চৰ-চাপৰিৰ অসমীয়া মই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

চৰ-চাপৰিৰ অসমীয়া মই


 চৰ-চাপৰিৰ অসমীয়া মই


                                           ছিদ্দিকুৰ ৰহমান

                                                     কয়াকুছি


মোক কি বুলি মাতিবা 

চৰুৱা, মিয়া, ন-অসমীয়া, অনা অসমীয়া 

অথবা বাংলাদেশী? 

মূৰত জাপি দিয়া হয় সন্দেহৰ ভাৰ।


আৰু কি বুলি মাতিবা আমাক?

পাহাৰ সম অপবাদেৰে 

আমাক হেয় কৰাৰ কছৰৎ?


জানি লোৱা-

আমি চৰ-চাপৰিৰ অসমীয়া 

খাটি খোৱা অসমৰ অসমীয়া।


কোনোবাই ক’ব পাৰা-

আমি বুকুৰ তেজেৰে গাওঁ আইৰে জয়গান, 

লুইতৰ পাৰৰে গৰ্বিত অসম সন্তান।


আমাক নুসুধিবা, আমাৰ পৰিচয় কি?

শংকৰ-আজানৰ দেশৰ সহযাত্ৰী আমি 

আমি কেৱল বুজো অসমী আই তোমাৰ, আমাৰ 

অসমী আইৰ বুকুৰ অমৃত পানেৰে 

জুৰাও মন প্রাণ, 

অসমী আইৰ সন্মান, মোৰো সন্মান

আৰু জানি লোৱা-

অসমী আইৰ বুকুত কাঁচিয়ালি ৰ’দত 

সোণালী ফচল ফলাও মই 

বানপানী, সংগ্ৰাম মোৰ চিৰ লগৰী 

ভগ্ন হৃদয়ক জয় কৰি 

বান্ধো নতুন ঘৰ। 

বালিচৰৰ সুগন্ধত উশাহ লও দীঘলকৈ 

আই অসমীৰ মমতাৰে তৃপ্ত হয় মন।


মোৰ পৰিচয় কি?

জানিবৰ মন গৈছে তোমাৰ? 

অসমীয়া মোৰ পৰিচয় 

জিকিৰ-জাৰীৰ সুৰত মন মতলীয়া 

বৰগীত গাই হও মই বলীয়া।


বিহু হ'ল মোৰ বাপতি সাহোন 

অসমীয়া পৰিচয় মোৰ 

চৰ-চাপৰিৰ সন্তান, 

অসমী আই মোৰ প্ৰাণৰো প্ৰাণ।


মই জ্যোতি-বিষ্ণু-ভূপেনদাৰ উত্তৰসুৰী 

জুবিন হ’ল আমাৰ প্ৰেৰণাৰ থল 

মই চৰ-চাপৰিৰ অসমীয়া 

এয়ে মোৰ পৰিচয়।


যুগে যুগে, জীৱনে-মৰণে 

মই ক’ম-

অসমীয়া ভাষা 

মোৰ ধমণীৰ মাজত, উশাহত, শোৱণত, খাৱনত 

বাজি থাকক চিৰদিন, চিৰকাল 

অতি আপোন মোৰ অসমী আইৰ বুকুত দেখো 

মোৰ যুগমীয়া সপোন।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages