জেঠ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

জেঠ

 

জেঠ


                 জিণ্টু চাংমাই

             চামগুৰি, নগাঁও


দুখৰ পিয়লাটো ক’ত কৰো নিৰুদ্দেশ 

সুখবোৰ কাৰাবন্দী কৰা হয় ক’ত?

প্ৰখৰ ৰ'দ হৈ নামিলেই মানুহ জেঠ


বুকুৰ কাৰাগাৰৰ চৌপাশে উদাস হাহাকাৰ 

ঈশ্বৰৰ নিৰ্ণয়ত জীৱনৰ ঠিকনাটো হেৰাল।


শেঁতা পৰা কৰুণ কাহিনীত পিতাইৰ পথাৰ

আইৰ জুহালত ভোক উতলে

ৰ’দ আৰু জুই মাজত জীৱন এচেৰেঙা


শূন্য জেপ আৰু জেঠ মানুহলৈ খৰাং

যন্ত্ৰণাৰ তাপ আৰু ভাপত সপোনলৈ খোজ কিমান?

জুইৰ কাহিনীত ৰাতিটো বিনিদ্ৰ ৰ’দ হোৱাৰ স্পৃহা জেঠ


মানুহ হোৱাৰ কাহিনীত দিনবোৰ ছুটি

ৰৈ যোৱাৰ সপোন এটা থৈ অজুহাতত কোন?

ক্ৰমশঃ

জীৱন উজু কবিতা নিজক লৈ কঠোৰ মানুহ 

লিখি থকাৰ মূহুৰ্ত কুশল প্ৰাৰ্থনাত কবি।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages