মাছৰ চকুলো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

মাছৰ চকুলো

 

মাছৰ চকুলো 


                     ৰাতুল চেতিয়া ফুকন

                       চৰাইদেউ, সোণাৰি


জাতিৰ দুচকুত দেখিছোঁ 

মাছৰ চকুলো।

পৰাজিত সৈনিক যেন বিষাদগ্ৰস্ত প্ৰজা ।

ৰং চোৱা সেনাপতি অনেক

ৰণচালি তালিভুলিৰে ভৰা বীৰৰ বচন

পিছে সকলো পৰে তল

নহ'লে যে ৰজাৰ আদেশ।

চোতালৰ চপনিয়াই দিয়ে গৃহস্থলৈ হুংকাৰ 

নাজানো কাৰ চক্ৰান্তৰে সিহঁত বলিয়ান ।

বাধ্যত নে প্ৰলোভনত

বহু সচেতন এতিয়া অচেতন।

যাৰ বাবে 

জাতিৰ দুচকুত দেখিছোঁ 

মাছৰ চকুলো।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages