মই নোহোৱাৰ পাছতো সকলো আগৰ দৰেই থাকিব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

মই নোহোৱাৰ পাছতো সকলো আগৰ দৰেই থাকিব

 

মই নোহোৱাৰ পাছতো সকলো আগৰ দৰেই থাকিব


পৰী গগৈ

ডিব্ৰুগড়



কোনোবা দিনা মই নীৰৱ হৈ ৰ’ম

মোৰ সকলো আশা আকাংক্ষা 

সপোন স্তব্ধ হৈ ৰ’ব,

কথাবোৰ মৌন হ’ব।


সকলো একেই থাকিব 

দিন ৰাতি আগৰ দৰেই পাৰ হ’ব ;

সময়বোৰ বাগৰিব 

প্ৰকৃতিয়েও আগৰ দৰেই ৰূপ সলাব ।

গছ-গছনিয়ে চিৰসেউজ কৰি 

পৃথিৱী শুৱনি কৰিব,

চৰাই-চিৰিকটিবোৰে 

সময় চাই মাত দিব ।


ফুলবোৰো হালি-জালি ফুলিব 

পখিলা, ভোমোৰাই আগৰ নিচিনাকৈয়ে 

ফুলৰ ৰস চুহি খাব,

ফলবোৰ ডাল ভৰি লাগিব 

আগৰ দৰেই।।


মই ভাল পোৱা সেই 

নৈ খনো বৈ থাকিব 

মাছ, কাছবোৰো ওমলি থাকিব,

কাষে কাষে কহুৱা বনবোৰো 

বতাহত হালি থাকিব ।


মই খোজ দিয়া বাটেৰে 

বহু বাটৰুৱাই অহা-যোৱা কৰিব,

ভৰিৰ গচকত ধূলি-বালি পোত যাব 

সেই বাটেৰে মানুহ গ’লে 

মোৰ দৰে গান এটি গুণগুণাই যাব 

সকলো একেই থাকিব 

সকলো আগৰ দৰেই হৈ থাকিব।


তথাপি ক’ৰবাত কোনোবাই 

মই নোহোৱাৰ অনুভৱ কৰিব 

গানবোৰে দুখ কৰিব,

প্ৰকৃতিয়ে বাট চাই ৰ’ব

শব্দবোৰে থুপ পাতি থাকিব 

কাপ-কাকতে অপেক্ষাত থাকিব 

কবিতাৰ শাৰীবোৰ লিপিবদ্ধ হ’বলৈ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages