নিয়ন্ত্ৰণ কৰিব তোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নিয়ন্ত্ৰণ কৰিব তোক

 

নিয়ন্ত্ৰণ কৰিব তোক 


                           হৰেন চন্দ্ৰ কলিতা 

                     বটদ্ৰৱা বৰহিছা, নগাওঁ


অসমৰ উজনি নামনি কৰি একাকাৰ 

বছৰি বছৰি আহ ত‌ই বলিয়া বান,

যুগে যুগে ত‌ই অসমীয়া ভাই-ভনী হঁতক 

কিহৰ অপৰাধত কৰিছহি  হায়ৰাণ ?


অতি নিমাখিত মোৰ অসমীয়া ভাইহঁত 

কৃষি কৰ্ম‌ই সিহঁতৰ মূল জীৱিকা,

প্ৰতি বছৰে ত‌ই সিহঁতৰ শস্য নষ্ট কৰি 

জীৱনবোৰলৈ আনিছ বিভীষিকা।


ত‌ই যোৱাৰ পাছত বেমাৰ ব্যাধি আহে 

ভা‌ইহঁতৰ চিকিৎসাৰ বাবে নাথাকে ধন,

অভাৱ অনাতনে দেখা দিয়েহি যেতিয়া 

নাথাকে সিহঁতৰ জীয়াই থাকিবৰ মন।


প্ৰতি বছৰে  আহি ত‌ই কালৰূপ নধৰিবি

চেনেহৰ ভাইহঁতক নিদিবিহি শোক,

নহ'লে প্ৰতিৰোধৰ চক্ৰবেহুত সুমুৱাই 

অসমীয়াই নিয়ন্ত্ৰণ কৰিবৈ তোক।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages