মোৰ কাব্যময় প্ৰভাতৰ প্ৰিয় নাৰী তুমি
ৰুদ্ৰ সিংহ মটক
ত্ৰিবেণী পথ, গুৱাহাটীশোক অথবা মোৰ
আহত বুকুৰ থোকা-থুকি অস্ফুত শ্লোক
ছাঁ-পোহৰ সপোন-দিঠকৰ সাক্ষী তুমি,
সৌন্দৰ্য্যৰ
আলপনা
কুহকিনী কবিতাৰ আখৰে আখৰে খোদিত
তোমাৰ মুখৰ ফিৰিঙতি, সেই জোন-ৰহণীয়া
লৱণু-কোমল ছৱি
ধমনীত শুনো তোমাৰ শ্বাস আৰু প্ৰশ্বাসৰ
ধুক্-ধুক্ কোমল কঁপনি
হৃদয়ত প্ৰবাহিত প্ৰেম অমৃতৰ ফল্গু
স্ৰোতস্বিনী লুইত-গোদাবৰী, কলাৱতী
সৰস্বতী, কুলু-কুলু আকাশী গংগা
যুগে যুগে তুমি সৃষ্টিৰ অনাদি বাসনা,
তেজত ডুগ-ডুগ্ ডম্বৰু চিৰ আদিম মেঘ-ৰাগ
হাতৰ তলুৱাত তোমাৰ শান্তি-কল্যাণ ৰ’দৰ
কবিতা, উৰি ফুৰা দুখিলা কুঁহিপাত
মোৰ পৃথিৱীৰ ওঁঠত পদুমৰঙী
প্ৰভাতৰ প্ৰথম হাঁহি তুমি
মন্দিৰত দেৱ-দুন্দুভি মানৱতাৰ
কুশল প্ৰাৰ্থনা-গীতি
নাৰী তোমাৰ মন্দাক্ৰান্তা খোজৰ লয়ত
মোহিনী শিল্পৰ তেজৰ বিজুলী চমক
মৃত সাগৰতো নাচি উঠে গৰ্জনমুখৰ জোৱাৰৰ
ছন্দ
তোমাৰ নৃত্যৰতা উৰণীয়া চুলি, ক’লা মেঘৰ
চঞ্চল স্থাপত্য দেখি লিঅ’নাৰদো-ভেনগঘ-ৰেমব্ৰাঁ
আৰু এই কবি প্ৰজাপতি—সকলো অস্থিৰ
সকলো পাগল
তোমাৰ উশাহত শুভ্ৰ কুঁৱলিৰ দহি বটা
শুকুলা সাগৰ
দুচকুত স্বপ্নৰ আইকনিক কাজল ধবল বুকুৰ শৃঙ্গ
অভিমানী পৃথিৱীৰ তুমি অনাঘ্ৰাত বসন্ত
বস্ত্ৰহীন আভৰণহীন ৰামধেনুৰঙী ঋজু দেহা
মৃত্যুকো অমৰ কৰা নন্দিত স্বৰ্গৰ অপাপ সৌন্দৰ্য্য
সেয়া যেন আমাৰ বাবে যুগ যুগৰ
নুবুজা-নভঙা সাঁথৰ,
নে আকাশৰ সিপাৰৰ নেদেখা আকাশ,
কোটি তৰাৰ উজানৰ নীলাভ সাগৰ
নে ছাঁ-জোনাকৰ নন্দিত ক’লাজ নুবুজা-নিবিড় ৰাতি,
ঠেহ পতা সপোনৰ ওঁঠৰ নীৰৱ-নিজান ভাষা
জীৱন-মহাজীৱন বৰ্ষাস্নাত অমৃত আৱাহনী
কাব্য-মহাকাব্যৰ পাতে পাতে তোমাৰ মধুময় প্ৰেমগাথা,
সংঘাত আৰু কলিজাৰ তেজ-লগা
বিৰহৰ ছাটি-ফুটি, দীঘল হুমুনিয়াহ
ধেৎতেৰি, তুমিতো কাহানিও নুবুজা
এই অঁকৰা প্রেমৰ কবিক
তোমাৰ লাহি আঙুলিৰ স্পৰ্শত আন্দোলিত
মেঘ-মাটি-আকাশ মোৰ স্বপ্নৰ কবিতাৰ
মৌৰঙী এজাকমান কিনকিন্ বৰষুণ
নাঙলৰ সীৰলুত দেখোঁ অঙ্কুৰিত আশাৰ
সোণালী শস্য বসন্তৰ ৰাশি ৰাশি পূৰঠ বীজ
বৰ্তমান হালি পৰা পকাধান, ভৱিষ্যত
মোৰ আঙুলিৰ আঁক-বাক পাহ-মেলা হেঁপাহৰ
কাহানিও নোগোৱা গান
উদুলি-মুদুলি বুকু, সোণালী সুৰৰ দেউল যেন হৃদয়
এদোন নহয দুদোন নহয়, যেন এপৃথিৱী সুগন্ধি
ৰ’দ, সেউজীয়া ঘাঁহনিত স্বপ্ন চিৰন্তন
মোৰ ৰাতিৰ উশাহ হাঁহি থকা দুপাহি হাচনাহানা
নদী জোনাক, তুমি নিশা-নিবিড় থুপি থুপি নিশিগন্ধা
বকুল-তগৰ অশ্ৰু আমোলমোল আশা-ৰঙা বুকুৰ
তুমি লখিমী-চোতাল মোৰ
ফুলে ফুলে তোমাৰ আঙুলিৰ ফুটুকী পখিলা
তৰাই তৰাই তোমাৰ ওঁঠৰ মাণিকী-মৌ
থুপি-থুপি ভালপোৱাৰ ছয়াময়া হেঙুলীয়া আখৰ
কেনেকৈ পাহৰো তুমিয়ে মোৰ সপোন আৰু
উশাহৰ
আৰম্ভণি
কিচিৰ-মিচিৰ পক্ষীৰ কল-কাকলি হৈ টোপনিৰপৰা
তুমিয়ে মোক জগাই দিয়া ৰাতিৰ শেষ প্ৰহৰত
নতুন সপোন আৰু সংগ্ৰামৰ বাবে
পৃথিৱীৰ যুদ্ধভূমিত
ৰ’দ-জোনাকৰ মায়াময় ছাঁৰ দৰে
বুকুৰ কাষত থিয় দি তুমিয়ে
মোৰ দিঠক, মোৰ কাব্যময় প্ৰভাতৰ
চিৰ আপোন
চিৰ প্ৰিয় নাৰী
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment