। সেইবুলি মাৰ ওপৰত অলপ খঙো উঠে কেতিয়াবা। কিন্তু কি কৰিম উপায় নাই। এতিয়া মায়ে মোৰ একমাত্র ভৰষাৰ থলি।
মাৰ ফালে বিৰক্তিৰে চাই “কিয় মাতিছিলা?”
বুলি সোধোতে মাই চকুৰে ইঙ্গিত দিয়াত মাৰ পৰা চকু ঘূৰাই আনফালে চাওঁতে দেখিলো সিফালৰ চোফাখনত কোনোবা এজন বহি আছে। কোন হয় এওঁ? বুলি মনত প্রশ্নৰ উদয় হ'ল। মায়ে মই তেওঁক চিনি নোপোৱা বুলি ধৰিব পাৰি ক'লে “ইয়াক চিনি পাইছনে? দাদা বুলি মাতিবি ইয়াক।”
মায়ে পৰিচয় কৰি দিয়াৰ ফলতহে গম পালোঁ যে তেওঁ মাৰ দূৰ সম্পৰ্কীয় এজন ভতিজা ল'ৰা 'গৌৰৱ কাকতী'। যিয়ে বিদেশৰ পৰা ‘ডক্তৰেট’ ডিগ্ৰী লাভ কৰিছে।
“ডাঙৰ হ’লা তুমি! কিমান সৰুতে লগ পাইছিলোঁ তোমাক। মোক নিশ্চয় তোমাৰ মনত নাথাকিব, তুমি বহুত সৰু আছিলা যেতিয়া মই ইয়ালৈ আহিছিলোঁ এবাৰ। সেইবাৰেই প্ৰথমবাৰ আছিল, তাৰ পিছত মই বিদেশলৈ গুচি গলোঁ আৰু অহাই নহ’ল এইফালে।” কথাষাৰ হাঁহি হাঁহি ক'লে তেওঁ। “নামটো কি আছিল তোমাৰ?”
“মেঘৰঞ্জনী হাজৰিকা।”
“এ বৰ ছুটি নাম চোন।” বুলি তেওঁ মোক উপলুঙা কৰিলে। “কি পঢ়ি আছা এতিয়া?”
এইবাৰ মায়ে উত্তৰ দিলে “এ নুসুধিবা আৰু, এইচ. এস. ফাইনাল দিছে এইবাৰ, ভাল হোৱা নাই ইমান এটা, পঢ়া শুনাত মন এ নাই তাইৰ, তাইৰ চখ হৈছে আকৌ কাৰ্টুন বনোৱাতহে। এতিয়া জেদ ধৰিছে সেইবোৰ শিকিব বুলি। কি বুলি কয় মাইনা সেইটোক?”
“সেইবোৰক এনিমেছন বুলি কয়।”
মই চকু দুটা লাহেকৈ পকাই কথাষাৰ কলোঁ। আচলতে কথাটো তেওঁলোকে ভালদৰে বুজি পাব যিয়ে এনিমে আৰু কাৰ্টুনৰ মাজৰ পাৰ্থক্যবোৰ ভালদৰেই বুজি পায় বা যিসকলে কাৰ্টুন বা এনিমে সমূহ বনোৱা শিকিছে। কিবা এটা খং উঠি আহে যেতিয়া কিছুমানে প্রখ্যাত এনিমে কেৰেক্টাৰ বোৰক কার্টুন বুলি ঠাট্টা কৰিব বিচাৰে। সেইবুলি এইটো নহয় যে কাৰ্টুনসমূহ বনোৱা বৰ সহজ বা তাৰ কোনো মূল্য নাই। কাৰণ আমিবোৰে এটা সময়ত সেই কাৰ্টুনবোৰ চায়েইতো আমাৰ গোটেই ল'ৰালি কাল পাৰ কৰিলোঁ। এতিয়া সেইবোৰক বেয়া বুলি কওঁ কেনেকৈ। কিন্তু জাপানীজ এনিমেৰ কথাই বেলেগ। এইটো মোৰ দৰে এনিমেছন কৰা সকলে বুজি পাব নিশ্চয়। এনে কথাসমূহ মোৰ আশে পাশে থকা মানুহখিনিক মই কেতিয়াওঁ বুজাব পৰাত সমৰ্থ হোৱা নাছিলোঁ। কাৰণ তেওঁলোকে 'পেছা' বুলি ক’লে কেৱল চিকিৎসক, অভিযন্তা বা আৰক্ষী বিষয়া আদিবোৰহে ধৰিব খোজে। তেওঁলোকৰ মতে এইবোৰৰ বাদে বাকি কোনো পেছা লোৱাসকলে জীৱনত কোনোদিনে সফল হ'ব নোৱাৰে। আজিও মই একপ্রকাৰ সাজুৱে হৈ আছিলোঁ এনে ধৰণৰ প্ৰতিক্ৰিয়াৰ বাবে। মাই কথাবোৰ দাদাজনৰ আগত উলিওৱা বাবে অলপ খঙো উঠিছিল মাৰ ওপৰত। কিন্তু কিবা আচহুৱা যেনহে লাগিল আজি দাদাজনৰ কথাবোৰ।
“এৰা! বৰ ভাল কথা চোন। এনিমেছন জানিবলৈ আগ্রহ থকাটো আজিকালি বহুত কমন কথা হয় নীলিমা পেহী। যদি অতি মনোযোগ দি বস্তুবোৰ শিকিব পাৰি, তেনেহ'লে বহুত পৰিসৰ আছে ইয়াত।”
তেওঁ খুব আত্মবিশ্বাসেৰে কথাবোৰ ক'লে। এই প্রথমবাৰ মাৰ সলনি কোনোবাই এই বিষয়ে মোক সমৰ্থন কৰা শুনিলোঁ। শুনি আচৰিত লাগিল কিন্তু আচৰিত হ'বলগীয়া কোনো কথা নাই। যিহেতু তেওঁ ইমান বছৰ বিদেশত থাকি আহিছে, এনেবোৰ কথা চাগে তেওঁৰ বাবে খুব কমন। গতিকে তেওঁ যদি অন্যথা ভাবিলেহেঁতেন তেনেহ'লে আচৰিত হ’বলগীয়া কথা হলহেঁতেন। অৱশ্যে তেওঁ কথাষাৰ মোক উদ্দেশ্যি নহয় বৰং সাধাৰণভাৱেই কৈছে। মানে নতুন প্ৰজন্মটোক বুজি পোৱাৰ চেষ্টা এটা কৰিছে তেওঁ। কিবা এটা ভাল লাগিল শুনি। মই জানোঁ মায়েও মনে মনে ভাল পাইছে কথাবোৰ শুনি। মাই ক’লে “কিন্তু তোমাৰ পেহাই আকৌ এইবোৰ নামানে চোন। তেৱেঁইতো জেদ ধৰি বহি আছে এনিমেছনটো শিকিব নিদিয়ে বুলি। ছোৱালীজনীক কৈ থৈছিল পৰীক্ষাটো শেষ হ’লে সেই ট্যাবলেট নে কি কিনি দিয়াৰ কথা সেইটোও বোলে কিনি নিদিয়ে এতিয়া। এ বৰ জ্বালা হৈছে দিয়া। এতিয়া তাইও অভিমান কৰি বহি আছে। মোৰহে মৰণদশা হৈছে এতিয়া।”
“আপুনি একদম চিন্তা নকৰিব পেহী, মই কিবা এটা কৰিম দিয়ক।”
বুলি মাৰ লগতে মোকো আশ্বাস দিবৰ চেষ্টা এটা কৰিলে তেওঁ। অলপ সময়ৰ কাৰণে মোৰ খৰাং হৈ থকা মনটোত বাৰিষাৰ বৰষুণ এটোপাল পৰা যেনহে লাগিল। যদিও মই জানোঁ তেওঁ কেৱল আমাৰ মন ৰখাৰ বাবেই তেনেকৈ কৈছে। সেইবাবেই মই এই বিষয়ে কাৰো ওপৰত ইমানকৈ নিৰ্ভৰ হব খুজা নাই। যিয়ে নহওঁক তেওঁ যে ইমানখিনি কৈছে সেইটোৱেই যথেষ্ট।
“অ’ পেহাৰ কথা কওঁতে মনত পৰিল, পেহা ক’ত গৈছে?”
“এ নকবা আৰু, ৰাতিপুৱাতে ওলাইছে, এতিয়াও সময় হোৱা নাই মানুহজনৰ ঘৰলৈ অহাৰ। কেতিয়াবাই ফোন কৰিছোঁ তুমি অহা বুলি জনাইছোঁও, তথাপি আহি পোৱা নাই মানুহজন। কি যে ক’ম।”
“হ’ব হ’ব ধীৰে সুস্থিৰে আহিব দিয়ক তেওঁক, কোনো খৰধৰ নাই নহয়।”
পিছে হয়! দেউতাক আজি চোন মই ৰাতিপুৱাৰ পৰাই দেখা নাই। অন্যদিনা আবেলি হ'ব নাপাওঁতেই ঘৰ আহি পায়। আজিনো কি হ'ল তেওঁৰ? বুলি মনত বিভিন্ন প্রশ্নই তোলপাৰ লগালে।
আচলতে মোৰ দেউতা এগৰাকী ‘শিক্ষক’। সুদূৰ এখন ব্যক্তিগত বিদ্যালয়ত চাকৰি কৰে তেওঁ। 'জগদীশ ছাৰ' বুলি তেওঁক ওচৰৰ পাজৰৰ সকলোৱে চিনি পায়। সেইবাবেই হয়তো মই পঢ়াশুনা কৰিব নিবিচৰা কথাটোত তেওঁৰ ইমানকৈ খং উঠে। শিক্ষকৰ ছোৱালীয়ে পঢ়াশুনা কৰিব নিবিচাৰে, কথাষাৰ শুনিলেই কেনেকুৱা এটা লাগে, হয়নে? মই বুজি পাওঁ কথাবোৰ। কিন্তু যুগ সলনি হৈ আছে। আজিকালি ৰজাৰ পুতেকে ৰজাই হ'ব লাগিব বুলি কোনো কথা নাই। গতিকে মই বিশ্বাস কৰোঁ যে নিজৰ ভাল নলগা কাম এটা কৰি সময় নষ্ট কৰাতকৈ নিজৰ পছন্দৰ কামটো কৰি আগবঢ়াটোয়ে উত্তম। ইমান সময়ৰ কথা - বতৰাৰ পৰা গম পালোঁ যে দেউতাই বোলে আজি বিদ্যালয়ৰ পৰা অৱকাশ লৈছে। দেউতাই আজিলৈ কেতিয়াও অৱকাশ লোৱা নাই তেন্তে আজি কিয় তেওঁৰ অৱকাশ ল'বলগীয়া হৈছে। ঘৰত আলহী আহিব বুলি নে কিবা বিশেষ কাম আছে তেওঁৰ। কথাবোৰ ভাৱি থাকোঁতেই দেউতা ইতিমধ্যে আহিয়ে পালে। আজি দেউতাক কিবা বেলেগ দেখাইছে। তেওঁৰ মুখত এটা মিচিকীয়া হাঁহি দেখা গৈছে, চাগে আলহীক দেখা পাই তেওঁৰ এনে ধৰণৰ প্ৰতিক্ৰিয়া। দেউতাই প্ৰথমতে মোৰ ফালে চাই টেবুলত কিবা - কিবিৰ টোপোলা কিছুমান ৰাখিলে তাৰ পিছত দাদাজনৰ ফালে চাই ক’লে “অ'! তুমি আহিছা। ইমান দিনৰ পাছত দেখা পালোঁ তোমাক। তুমি বিদেশলৈ যোৱা বুলি শুনিছিলোঁ, তাৰ পৰা ঘূৰি আহিলা নেকি?”
তেওঁ মূৰ জোকাৰি “অ’ পেহা!” বুলি ক’লে।
তাৰ পাছত দেউতাই দাদাজনৰ সৈতে কিছুসময় কথা-বতৰা পাতিলে। মোৰ কিন্তু দৃষ্টি আকৌ টেবুলত থোৱা টোপোলাবোৰৰ ওপৰতহে। এইবোৰ কি আনিছে দেউতাই? আলহীৰ বাবে অনা মিঠাই-চিঠাই যেন লাগিছে কিন্তু সোঁটো আকৌ কি? বাকচ জাতীয় কিবা যেন লাগিছে। কৌতুহলপূৰ্ণ দৃষ্টিৰে টোপোলাবোৰৰ ফালে চাই থকা অৱস্থাতে মাই মাত লগালে “ঐ! নামাত কিয়?”
অন্যমনস্ক হৈ থকাৰ বাবে মই তেওঁলোকৰ কথাত কাণ দিব নোৱাৰি সুধিলোঁ “কি কৈছা শুনা নাই মই আকৌ এবাৰ কোৱাচোন।”
দেউতাই মোৰ ‘ইউটিউব’ত চাবস্ক্ৰাইবাৰৰ সংখ্যা কিমান সুধিলে। আৰে! দেউতাই কেনেকৈ গম পায় এইবোৰ? আচৰিত হৈ নিজকে নিজে প্ৰশ্ন কৰিলোঁ। বৰ্তমান বিছ হাজাৰ বুলি উত্তৰ দিলোঁ। পাছলৈ দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব লাগিব বুলি মনে মনে ভাবিলোঁ।
“বাহ্! ভালে সংখ্যক চাবস্ক্ৰাইবাৰেই আছে চোন।”
মই কি কম বুজি নাপাই মিচিকীয়া হাঁহি এটাৰে লাহেকৈ মূৰ দোঁৱালো। “ইমান মানুহে চায় যেতিয়া ভালেখিনিয়ে শিকিছা যেন পাওঁ।”
“এ মোটামোটি আৰু। কিন্তু মই যে এখন ডাঙৰ কোম্পানি এটাততহে জইন কৰিব বিচাৰিছোঁ যাতে মোৰ কামবোৰ ৰাষ্ট্ৰীয়ৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আগবাঢ়ক। কিন্তু তাৰ বাবে মই উচ্চ পৰ্যায়ৰ এনিমেছন শিকিবই লাগিব। সেইবাবেইতো দেউতাক ট্যাবলেট এটা কিনি দিয়াৰ বাবে ইমানকৈ জোৰ দিছোঁ”। বুলি দাদাজনক খোলা খুলিকৈ কথাবোৰ কৈ পেলালোঁ। নাজানোঁ ইমানবোৰ কথা তেওঁক কিয় কৈ পেলালোঁ মই, চাগে ভাবিছোঁ তেওঁৰ জৰিয়তেই হয়তো আজি মই মোৰ সপোন পূৰোৱাৰ দিশলৈ এখোজ দিব পাৰিম বুলি মনত আশা এটা জাগি উঠিছে। কিয়নো আজিলৈ এই বিষয়ে মা দেউতাৰ বাদে কেৱল দেবপ্রিয়াইহে জানিছিল।
দেৱপ্রিয়া মোৰ একমাত্র শৈশৱৰ লগৰী। জীৱনৰ প্ৰত্যেকটা ভাল বেয়া ক্ষণত তাই মোৰ সংগী হৈ আহিছে। তাইৰ পৰা অন্ততঃ এই কথা লুকুৱাব পৰা নাই মই। কাৰণ তায়ে আছিল যিয়ে মোক লগৰ ল'ৰা এজনৰ পৰা ট্যাবলেট এটা যোগাৰ কৰি দিছিল। সেই ট্যাবলেট টোৱেই আছিল মোৰ একমাত্ৰ সম্বল, যাৰ দ্বাৰা মই ইমান দিনে কিবাকিবি কৈ শিকি অহা এনিমেছনসমূহ ব্যৱহাৰ কৰি আছিলোঁ। মানে সেই ট্যাবলেটটো আকৌ মই দিনটো লগত ৰাখিব পৰা নাছিলোঁ। যেতিয়া মই কলেজলৈ গৈছিলোঁ বা সন্ধিয়া দেৱপ্রিয়াহঁতৰ ঘৰত একেলগে পঢ়িম বুলি অচিলা এটা মাৰি দেউতাই নজনাকৈ দেৱপ্রিয়াই যোগাৰ কৰি দিয়া ট্যাবলেটটোত এনিমেছনবোৰ বনাইছিলো আৰু সেইবোৰ ভিডিওৰুপে বনাই ইউটিউব চেনেলটোত আপলোড দি আছিলোঁ। এ বৰ জট লগা আছিল সেইবোৰ। সেইবাবেই চাগে নিজৰ ট্যাবলেট এটা আনি দিয়াৰ বাবে দেউতাক ইমানকৈ কামোৰ দি আছোঁ। গতিকে দেৱপ্রিয়াই মোৰ মনৰ ইচ্ছা আশংকাবোৰৰ কথা সকলো খিনিয়ে গম পায়। মোৰ চেনেলটোৰ কথা আনকি মায়েও গম পায় কিন্তু দেউতাক ক'বলৈ আজিলৈকে সাহস কৰা নাছিলো। কাৰণ এটাই, দেউতাই পঢ়া শুনাৰ বাহিৰে কোনো আন বিষয়ে গুৰুত্ব সহকাৰে ভাবিয়েই নাচায় কেতিয়াওঁ। কিয়নো তেওঁৰ মতে ছচিয়েল মিডিয়াত ভিডিও বনাই থকা মানুহবোৰ হেনো অকামিলা আৰু নিবনুৱা প্ৰজাতিৰ মানুহ। সেই এতিয়া তেওঁ যদি মই মনে মনে চলাই থকা চেনেলটোৰ কথা গম পালেহেঁতেন, তেওঁৰ আৰু বেছিহে খং উঠিলহেঁতেন। এই চেনেলটোৰ মাধ্যমেৰেই হয়তো মই মোৰ কামবোৰ কিছু পৰিমাণে হলেওঁ মানুহৰ আগত উপস্থাপন কৰিব পাৰিছোঁ। সেইটোৰো যদি সমাপ্তি ঘটিলহেঁতেন তেন্তে মই মোৰ সপোনবোৰ কেতিয়াওঁ পূৰণ কৰিব নোৱাৰিলোঁহেঁতেন।
গতিকে আজি দেউতাই মোৰ চেনেলটোৰ কথা উল্লেখ কৰাত মই কিছু পৰিমাণে হলেওঁ আচৰিত হ'লো। ভয় খালোঁ এতিয়া যদি দেউতাই আৰু ভিডিও চিডিওবোৰ বনাব নিদিয়ে। আৰু আজিজে মই ইমান খোলাকৈ সকলোকে কথাবোৰ কৈ পেলালোঁ ভবাই নাছিলোঁ যে ইয়াৰ পৰিণাম কি হ'ব পাৰে বুলি। মোৰ কোম্পানিত সোমোৱাৰ কথাটো শুনি দেউতাই মোৰ ফালে কিছুসময় চাই থাকি মিচিকীয়া হাঁহি এটা মাৰিলে। দেউতাৰ এনে আচৰণ দেখি মোৰ কৌতুহল উপজিল। তেওঁৰ এনে আচৰণ দাদাজন অহা বাবে নে কিবা হৈছে আজি তেওঁৰ, ধৰিব নোৱাৰিলোঁ।
“শুনক পেহা, আজি কালি পঢ়াশুনাৰ লগতে কিবা এটা দক্ষতা থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া যদি তাই পঢ়িব বিচৰা নাই তেনেহ'লে তাই যি কৰিব বিচাৰিছে সেইটোৱেই কৰিব দিয়া উচিত, নহয় জানো? আৰু মইতো বিদেশত থাকি আহিছোঁ ইমান দিনে, তাত এইবোৰ বস্তুৰ বহুত মূল্য, জানেনে পেহা? আমাৰ ভাৰতত এতিয়াহে লাহে লাহে বস্তুবোৰৰ বিষয়ে মানুহে জানিব ধৰিছে। তাইৰ দৰে আজি কালিৰ প্ৰজন্মইতো এইবোৰ বস্তুক আগুৱাই লৈ যাব পাৰিব, নহয় জানোঁ?”
দাদাজনে সঁচাকৈয়ে আগতে কোৱা মতে যথেষ্ট চেষ্টা কৰিছে দেউতাক বুজোৱাৰ। ভবা নাছিলোঁ, কিন্তু কৰিছে, যাৰ বাবে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। সেই যিয়ে নহওঁক দেউতাই যে কোনো পধ্যেই নামানে সেইটো মই জানোঁ, কাৰণ ময়ো বহুত কাকুতি মিনতি কৰিও তেওঁক আজিলৈকে ৰাজি কৰাব পৰা নাই।
কথা বতৰাবোৰ চলিয়ে আছিল। মাই ইতিমধ্যে পাকঘৰলৈ গৈ গেছত চাহ বহালেইগৈ। সেই সময়তেই দেবপ্রিয়াই আহি উপস্থিত হৈছে।
“ঐ মেঘা, তোৰ ড্ৰিম ইন্সটিটিউটৰ পৰা তোলৈ অফাৰ আহি......”
বুলি দৌৰি আহি অজানিতে ডাঙৰকৈ চিঞঁৰি কথাষাৰ ক'বলৈ গৈ মাজতে সকলোকে দেখি থমকি গ'ল তাই। উপস্থিত থকা সকলোৱে তাইক ৰ লাগি চাই ৰ'ল। ময়ো আচলতে দেবপ্রিয়াই কি ক'বলৈ বিচাৰিছে ধৰিব পাৰি আনন্দতে জঁপিয়াই উঠি তাইক সাৱটি ধৰিলোঁ। কিছুসময়ৰ বাবে চাৰিওফালে কি হৈ আছে তাৰ কোনো সম্ভেদকে নাপালোঁ আমি। আনন্দত আত্মহাৰা হৈ কথা বতৰাত মগ্ন হৈ পৰিলোঁ আমি দুটা। সিফালে দাদাজনে আৰু দেউতাই ইজনে সিজনৰ ফালে অজ্ঞাত দৃষ্টিৰে চাই ৰ'ল। একোৱেই বুজি নাপাই দেউতাই সুধিয়ে পেলালে।
“ঐ! কি হ'ল তহঁত দুটাৰ? কিনো ইমান হৈছে? আমাকো ক অলপ।”
দেউতাই জমনি কৰি ক’লে। আগতেও ঘৰত আলহী আহিছে, দেউতাই চোন ইমান হাঁহি ঠাট্টা কেতিয়াওঁ কৰা নাছিল। আজিনো কি হ’ল তেওঁৰ? ভাবি থাকোঁতেই দেৱপ্রিয়াই মোক হাতখনত হেঁচা এটা মাৰি লাহেকৈ ক’লে “এতিয়া কি কবি?”
মই একো উত্তৰ দিব নোৱাৰাত দেৱপ্রিয়াই নিজেই ক'ব ধৰিলে “খুড়া... মানে... তাই... মানে…”
“কি কৈছ ভালকে কচোন।” দেউতাই বিৰক্তিৰে ক’লে।
“আচলতে তাই ইমানদিনে ইউটিউবত দি থকা ভিডিওবোৰ মোৰ এজন চিনাকী দাদাই মই বৰকৈ জোৰ কৰা বাবে এখন প্রতিষ্ঠানত দাখিল কৰিছিল। তাৰ পৰাই খবৰ আহিছে যে তেওঁলোকৰ বোলে মেঘাৰ এনিমেছনবোৰ পছন্দ হৈছে। এতিয়া তাইক তালৈ মাতিছে আৰু কৈছে তেওঁলোকে তাইক আৰু ভালদৰে বস্তুবোৰ শিকাব আৰু শিকাৰ অন্তত এটা চাকৰিৰো ব্যৱস্থা কৰি দিব।”
দেৱপ্রিয়াই এটা এটাকৈ সকলোখিনিয়ে কৈ পেলালে। এইবাৰ দাদাজনে মাত
“সেইবোৰটো ঠিকেই আছে বাৰু। কিন্তু... তুমি নিশ্চয় মেঘৰঞ্জনীৰ বান্ধৱী হয়? পিছে ভালদৰে অনুসন্ধান কৰি চাইছা নে কোনো কেলেংকাৰী নহয়তো এইবোৰ আকৌ। এনেধৰণৰ প্রলোভন দেখুৱাই বহুত মানুহক ঠগে আজি কালি কিছুমানে।”
“নাই নাই দাদা আপুনি চাব পাৰে নেটত, সেই প্রতিষ্ঠানতৰ বিষয়ে সকলো তথ্য পাই যাব। অনেক প্ৰখ্যাত হয় আৰু তেওঁলোকে নতুন প্ৰজন্মৰ শিকাৰুসকলক সুযোগ কৰি দিছে যাতে এনিমেছন বোলা বিষয়টো ভাৰতত সকলোৰে মাজত বিয়পি পৰিব পাৰে।”
“হ্ম্ম আই চি।”
বুলি দাদাজনে নিজৰ মোবাইলটোত খুঁচৰি বস্তুবোৰ নিজাববীয়াকৈ এবাৰ চালে। ইমান সময় তেওঁলোকৰ কথা বতৰাবোৰ শুনি আছিলো।এইবাৰ মই এবাৰ দেউতাৰ মুখলৈ চালোঁ। ভাবিলোঁ এইবোৰ শুনিও দেউতাই একো কোৱা নাই দেখোন, এতিয়া দেউতাই মোক তালৈ যাবলৈ অনুমতি দিব জানো? দিব যেনতো লগা নাই। এতিয়া যদি অনুমতি নিদিয়ে তেন্তে মোৰ সপোন সপোন হৈয়ে ৰৈ যাব। এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি থাকোতেই মাই ইতিমধ্যে চাহৰ কাপবোৰ লৈ পাকঘৰৰ পৰা ওলাই আহি মিঠাইৰ টোপোলাবোৰৰ পৰা মিঠাই উলিয়াব যাওঁতেই “এইটো আৰু কি হয়।” বুলি চিঞঁৰি উঠিল।
মাৰ চিঞঁৰত সকলোৱে মাৰ ফালে চাওঁতে দেউতাই তৎক্ষণাৎ উঠি গৈ বস্তুটো লৈ আহিল। অ’ এইটোচোন সেই বস্তুতোৱেই হয় যিটো মই ইমান সময় ধৰি চাব বিচাৰি আছিলো। “কি হয় এইটো?” দেউতাই টোপোলা এটাৰ পৰা বাকচ এখন উলিয়ালে। বাকচখন দেখিয়েই বুজি পালোঁ ইয়াত এটা ট্যাবলেট আছে বুলি। মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ আৰু ভাবিলোঁ “দেউতাই এতিয়া এইটো কিয় আনিছে? তেওঁ চোন মোক কিনি নিদিওঁ বুলি কৈছিল, তেনেহ’লে?” আচৰিত হৈ দেউতাৰ ফালে চাই আছিলোঁ।
“তই কি ভাবিছ মোক? মই কি তোক বুজি নাপাওঁ? মই কেৱল বিচাৰিছিলো তোৰ যাতে ভৱিষ্যতটো বেয়া হৈ নাযাওঁক। সেইটো ভবা কি ভুল নেকি? ক’চোন।”
বুলি দেউতাই ট্যাবলেটটো মোৰ ফালে আগুৱাই দি “এতিয়া তই যি কৰ কৰি থাক। মোৰ কোনো আপত্তি নাই ইয়াত । কিন্তু যি কৰিব বিচাৰিছ মন প্ৰাণ দি কৰিবৰ চেষ্টা কৰিবি, বুজিছনে?”
বুলি কৈ মাৰ ফালে চাই আচল ঘটনাটো ক’লে। তাৰমানে সৌ সিদিনা দেউতাই কাম কৰা স্কুলত এদিন লগৰ এজন শিক্ষকে দেউতাক মোৰ ভিডিওসমূহ দেখুৱাই সুধিছিল “এইজনী আপোনাৰ ছোৱালীৰে চেনেল নে? বৰ ভাল ভিডিও বনায় চোন, বৰ টান হয় জানেনে এইবোৰ বনোৱা, মোক মোৰ ল'ৰাই কৈছে। সিওঁ এইবোৰ চেষ্ঠা কৰি থাকে। ড্ৰয়িং ট্যাবলেট এটাও কিনি দিছোঁ মই তাক। পঢ়াশুনাৰ লগতে ল’ৰা ছোৱালীৰ ভাল লগা কামবোৰো কৰিব দিব লাগে যাতে তেওঁলোকে মা দেউতাৰ প্ৰতি বিদ্ৰোহী ভাব নাৰাখি বস্তুবোৰ এবাৰ হলেওঁ বুজাৰ চেষ্টা এটা কৰে। তেতিয়া দুয়ো ফালৰ পৰাই বুজা পৰাৰ পৰিৱেশ এটাৰ সৃষ্টি হয় আৰু ঘৰৰ কাজিয়া পেছালবোৰৰ পৰাও হাত সাৰি থাকিব পৰা যায়। আপুনি খুব ভাল কাম এটা কৰিছে। আপোনাৰ পৰা অন্যান্য পিতৃ - মাতৃসকলে শিকা উচিত।”
তেওঁৰ কথাবোৰ শুনি দেউতাৰ কিবা এটা ভাল লাগিছিল যদিও মনে মনে অলপ লাজো লাগিছিল। সিদিনা দেউতাই নিজৰ ভুল বুজিব পাৰি সিন্ধান্ত লৈছিল যে প্ৰথমতঃ মোক ট্যাবলেট এটা কিনি দিব আৰু দ্বিতীয়তঃ আজিৰ পৰা এনিমেছন শিকাৰ প্ৰতি মোক উৎসাহ দিব। সেই ট্যাবলেট কিনাৰ বাবেই দেউতাই ইমান দিনে অর্থ যুগুত কৰি আছিল আৰু আজি ৰাতিপুৱাই ৰাতিপুৱাই ওলাই গৈছিল সেইটোৱেই কিনাৰ অৰ্থে। দেউতাই কথাবোৰ সৰাসৰিকৈতো নক’লে, কিন্তু আচল কথা এয়াই আছিল বুলিয়েই ক’ব পাৰি। দেউতাৰ কথাবোৰ শুনি মাৰ চকুলো বৈ আহিল। দেৱপ্রিয়াই ইয়েচ্ বুলি চিঞঁৰি উঠিল। দাদাজনেও সঁহাৰি জনালে। মোৰো আকৌ সকলোবোৰ সপোন যেনহে লাগিল। সকলোৱে মোৰ বাবে আনন্দিত হ’ল। তাৰ পিছত দেউতাই অনা মিঠাইৰ সৈতে সকলোৱে মোৰ এই আনন্দ ভাগ কৰি ল’লে। চাহ মিঠাই খাই উঠি দেউতাই আকৌ মোক ক'লে “কিন্তু মোৰ এটা চৰ্ত আছে। ময়েই কিন্তু তোক সদায় তালৈ থ’ব আৰু ল'ব যাম বুজিছ।”
দেৱপ্রিয়াই কৈ উঠিল “কিন্তু খুড়া প্ৰতিষ্ঠানখন মুম্বাইতহে।”
সকলোৱে ইজনে সিজনক অৱলোকন কৰিব ধৰিলে….

No comments:
Post a Comment