সমস্যাৰ সমাধান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সমস্যাৰ সমাধান

 

সমস্যাৰ সমাধান


সুনিকা কটকী

নাজিৰা,শিৱসাগৰ


  লফুলীয়া মৌমনজনী, সকলোৰেই যেন চকুৰ মণি। ৰাতিপুৱাৰ পৰা গধূিললৈকে সকলোৰে মুখত কেৱল মৌ, মৌ, মৌ। উমলি জামলি ধূলিয়ৰী বালিৰ লগ এৰি, নাৰিকলৰ কুটুৰাত ভাত বনাবলৈ এৰি কেতিয়াযে বাস্তৱৰ বুকুচাত পাকৈত ৰান্ধনি জনী হৈ পৰিল কোনেও অনুভৱেই কৰিব নোৱাৰিলে। একলা দুকলাকৈ বাঢ়ি অহা মৌমনজনীক হঠাতেই এদিন দেউতাকে লগ এৰি চিৰদিনৰ বাবেই  আতৰি গ'ল। কিন্তু পৰিয়ালটোৰ একমাত্ৰ আলাসৰ লাড়ু, দেউতাকৰ নয়নৰ মণি মৌ যে ঘৰতেই এদিন কাৰোবাৰ শোষণৰ বলি হ’ব সেই কথা সকলোৰে সপোনৰো অগোচৰ আছিল। মৌমনে ক্ৰমান্বয়ে নিৰৱতাক সংগী কৰি লৈছিল। জীৱনৰ জটিলতাত তাই মুক হৈ পৰিছিল। 

    জীৱনত অহা ধুমুহা জাকে বিধস্ত কৰাৰ পাছতেই আপোন মানুহ বোৰৰ ব্যৱহাৰে তাইৰ ভাষা হেৰুৱাই পেলাইছিল। দেউতাক ঢুকোৱাৰ পাছত মাকক তাইৱেই সান্তনা দিছিল। 

    আজি কিন্তু তাই অকলেই নিজৰ দুখবোৰৰ মাজত আৱদ্ধ হৈ আছে। হাজাৰ চেষ্টা কৰিও মাকে একো উলিয়াব পৰা নাই। তাই জানে মাকে জানিলেও একো কৰিব নোৱাৰিব। বৰঞ্চ দুখত ৰাতি ৰাতি টোপনি ক্ষতি কৰি বেমাৰত পৰিব। দেউতাকে আগতে সদায়েই কয় “মানুহৰ জীৱনত সমস্যা আহিব লাগিব, তেতিয়াহে সমাধান ওলাব। সমস্যাবিহীন জীৱন নিমখহীন তৰকাৰীৰ দৰে। কোনো সমস্যাত কেতিয়াও ভাগি পৰিব নালাগে। মাত্ৰ সমস্যাটো উদ্ভৱৰ কাৰণ আৰু ধৈৰ্য সহকাৰে সমাধানৰ সঠিক উপায় উলিয়াব জানিব লাগে।” সমস্যাৰ কাৰণ মৌমনে বুজিব পাৰিছে। তাইৰ শৰীৰত থকা সহজেই পুৰুষ আকৃষ্ট হ’ব পৰা উঠন গাভৰুৰ পৰিচয় আৰু দেউতাক বিহীন বা অভিভাৱক হীন এটা উকা  পৰিয়াল। আইতাক আছে, খুড়াক আছে। ওচৰতে বৰমাক বৰদেউতাৰ পৰিয়ালো আছে। কিন্তু তাই  যেন অসহায় এজনী মাতৃৰ অসহায় জী। দেউতাকৰ পেঞ্চন পাই যদিও মৌমনৰ আইতাকেই ঘৰৰ দায়িত্ব লয়।মাকৰ আজিকালি বহুত কথাই মনত নাথাকে। দেউতাক নথকাতো মাকে সহজভাৱে ল’বই পৰা নাই। মৌমনে ভাবি নাপাই কাৰোবাৰ অবৰ্তমানত কাৰোবাৰ জীৱন কেনেদৰে স্তব্ধ হৈ যাব পাৰে। দেউতাক ঢুকুৱাৰ পাছত যেন সিহঁত দুজনী বৰ অকলশৰীয়া হৈ পৰিল এনে লাগে তাইৰ। সিহঁতৰ জীৱনলৈ সমস্যাবোৰ বেছিকৈ আহিছে যেনো লগা হৈছে মৌমনৰ।

   দেউতাক ঢুকোৱাৰ অলপ দিনৰ পাছতে পেহীয়েক ঘৰত থকাকৈ আহিছিল। পেহীয়েকক নিবলৈ আহি পেহাক দুদিন আছিল। হঠাতেই এদিন কোনো কোঠাত নথকা সুবিধা লৈ পেহাক সোমাই আহি মৌমনক সাবতি ধৰিল। তাই কিবা কোৱাৰ আগতেই টপাটপ গালে মুখে চুমা খাবলৈ ধৰিল। সেই মূৰ্হুত্বতে বাহিৰত মাকৰ মাত শুনি মৌমনক এৰি দি কলে যে মূৰত ঘহাঁ তেল অলপ বিচাৰি আহিছিল।ইয়াৰ পিছত দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধৰ সময়ত আকৌ এবাৰ আহিছিল। পেহীয়েক সেইবাৰ মাহেকীয়া হোৱাৰ বাবে আইতাকৰ লগত শুইছিল। ৰাতি সকলোবোৰ নিজৰ নিজৰ কোঠাত সোমাই শুবলৈ লোৱাৰ সময়তেই পেহাকে মৌমনক চিঞৰি মাতিছিল। 

    মৌ, এইফালে আহাঁচোন,মোলৈ পানী এগিলাচ লৈ আনাচোন, ৰাতি লাগিব মোক। তাইৰ যাবলৈ মন নাছিল যদিও মাকে কোৱাত উপাই নাপাই পানীগিলাচ লৈ পেহাকক দিবলৈ সোমাই গ’ল। মৌমনে পানী দিবলৈ যাওঁতেই পেহাকে তাইক বিচনাখনত পেলাই বুকুয়ে পিঠিয়ে মোহাৰিবলৈ ধৰিলে।মৌমনৰ চকুৰ পৰা লোতক বৈ আহিল। তাই আইতাক চিঞৰি দিম বুলি দৌৰি ওলাই আহিল। তাই জানিছিল কোনেও যে তাইৰ কথা বিশ্বাস নকৰিব। সেয়ে বহুদিনৰ পৰা ভাৱি ভাৱি তাই এটা সিদ্ধান্তত উপনীত হল।

– পেহী অ’ পেহী

আজি গধূিল মই পঢ়ি থাকোতে তুমিও বিচনাত শুই থাকিবানে  ?

কিয় ? তোৰ ভয় লাগে নি?

নহয় পেহী  কালি মোৰ ওচৰত যেন কোনোবা ৰৈ আছিল এনে লাগিছিল। আজি তুমি মনে মনে শুই চাই  থাকিবাচোন। আইতাৰ লগতনো শুই কি পাবা? আমি কথাও পাতিব পাৰিম মাজে মাজে। 

হ’ব দে মই বাৰু আজি তোক ৰখিম। কোন আহে চাম বাৰু।

   সিহঁতি কথা পাতি থকাৰ সময়ত পেহাক বজাৰলৈ বুলি ওলাই গৈছিল। 

সন্ধ্যা সময়ত মাকে দিয়া চাহকন খাই মৌমন পঢ়িব লৈ বুলি কোঠাত সোমাল। তাই পেহাকে শুনাকৈ চিঞৰি মাকক কৈ থৈ গল।

 – মা মোক আজি মাতি নাথাকিবা দেই। মই পঢ়ি হ'লে নিজেই আহিম।মোৰ আজি হ'ম ৱৰ্ক কৰিবলৈ আছে। মৌমন পঢ়া টেবুলত বহাৰ অলপ পাছতেই পেহীয়েকো আহিল। 

 – পেহী তুমি অলপ দেৰি ৰেষ্ট লৈ লোৱা, মই হ’ম ৱৰ্ক কেইটা কৰি লওঁ।

পঢ়া টেবুলখন এটা চুকত আছিল। বিচনাখনৰ পৰা টেবুলখন ভালদৰেই চকুত পৰে যদিও টেবুলখনৰ পৰা বিচনাখনলৈ পটককৈ চকুত নপৰে। তাতে বিচনাখনৰ ওচৰত লাইট ও নাই। 

  – আধাঘণ্টামান যোৱাৰ পাছত পেহাক মনে মনে কোঠালৈ সোমাই আহিল। মৌমনে দোৱাৰৰ ফালে পিঠি দি বহি আছিল কাৰণে দেখা নাছিল যদিও পেহীয়েকে দেখিছিল পেহাক সোমাই অহা। কিবা কোৱাৰ আগতেই পেহীয়েকে দেখিলে যে পেহাকে মৌমনক জোৰ কৰি সাবতি ধৰি গালে মুখে চুম্বন কৰিবলৈ ধৰিছে।পেহীয়েকৰ আৰু সহ্য নহ’ল। বিচনাৰ পৰা নামি আহি গিৰিয়েকক দুই চৰ লগাই দিলেহি।

ইমান নীচ আপুনি ? এই সৰু ছোৱালীজনীৰ লগত এইবোৰ কৰিবলৈ আপোনাৰ অলপো বেয়া নালাগিল নে? আপুনি–। পেহীয়েকে আৰু একো ক’ব নোৱাৰিলে। চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।

 — পেহী, মোক ক্ষমা কৰা। পেহাই বহুদিনৰ পৰাই মোক আমনি কৰি আছিল। মই হাতে লোতে ধৰা পেলাবৰ বাবেই তোমাক আজি মাতি আনিছিলো। সিহঁতৰ কোঠাত হুলস্থুল শুনি ঘৰৰ সকলোবোৰ আহি কোঠা পালেহি। ঘটনাৰ সৱিশেষ জানিব পাৰি সকলোবোৰ নিশ্চুপ হৈ ৰ’ল। কোনে কাক সান্তনা দিব, কোনে কাক দুষ দিব একো ভাবি পোৱা নাই। কপি কপি থিয় হৈ থকা মৌমনক মাত্ৰ মাকে সাবতি ধৰিলে। বিচনাখনত বহি উচুপি উচুপি কন্দা পেহীয়েকক কোনে কি সান্তনা দিব ভাবিব নোৱাৰিলে । মৌমনে ভাবিলে দেউতাকে কোৱাৰ দৰে তাই যেন সমস্যা সমাধানৰ সঠিক উৎস বিচাৰিব জানিলে। তাই বুজি পালে জটিলতাৰ মাজেৰেই সুন্দৰতাক উপলব্ধি কৰিব পাৰি।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages