ৰৈ থকা আৰু গৈ থকা
জিতেন নাথ
ডিমৌ মধুপুৰ, শিৱসাগৰ
ৰৈ থকা আৰু গৈ থকা
এই দুটা কথাই মাজে মাজে
বিপাঙত পেলায়।
কেতিয়াবা নিজকে সুধো:
মই গৈ আছোঁ নে ৰৈ আছোঁ
আপাত দৃষ্টিত গৈ থকা যেন লাগিলেও দকৈ গমি চালে
গৈ থকা যেন নালাগে দেখোন
দিন মাহ বছৰ বাগৰিলেই
গৈ থকা বুজায়নে ?
জীৱন সম্পৰ্কীয় এনে বহু কথাৰ সদুত্তৰ নোলায়
যুক্তি তৰঙাই মাথোন
নিজক পতিয়ন নিয়াঁও
ৰৈ থাকিও গৈ থকা বুলি
আভুৱা ভাৰি আত্ম প্ৰসাদ লভোঁ
আচলতে, খোজৰ সাঁচ নবহাকৈ গৈ থকা আৰু ৰৈ থকা একে কথা……
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment