স্বৈৰান্ত্রিক বেথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

স্বৈৰান্ত্রিক বেথা

 

স্বৈৰান্ত্রিক বেথা


                     অবিনাশ বাস্তৱ 


বৰষুণ নোহোৱা এখন আকাশ 

এখন ৰাজ্য 

ক্ৰমাৎ —

শুই পৰা এখন বিল 

বোকাৰে লুতুৰি পুতুৰি এখিনি মানুহ 

তেওঁলোকৰ ভৰিবোৰত শিকলিৰ বান্ধ 

ওঁঠত লাগি আছে দোঁতাৰাৰ সুৰ 

সুৰত সুৰ মিলাই তেওঁলোকৰ খোজ 

খোজে পতি উলংগ কৰে 

নিজেই নিজকে 

জয় জয় মই মই ৰাজ্যৰ ৰজাগণ 

ৰজা-প্ৰজা সকলোৰে আছে 

ভোকাতুৰ সপোন 

ধৰ্ষিত হয় ইতিহাস 

ধৰ্ষিত হয় হাতবোৰ 

মাতবোৰো

জিলিৰ ঝিঁঝিঁয়নিত শুই পৰা 

গাঁওবোৰ আৰু সাৰ নাপায় 

নহয় — মানুহবোৰ......

মানসিক ৰোগত আক্ৰান্ত...... ?

নহয় — মানুহবোৰৰ......

সব চকু ফুটা গৈছে 

পাৰে যদি কোনোবাই চকু দান কৰক।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages