নখচুকীয়াই খোৱা গুৱাহাটীৰ ঘা
ড° বিজয়কৃষ্ণ দলে
নখচুকীয়াই খোৱা গুৱাহাটীৰ ঘা
কেচেমা-কেচেম গোন্ধ।
এজাক বৰষুণত উটি যায়
মহানগৰীয়া আভিজাত্য
কৃত্রিম বানপানীত উপঙে উন্নয়ন
উপঙে মানুহৰ কৃত্ৰিম উশাহ
উপঙে ডাষ্টবিনত পেলাই দিয়া নিষিদ্ধ কথা।
সাতুৰিব নজনা মানুহৰ কথা বাদেই দিলো
সাতুৰিব জনা মানুহো এআঁঠু পানীত মৰে
সাতুৰিব জনা নজনা মানুহৰ সমষ্টি গুৱাহাটী।
আচলতে পানী কৃত্রিম
নে ওখ ওখ ঘৰত থকা মানুহৰ মনবোৰ কৃত্ৰিম?
এই কথা বুজাবলৈ নাৱত উঠি মেয়ৰ আহে
আহে মহানগৰ উন্নয়ন মন্ত্রী-আমোলা
দেখে একে ৰাতিতে পানী সিঁচি স্মার্ট চিটি বনোৱাৰ স্বপ্ন।
এই যে ঘৰৰ ওপৰত ঘৰ
মানুহৰ ওপৰত মানুহ
ফু-মাৰি ভাত খাব পৰা ৰাস্তা-পদূলি
উন্নয়নৰ নিচান উৰণীয়া সেতু
পিছে,
পানীৰহে নাই কোনো ঘৰ-বাৰী
নাই কোনো বাট-পথ
সেয়ে,
এজাক বৰষুণতে বাট বিচাৰি
পানীয়ে কৰে হাহাকাৰ গুৱাহাটী নিৰুপায় নির্বিকাৰ।
নখচুকীয়াই খোৱা গুৱাহাটীৰ ঘা
কোনোদিন নুশুকায়!
কোনোদিন নুশুকায়!!


No comments:
Post a Comment