মই নোহোৱাৰ পাছতো সকলো আগৰ দৰেই থাকিব
পৰী গগৈ
ডিব্ৰুগড়
কোনোবা দিনা মই নীৰৱ হৈ ৰ’ম
মোৰ সকলো আশা আকাংক্ষা
সপোন স্তব্ধ হৈ ৰ’ব,
কথাবোৰ মৌন হ’ব।
সকলো একেই থাকিব
দিন ৰাতি আগৰ দৰেই পাৰ হ’ব ;
সময়বোৰ বাগৰিব
প্ৰকৃতিয়েও আগৰ দৰেই ৰূপ সলাব ।
গছ-গছনিয়ে চিৰসেউজ কৰি
পৃথিৱী শুৱনি কৰিব,
চৰাই-চিৰিকটিবোৰে
সময় চাই মাত দিব ।
ফুলবোৰো হালি-জালি ফুলিব
পখিলা, ভোমোৰাই আগৰ নিচিনাকৈয়ে
ফুলৰ ৰস চুহি খাব,
ফলবোৰ ডাল ভৰি লাগিব
আগৰ দৰেই।।
মই ভাল পোৱা সেই
নৈ খনো বৈ থাকিব
মাছ, কাছবোৰো ওমলি থাকিব,
কাষে কাষে কহুৱা বনবোৰো
বতাহত হালি থাকিব ।
মই খোজ দিয়া বাটেৰে
বহু বাটৰুৱাই অহা-যোৱা কৰিব,
ভৰিৰ গচকত ধূলি-বালি পোত যাব
সেই বাটেৰে মানুহ গ’লে
মোৰ দৰে গান এটি গুণগুণাই যাব
সকলো একেই থাকিব
সকলো আগৰ দৰেই হৈ থাকিব।
তথাপি ক’ৰবাত কোনোবাই
মই নোহোৱাৰ অনুভৱ কৰিব
গানবোৰে দুখ কৰিব,
প্ৰকৃতিয়ে বাট চাই ৰ’ব
শব্দবোৰে থুপ পাতি থাকিব
কাপ-কাকতে অপেক্ষাত থাকিব
কবিতাৰ শাৰীবোৰ লিপিবদ্ধ হ’বলৈ।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment